দৰং, ৫ মে:গুৱাহাটীৰ ছাই বিকাশ একাডেমীত অধ্যয়নৰত অৰ্পিত জ্যোতি কাশ্যপ (১৭)ৰ আকস্মিক মৃত্যুৰ বতৰাই মঙলদৈত শোকৰ ছাঁ পেলাইছে । শিক্ষানুষ্ঠানখনৰ শিলপুখুৰীৰ চৌহদৰ নিচেই ওচৰতে থকা এটা পি জিত থাকি অধ্যয়ন কৰা অৰ্পিতৰ মৃতদেহ নিজ কোঠাতে কালি বিয়লি উদ্ধাৰ হয় । মঙলদৈ ক্লিনিকেল লেব'ৰেটৰীৰ স্বত্বাধিকাৰী তথা মঙলদৈ যক্ষ্মা গোটৰ এছটিএলএছ পবিত্ৰ ডেকা আৰু বন্দনা ডেকাৰ একমাত্ৰ পুত্ৰ সন্তান অৰ্পিত জ্যোতি কাশ্যপ ছাই বিকাশ একাডেমীৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল ।
প্ৰথম বৰ্ষত একাডেমীখনৰ গুৱাহাটীৰ আহোম গাঁও চৌহদৰ হোষ্টেলত থাকি অধ্যয়ন কৰিছিল যদিও তাত বিশেষ মন নবহাত নিজৰ শৈক্ষিক জীৱনক লৈ সন্দিহান হৈ পৰি বিষয়টো অভিভাৱকক অৱগত কৰে । অভিভাৱকে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত একাডেমীখনৰ শিলপুখুৰীলৈ অৰ্পিতক লৈ আনি ওচৰতে থকা এটা পি জিত ৰাখিছিল । যোৱা ৩ মে'ৰ নিশা ১১:৪৫ বজালৈ পিতৃৰ লগত কথা বতৰা হওতে অলপ গাটো বেয়া লগা বুলি অৰ্পিতে কোৱাত অভিভাৱকে ঔষধ সেৱন কৰি জিৰণি ল'বলৈ পৰামৰ্শ দিছিল । কিন্তু যোৱা ৪ মে'ৰ বিয়লিলৈ অৰ্পিতে পুৱা আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণ নকৰাত ভাৰাঘৰৰ গৰাকীৰ সন্দেহ ওপজাত দৰ্জাত টোকৰ দিয়ে যদিও কোনো সঁহাৰি নাপালে ।