গুৱাহাটী : শ্ৰীভূমি জিলাৰ সহকাৰী আয়ুক্ত বাৰ্বী হাজৰিকাৰ পদত্যাগ । চাকৰিৰ পৰা পদত্যাগ কৰিলে এ চি এছ বিষয়া বাৰ্বী হাজৰিকাই । ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিষয়াগৰাকীৰ পদত্যাগ-পত্ৰ ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে অসমলৈ অহা বিদেশী প্ৰতিনিধিক দুৰ্ব্যৱহাৰ কৰি নিলম্বিত হৈছিল বিষয়াগৰাকী । লগতে ৰাজ্য চৰকাৰে বন্ধ কৰি ৰাখিছিল চাৰিটাকৈ ভাট্টা । ইয়াৰ পিছত ৫ জুনত বাৰ্বী হাজৰিকাৰ নিলম্বন প্ৰত্যাহাৰ কৰা হৈছিল আৰু শ্ৰীভূমি জিলাৰ সহকাৰী আয়ুক্ত হিচাপে তেওঁক নিযুক্তি দিয়া হৈছিল ।
পূৰ্বৰ নিলম্বন-পত্ৰ (ETV Bharat Assam) কিন্তু বাৰ্বী হাজৰিকাই চাকৰিৰ পৰা অব্যাহতি বিচাৰি আবেদন কৰে । ফলত চৰকাৰে তেওঁৰ পদত্যাগ-পত্র গ্ৰহণ কৰে । উল্লেখ্য যে ২০২২ চনৰ ২ জুনত অতিথিক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগত বাৰ্বী হাজৰিকাক চৰকাৰে চাকৰিৰ পৰা নিলম্বন কৰিছিল । সেই সময়ত তেওঁ কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । লগতে তেওঁ অতিৰিক্তভাৱে মাধ্যমিক শিক্ষা বিভাগৰ অ' এছ ডি হিচাপেও কৰ্মৰত হৈ আছিল ।
সেই সময়ত গুৱাহাটীত অনুষ্ঠিত এক্ট ইষ্ট পলিচিৰ সন্মিলনত অংশগ্ৰহণ কৰা ছিংগাপুৰৰ আৰু এছিয়ান প্ৰতিনিধিক তেওঁ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । বিদেশী প্ৰতিনিধি দলক অশালীন তথা অভব্য ব্যৱহাৰৰ কৰাৰ অভিযোগৰ বাবেই তেওঁৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা হৈছিল ।
বিশেষকৈ ছিংগাপুৰৰ এজন বিষয়াক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছিল বাৰ্বী হাজৰিকাৰ বিৰুদ্ধে । যাৰ বাবে ৰাজ্য চৰকাৰে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰিছিল । পৰৱৰ্তী সময়ত চৰকাৰে তেওঁৰ নিলম্বন প্ৰত্যাহাৰ কৰি তেওঁক সেই সময়ৰ কৰিমগঞ্জ আৰু বৰ্তমানৰ শ্ৰীভূমি জিলাৰ সহকাৰী আয়ুক্তৰ দায়িত্ব প্ৰদান কৰৰে । কিন্তু কি কাৰণত বাৰ্বী হাজৰিকাই পদত্যাগ কৰিলে সেই বিষয়ে জানিব পৰা হোৱা নাই ।
উল্লেখ্য যে, ২০১৬ বৰ্ষৰ এ চি এছ বিষয়া বাৰ্বী হাজৰিকা ২০১৬ বেটচৰ ৬ নং স্থান প্ৰাপক আছিল । শেহতীয়াকৈ বাৰ্বী হাজৰিকাই পদত্যাগ বিচাৰি আবেদন কৰে আৰু চৰকাৰে তেওঁৰ আবেদন গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।