গুৱাহাটী : শেহতীয়াকৈ গুৱাহাটী মহানগৰীত হিউমেন মেটানিউমো ভাইৰাছ চমুকৈ এইচ এম পি ভিত আক্ৰান্ত ৰোগীৰ মৃত্য়ুক লৈ ৰাইজৰ মাজত আতংক সৃষ্টি হোৱাৰ সময়তেই আন এবিধ ভাইৰাছত প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰীয়ে । শেহতীয়াকৈ আতংকৰ সৃষ্টি কৰা সংক্ৰামক ৰোগবিধ হৈছে জি বি এছ ।
গুইলেইন-বেৰে চিণ্ড্ৰ'ম সংক্ষেপে জি বি এছত আক্ৰান্ত হৈ অসমৰ প্ৰথমগৰাকী ৰোগী মৃত্যুমুখত পৰিছে । এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে সোতৰ বছৰীয়া এগৰাকী কিশোৰী । এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা কিশোৰীগৰাকীৰ ঘৰ গুৱাহাটী মহানগৰীৰ পাথৰ কুঁৱেৰীত । যোৱা ২১ জানুৱাৰীৰ পৰা কিশোৰীগৰাকী চিকিৎসাধীন হৈ আছিল মহানগৰীৰ এখন নাৰ্ছিং হোমত । এই নাৰ্ছিং হোমখনত চিকিৎসাধীন অৱস্থাতেই শুকুৰবাৰে নিশা ৯:৩০ বজাত মৃত্যুমুখত পৰে কিশোৰীগৰাকী ।