অসম

assam

মহানগৰীৰ কেইবাটাও স্থানত কৰিব নোৱাৰিব পদপথৰ ব্যৱসায় - Street vendors in Guwahati

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 9:52 PM IST

Street vendors in Guwahati: গুৱাহাটী মহানাগৰিকৰ প্ৰতি মেয়ৰ মৃগেন শৰণীয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা । এতিয়াৰে পৰা গুৱাহাটীত বিদ্যালয়, মন্দিৰ, নামঘৰ চৰকাৰী কাৰ্যালয়ৰ সন্মুখত কৰিব নোৱাৰিব পদপথৰ ব্যৱসায় । দীঘলী পুখুৰীৰ পাৰৰ খাওগলী আঁতৰ কৰাৰ ইংগিত মেয়ৰৰ । নতুন ভেণ্ডিং জ'নৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা ।

Street vendors will not be allowed at several places in Guwahati city
পদপথৰ ব্যৱসায়ীলৈ নতুন নিৰ্দেশ (ETV Bharat Assam)

গুৱাহাটী, ২৯ জুন:গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীলৈ এক নতুন নিৰ্দেশ । মেয়ৰ মৃগেন শৰণীয়াই কৰিলে কেইবাটাও ঘোষণা । মহানাগৰিকৰ যাতায়ত তথা বিভিন্ন সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত য'তে ত'তে কৰিব নোৱাৰিব পদপথৰ ব্যৱসায় ।

গুৱাহাটীৰ ক'ত ক'ত কৰিব নোৱাৰিব পদপথত ব্যৱসায়

জি এম চিয়ে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট ভেণ্ডিং জ'নতহে কৰিব পাৰিব ব্যৱসায় । এতিয়াৰে পৰা গুৱাহাটীত বিদ্যালয়, মন্দিৰ, নামঘৰৰ সন্মুখত কৰিব নোৱাৰিব পদপথৰ ব্যৱসায় । চানমাৰী উৰণ সেতুৰ নিৰ্মাণ সম্পূৰ্ণ হ'লেই দীঘলী পুখুৰীৰ পাৰৰ খাওগলী আঁতৰ কৰাৰ ইংগিত মেয়ৰৰ । তেওঁ শনিবাৰে সংবাদ মাধ্যমৰ আগত কয়, "মহানাগৰিকৰ যাতায়তৰ প্ৰতি লক্ষ্য ৰাখি নতুন ভেণ্ডিং জ'নৰ ব্যৱস্হা কৰা হ'ব । মহানগৰীৰ শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয়, মন্দিৰ-নামঘৰ আদিৰ সমীপৰ পদপথত ন' ভেন্ডিং জ'ন হিচাপে শীঘ্রে পৌৰ নিগমে চিহ্নিত কৰিব । প্ৰথম অৱস্থাত ১০-১৫ স্থানত ন' ভেণ্ডিং জ'ন কৰা হ'ব ।"

মহানগৰীৰ কি কি উন্নয়ণমূলক কাম হাতত লৈছে গুৱাহাটী পৌৰ নিগমে

গুৱাহাটী পৌৰ নিগমৰ উজানবজাৰত থকা কার্যালয়ত শুকুৰবাৰে অনুষ্ঠিত সাধাৰণ সভাত মহানগৰীৰ উন্নয়ন সন্দর্ভত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । গুৱাহাটী পৌৰ নিগমৰ বহুকেইটা উন্নয়নমূলক প্রকল্প আধৰুৱা অৱস্থাত আছে । শেহতীয়া লোকসভা নির্বাচনৰ বাবে নির্বাচনী অধিসূচনা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত কাম-কাজবোৰ সমাপন কৰাত কিছু বাধ্যবাধকতাৰ সৃষ্টি হৈছিল । আধৰুৱা এই কামসমূহ তাৎক্ষণিকভাৱে সম্পূর্ণ কৰিবলৈ সভাত সিদ্ধান্ত লোৱা হয় বুলি মেয়ৰ মৃগেণ শৰণীয়াই উল্লেখ কৰে ।

বিশেষকৈ কেইবাটাও পথ আৰু নলা-নিৰ্মাণৰ কাম অসম্পূৰ্ণ হৈ আছে । জি এম চিৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি প্রায় ৩০০ টা পথ নিৰ্মাণৰ কাম বাকী আছে । ইয়াৰে অধিকাংশৰে আধাৰশিলা স্থাপন কৰা হৈছে যদিও নির্মাণকার্য এতিয়াও আৰম্ভ হোৱা নাই । আধৰুৱা কামবোৰ অহা দুমাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ।

অত্যাধুনিক টয়লেট স্থাপন

প্ৰথম পৰ্যায়ত মহানগৰীৰ ১০ খন বিদ্যালয়ত অহা নৱেম্বৰৰ ভিতৰত পৌৰ নিগমে অত্যাধুনিক টয়লেট নির্মাণ কৰিব । তদুপৰি মহানগৰীৰ ঠায়ে ঠায়ে পৌৰ নিগমে হাই মাষ্ট লাইট স্থাপন কৰিব । প্রতিটো ৱাৰ্ডত নতুনকৈ দুটাকৈ পাব্লিক টয়লেট স্থাপন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে । নামঘৰ, ক্লাব আদিৰ সমীপত অত্যাধুনিক টয়লেট স্থাপন কৰা হ'ব ।

লগতে পঢ়ক:পৌৰ নিগমৰ যানশালাত উৱলিছে কোটি টকাৰ সামগ্ৰী - Guwahati Municipal Corporation

ডাষ্টবিনত বেয়া কণী আৰু ব্ৰইলাৰৰ জীৱিত পোৱালী পেলাবলৈ আহি ৰাইজৰ ৰোষত যুৱকৰ দল - Young Men Caught Red Handed

পুনৰ সেউজ আৱৰণেৰে ঢাকি দিয়া হ’ল মৰা ভৰলুক, কিন্তু কিয় ? - Green Shade Net On Mora Bharalu

ABOUT THE AUTHOR

...view details