তিনিচুকীয়া, ৭ মাৰ্চ : তিনিচুকীয়াত ফুটিল আৰক্ষীৰ বন্দুৰ গুলী ৷ তিনিচুকীয়া আৰু মাকুম চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাৰ্য সংঘটিত কৰি নিশা আৰক্ষীৰ নিদ্ৰা হৰণ কৰা মাষ্টাৰ মাইণ্ড মুন্না শ্বাহক আৰক্ষীৰ এনকাউন্টাৰ । বৃহস্পতিবাৰে আৰক্ষীৰ গুলীয়ে ভেদিলে মুন্না শ্বাহ ভৰি । ফলত গুৰুতৰভাৱে আহত হয় অভিযুক্ত চোৰ মুন্না শ্বাহ ।
তথ্য অনুসৰি, তিনিচুকীয়া আৰু মাকুম চহৰত দীৰ্ঘ দিন ধৰি চুৰি কাৰ্য সংঘটিত কৰি সন্ত্ৰাস চলাই আছিল এই অভিযুক্ত চোৰটোৱে । বুধবাৰে নিশাও মাকুম চহৰত চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চাফাই অভিযান চলাইছিল অভিযুক্ত মুন্না শ্বাহৰ লগতে কেবাটাও চোৰে ৷
তিনিচুকীয়াত আৰক্ষীৰ এনকাউন্টাৰ এই কথা গম পাই পৰৱৰ্তী সময়ত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে তিনিচুকীয়া ৰাইডাৰ পাৰ্টিয়ে যুটীয়াভাবে চলাই অভিযান ৷ এই অভিযানতে বৃহস্পতিবাৰে পুৱতি নিশা তিনিচুকীয়াৰ পৰা আটক কৰিবলৈ সক্ষম হয় লোহাৰী কছাৰী গাঁৱৰ মুন্না শ্বাহক ।
অভিযুক্ত মুন্না শ্বাহে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ লওঁতে আৰক্ষীৰ গুলী লাগে মুন্না শ্বাহৰ বাওঁ ভৰিত ৷ প্ৰথমে গুলীবিদ্ধ মুন্না শ্বাহক চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।
উল্লেখ্য যে, বিগত কিছুদিন ধৰি তিনিচুকীয়াৰ নিউ মাৰ্কেট, মাকুম পথ, পৰ্বতীয়া, ন-পুখুৰী, এটি ৰ’ড, পুনৰ নিউ মাৰ্কেটৰ দুটা স্থানৰ সমান্তৰালভাৱে মংগলবাৰে নিশাও মাকুমৰ সুনিতা হাৰ্ডৱেৰ, ৰাজেশ ট্ৰেড এজেঞ্চী আৰু ভাৰত মেডিকেলৰ লগতে আন এখন ব্যৱসায়িক প্ৰতিষ্ঠানত ধাৰাবাহিকভাৱে সংঘটিত হৈছিল চুৰিকাণ্ডৰ ঘটনা ৷ যাৰ ফলত তিনিচুকীয়া আৰু মাকুম আৰক্ষীৰ নিদ্ৰাহৰণ হৈছিল ৷
কিন্তু মুন্না শ্বাহক আটক কৰিবলৈ সক্ষম হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে আৰক্ষীয়ে ৷ অৱশ্যে বৰ্তমানো পলাতক হৈ আছে অভিযুক্ত মুন্না শ্বাহৰ সহযোগীকেইটা ৷
লগতে পঢ়ক :জয়সাগৰত ৪ ছাগলী চোৰক উত্তম-মধ্য়ম সোধাই ৰাইজে গতালে আৰক্ষীক