অসম

assam

ETV Bharat / state

বিনামূলীয়া চাউলত বিনামূলীয়া শিল-বালি-কচু-মাটি আৰু পাৰৰ পাখি - free govt rice scam - FREE GOVT RICE SCAM

Poor quality of free govt rice : আপোনাৰ ঘৰটো বিনামূলীয়া চৰকাৰী চাউলৰ ব্যৱহাৰ হয় নেকি ? তেনেহ’লে সাৱধান হওক ৷ দিন দুপৰতে চাউল নাবাচিলে ভাতৰ সলনি খাব লাগিব বৰবিহ...

free govt rice scam
বিনামূলীয়া চাউলত বিনামূলীয়া শিল, বালি, কচু, মাটি আৰু পাৰৰ পাখি (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 6:57 PM IST

মৰাণ, 6 জুন : খাদ্য সুৰক্ষা আঁচনিৰ জড়িয়তে চৰকাৰে ৰাজ্যখনৰ লাখ লাখ হিতাধিকাৰীক প্ৰতি মাহে প্ৰদান কৰিছে বিনামূলীয়া চাউল ৷ কিন্তু সাৱধান নহ'লে চৰকাৰী বিনামূলীয়া চাউল খাই বিপদত পৰিব পাৰে আপুনি । এই চৰকাৰী চাউলে আপোনাৰ দাঁত সৰোৱাৰ লগতে আপোনাৰ স্বাস্থ্যৰ বাবে বৰবিহস্বৰূপলৈহে পৰিণত হ’ব ৷

বিনামূলীয়া চাউলত বিনামূলীয়া শিল, বালি, কচু, মাটি আৰু পাৰৰ পাখি (ETV BHARAT ASSAM)

এইবাৰ ডিব্ৰুগড় জিলাৰ খোৱাঙত চৰকাৰৰ বিনামূলীয়া চাউলত ওলাইছে শিল, মাটি, বালি, কচু আৰু পাৰৰ পাখি । তাৰ পিচতেই জাঙুৰ খাই উঠে গ্ৰাহকসকলে ৷ গ্ৰাহকৰ অভিযোগ যে এনে চাউল মানুহে দূৰৰ কথা গাহৰিয়েও নাখায় ।

তাৰ পিচতে খোৱাঙৰ হালধিবাৰী সমবায় সমিতিৰ বিৰুদ্ধে উঠিছে পঁচা চাউল গ্ৰাহকক যোগান ধৰাৰ অভিযোগ । গ্ৰাহকৰ অভিযোগ অনুসৰি হালধিবাৰী সমবায় সমিতিৰ অধীনৰ বোকাহোলা বাঘতলি গাঁ‌ৱৰ সমবায় এজেণ্টজনৰ পৰা বিনামূলীয়া চাউল লৈ গৈছিল গ্ৰাহকসকলে । ঘৰত ৰান্ধনীয়ে ভাত ৰান্ধিবৰ সময়ত দেখা পায় চাউলত শিল, মাটি, বালি, কচু আৰু পাৰৰ পাখি মিহলি । অপৰিস্কাৰ চাউল দেখি হতবাক হৈ পৰে ৰান্ধনীসকল ।

লগ লগে গ্ৰাহকসকলে এজেণ্টক এই বিষয়ে অভিযোগ দিয়াত তেওঁ দোষ ঠেলে সমবায় সমিতিলৈ । এজেণ্টগৰাকীয়ে কোৱা অনুসৰি, চাউলৰ বস্তাসমূহত মেচিন চিলাইৰ বিপৰীতে আছিল হাত চিলাই । সমবায়ত তলত পৰা মলিয়ন চাউলসমূহ বস্তাত ভৰাই গ্ৰাহকলৈ পঠাইছে বুলি অভিযোগ কৰে ৷

ইফালে সমবায়টোৰ দায়িত্বত থকা লোকজনে এই কথাৰ প্ৰত্যুত্তৰত কয় যে, প্ৰতিজন গ্ৰাহকৰ বাবে নিৰ্ধাৰিত পৰিমাণৰ চাউল আহে ৷ কেতিয়াবা গুডামত থকাৰ সময়ত এই চাউলৰ বস্তাবোৰত নিগনিয়ে কুটে, ফলত বহু চাউল তলত পৰি যায় ৷ তেতিয়া মিলাবৰ বাবেই তলত পৰা মলিয়ন চাউল এজেণ্টক দিব লগা হয় বুলি অকপটে স্বীকাৰ কৰে ৷

এই খবৰ পোহৰলৈ অহাৰ পিচতে এতিয়া এইক্ষেত্ৰত ডিব্ৰুগড়ৰ এফ চি আই আৰু জিলা প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক:প্ৰৱেশপত্ৰ প্ৰদানত খেলিমেলিৰ অভিযোগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে

ABOUT THE AUTHOR

...view details