ETV Bharat / state

মৃণালিনী দেৱীক অসম সাহিত্য সভাৰ জীৱনজোৰা সাহিত্যপ্ৰাণ সন্মান - ASSAM SAHITYA SABHA

অসম সাহিত্য সভাৰ বিভিন্ন বঁটা ঘোষণা । সৰ্বশ্ৰেষ্ঠ জিলা সাহিত্য সভা ওদালগুৰি, সৰ্বশ্ৰেষ্ঠ শাখা বঁটা গোবিন্দ মিশ্ৰ শাখালৈ ।

Sahitya Sabha Pathsala session
অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ চতুৰ্থ দিন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 3, 2025, 10:25 PM IST

ভট্টদেৱ ক্ষেত্ৰ, পাঠশালা : অসম সাহিত্য সভাৰ বজালীৰ পাঠশালা অধিৱেশনৰ সোমবাৰে আছিল চতুৰ্থটো দিন । চতুৰ্থদিনা বিয়লি নৱনিৰ্বাচিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হয় দ্বিতীয় মুকলি সভা । এই সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° কুলধৰ শইকীয়াই । এই সভাত অৰুণাচল প্ৰদেশৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

অৰুণাচল প্ৰদেশৰ নিচি ইলাইট ছ'চাইটীৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট সাহিত্যিক হেৰি মাৰিঙে এই মুকলি সভাত পৰম সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে । সাহিত্য সভাৰ অধিৱেশনত অংশগ্ৰহণ কৰি মাৰিঙে কয়, "অসম উত্তৰ-পূৰ্বাঞ্চলৰ মাতৃ অথবা ডাঙৰ ভাই হয় । অসম সাহিত্য সভাৰ স'তে তেতিয়াৰ অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ সহযোগত আমি নিচি সমাজে সাংস্কৃতিক মৈত্ৰী সন্মিলনীও অনুষ্ঠিত কৰিছিলোঁ । অসমৰ ৰজাৰ দিনৰ পৰা অৰুণাচলৰ নিচি সমাজৰ স'তে বৈবাহিক সম্বন্ধ পৰ্যন্ত থকাৰ উমান পোৱা যায় । "

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ চতুৰ্থ দিন (ETV Bharat Assam)

সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা আদৰণী সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, অসম সাহিত্য সভাৰ বিদায়ী সভাপতি ড° সূৰ্যকান্ত হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱী, প্ৰাক্তন প্ৰধান সম্পাদক ড° জগদীশ পাটগিৰি, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত উপ-সভাপতি পদুম ৰাজখোৱা, বিদায়ী উপ-সভাপতি ডাঃ গিৰিশ সন্দিকৈকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

আনহাতে, অসম সাহিত্য সভাৰ দ্বিতীয় মুকলি সভাৰ আঁতধৰা সভাৰ বিদায়ী প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, "অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীক অসম সাহিত্য সভাৰ জীৱনজোৰা সাহিত্যপ্ৰাণ সন্মানৰ বঁটা আৰু অসম সাহিত্য সভাৰ সেৱাপ্ৰাণ বঁটা নৃপেন্দ্ৰ নাথ ভাগৱতীক কাইলৈ অসম সাহিত্য সভাৰ বঁটা বিতৰণী অনুষ্ঠানত প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক :এদিনতে ১০ খন কাপোৰ বব বিচাৰে নেকি ? এবিধ বিশেষ তাঁতশালৰ দ্বাৰা এইয়া সম্ভৱ - MAINA AUTOMATIC LOOM
লগতে পঢ়ক :অহৰহ জ্বলিছে ১০০ টা চৌকা, ব্যস্ত ৩৬৫ ৰান্ধনি: পাঠশালা অধিৱেশন লোকাৰণ্য - ASAM SAHITYA SABHA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.