অসম

assam

ETV Bharat / state

পুনৰ খুলি দিয়া হ'ল দর্পণ প'র্টেল, কিদৰে কৰিব আবেদন ? - HSLC Compartmental Exam 2024

HSLC Compartmental Exam 2024: একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে পুনৰ খুলি দিয়া হ'ল দর্পণ প'র্টেল । ২৮ জুনলৈকে শিক্ষার্থীয়ে পাব নামভৰ্তিৰ সুযোগ । কম্পার্টমেন্টেল উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে দৰ্পণ পৰ্টেলৰ জৰিয়তে নিজৰ মন পছন্দৰ মহাবিদ্যালয়ত কেনেকৈ আবেদন কৰিব পাৰিব জানো আহক ।

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 5:49 PM IST

Students who have passed compartmental will be able to get HS 1st year admission through Darpan Portal
পুনৰ খুলি দিয়া হ'ল দর্পণ প'র্টেল (ETV Bharat Assam)

গুৱাহাটী,২২ জুন: উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে শুকুৰবাৰৰ পৰা পুনৰ খুলি দিয়া হ'ল দর্পণ প'র্টেল । হাইস্কুল শিক্ষান্তৰ কম্পার্টমেন্টেল পৰীক্ষাৰ ফলাফল ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ খুলি দিয়া হয় প'ৰ্টেলটো । শুকুৰবাৰৰ পৰা ২৮ জুনলৈ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ সুযোগ ল'ব পাৰিব । শিক্ষা সংসদে জাৰি কৰা নির্দেশনা অনুসৰি বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে ছাত্র-ছাত্রীসকলে https://darpan.ahseconline.in বা www.ahsec.assam.govt.in ত অনলাইনৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব ।

পুনৰ খুলি দিয়া হ'ল দর্পণ প'র্টেল (ETV Bharat Assam)

মেট্ৰিকৰ কম্পার্টমেন্টেল পৰীক্ষাত উত্তীর্ণ হোৱা ছাত্র-ছাত্রীসকলক দর্পণ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ আবেদন কৰিবলৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আহ্বান জনাইছে । শিক্ষা সংসদৰ মতে অহা ৩ জুলাইৰ সন্ধিয়া ৫ বজাৰ ভিতৰত উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ নামভৰ্তিৰ সমগ্ৰ প্ৰক্ৰিয়াৰ অন্ত পৰিব । তাৰ পৰৱৰ্তী পৰ্যায়ত নামভর্তি সম্পর্কীয় কোনোধৰণৰ কাম-কাজ সম্পন্ন কৰা নহয় বুলি জাননী যোগে ঘোষণা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ।

দর্পণ পর্টেল কি ?

২০২৩-২০২৪ শিক্ষাবৰ্ষৰ উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভৰ্তিৰ অসমৰ বিভিন্ন মহাবিদ্যালয়ত দর্পণ প'র্টেলৰ জড়িয়তে পৰিচালিত হৈ আছে । প্ৰায় দুবছৰমান পূৰ্বে ৰাজ্য চৰকাৰে দৰ্পণ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ ব্যৱস্থা গ্ৰহণ কৰিছিল । পূৰ্বতে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠানলৈ গৈ নামভৰ্তিৰ বাবে আবেদন কৰিবলগীয়া হৈছিল ।

দৰ্পণ পৰ্টেলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পচন্দৰ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰে । এই পৰ্টেলৰ জৰিয়তে আবেদন কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ একপি পাচপৰ্ট ফটো, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ মাৰ্কশ্বিট, বেংকৰ পাচবুক, জাতিগত প্ৰমাণ পত্ৰ থাকিলে প্ৰমানপত্ৰ, ৰেচন কাৰ্ড থাকিলে ৰেচন কাৰ্ডৰ কপি আদিৰ প্ৰয়োজন হ'ব ।

লগতে পঢ়ক:কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা: 50,618 গৰাকী উত্তীৰ্ণ, উত্তীৰ্ণৰ হাৰ 42.56 শতাংশ - HSLC Compartmental Exam 2024

ABOUT THE AUTHOR

...view details