তিনিচুকীয়া, 18 মে’ :তিনিচুকীয়া জিলাৰ মাকুমত সংঘটিত হ’ল এক মৰ্মান্তিক ঘটনা । চিতাত তুলিবলৈ লোৱা এগৰাকী মহিলাৰ মৃতদেহ লৈ গ'ল আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা অনুসৰি, মাকুম লোহাৰীপট্টীৰ ভট্টাচাৰ্য উপাধিৰ এগৰাকী 65 বছৰীয়া অবিবাহিতা মহিলাই বায়েকৰ সৈতে বায়েকৰ ঘৰতে আছিল ।
মৃত মহিলাগৰাকীৰ ভাগিনীয়েকৰ ভাষ্য অনুসৰি মহিলাগৰাকী আগৰে পৰা অসুস্থ হৈ থকাৰ উপৰিও বৰ্তমান বতৰৰ বাবে কাঁহ চৰ্দিজনিত সমস্যাত ভুগি আছিল । ঔষধ-পাতি খুওৱাৰ পাচত সকলো ঠিকেই আছিল যদিও শুকুৰবাৰৰ ৰাতিপুৱা দেৰিলৈকে বিচনাৰ পৰা শুই নুঠাত মহিলাগৰাকীৰ ভাগিনীয়েকে পৰিয়ালটোক অসুস্থ মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যাবলৈ কৈ কামৰ বাবে ওলাই যায় ।
ইফালে চিকিৎসালয়লৈ মহিলাগৰাকীক লৈ যোৱা হয় যদিও চিকিৎসকে মৃত্যু ঘটা বুলি জানিবলৈ দিয়ে । মহিলাগৰাকীৰ মৃতদেহ ঘৰলৈ নি নিজৰ আত্মীয়সকলক মহিলাগৰাকীৰ মৃত্যুৰ খবৰ দিয়াৰ লগতে ওচৰ-চুবুৰীয়া সহিতে ৰীতি-নীতি সম্পন্ন কৰাৰ উদ্দেশ্যৰে মাকুম ৰাজহুৱা শ্মশানলৈ মৃতদেহটো লৈ যোৱা হয় ।