গোৱালপাৰা, ১৭ মাৰ্চ:গোৱালপাৰা জিলাৰ শিঙিমাৰীৰ এছ বি এফ ইটাভাটাত সংঘটিত হৈছে অঘটন । এছ বি এফ ইটাভাটাটোত ১৪ বছৰীয়া কিশোৰী এগৰাকীয়ে ৰহস্যজনকভাৱে চিপ লৈ আত্মহত্যা । উল্লেখ যে গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত খৰমুজাস্থিত এছবিএফ ইটাভাটাত মালিকে বলপূৰ্বকভাৱে বনুৱা হিচাপে কামত নিয়োগ কৰিছিল কিশোৰীগৰাকীক । কিশোৰী গৰাকীক বলপূৰ্বকভাৱে কামত নিয়োজিত কৰা বাবেই আত্মহত্যা কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ইটাভাটা মালিকৰ বিৰুদ্ধে ।
চিপলৈ আত্মহত্যা কৰা কিশোৰীগৰাকীৰ ঘৰ বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত হাপাৰচৰ গাঁৱত । বিগত ৫ মাহ ধৰি কিশোৰীগৰাকীৰ পৰিয়ালটো ইটাভাটাত কাম কৰি আছিল । ইটাভাটাটোত পৰিয়ালৰ সৈতে কাম কৰিবলৈ অহা কৰ্মচাৰীসকলে ৰমজান মাহ উপলক্ষে ছুটি বিচাৰিছিল । কিন্তু ইটাভাটাৰ মালিকে ছুটি নিদিয়াকৈ এক প্ৰকাৰ পণবন্দী কৰি ৰাখিছে শ্ৰমিকসকলক । এই অভিযোগ উত্থাপন কৰিছে ইটাভাটাত কাম কৰিবলৈ অহা শ্ৰমিকসকলে ।