ধেমাজি:আজি মহাশিৱৰাত্ৰি । পুৱাৰে পৰা বিভিন্ন শিৱ মন্দিৰত আৰম্ভ হয় শিৱ আৰাধানা । সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাৰ বিভিন্ন শিৱ মন্দিৰ শিৱ বন্দনাৰে মুখৰিত হৈ পৰিছে । হাতে হাতে ধূপ-চাকি-নৈবদ্য লৈ ভক্তই লৈছে সেৱা । বিশেষকৈ ধেমাজি জিলা তথা উত্তৰ পাৰৰ ধেমাজি সদৰৰ পৰা নিলগত ঘূগুহা নামৰ ঠাইত অৱস্থিত আহোমৰ ঐতিহ্য ঐতিহাসিক ঘূগুহা দ’লত দুদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে ঘূগুহা দ’ল উন্নয়ন সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত ৭৩ সংখ্যক মহা শিৱৰাত্ৰি মহোৎসৱ অনুষ্ঠিত হৈছে ।
ঘূগুহা দ’লত কেতিয়াৰ পৰা শিৱ পূজা কৰা হয়:
শিৱসাগৰৰ শিৱদ’লত শিৱৰাত্ৰিৰ মহা আয়োজন তথা উদুলি-মুদুলি পৰিৱেশৰ বিষয়ে সৰ্বজনবিদিত ৷ পিছে উত্তৰ পাৰৰ আন এটা আহোমৰ ঐতিহ্য ঘূগুহা দ’লতো আছে সেই পৰম্পৰা । ১৩৯৭ৰ পৰা ১৪০৭খ্ৰীঃত বামুনী কোঁৱৰ স্বৰ্গদেউ চুডাংফাই মাতৃ ঘূগু কুঁৱৰীৰ স্মৃতিত এই দ’ল নিৰ্মাণ কৰিছিল বুলি জনশ্ৰুতি আছে ।
কিন্তু প্ৰকৃততে কেতিয়াৰ পৰা শিৱপূজা কৰা হয় তাৰ সঠিক তথ্য নাই যদিও শিৱসাগৰৰ পৰা অহা এচাম লোকে হাবি-বন কাটি এই মন্দিৰভাগ উদ্ধাৰ কৰিছিল আৰু তেওঁলোকে পৰম্পৰা অনুসৰি প্ৰথমে পুজা আৰম্ভ কৰিছিল বুলি জনা যায় যদিও স্থানীয় ৰাইজে শিৱৰাত্ৰি উদযাপন কৰা ইতিমধ্যে ৭৩ বছৰত ভৰি থৈছে । এই ঐতিহাসিক দ’লৰ সৈতে সম্পৰ্ক ২৫ বিঘা পানীৰে আবৰা এখন বিলৰ । য’ত ৰাজকুঁৱৰীয়ে গা ধুইছিল । এতিয়া সংৰক্ষিত অৱস্থাত আছে বিলখন । য’ত এসময়ত অগণন ৰূপৰ মুদ্ৰা উদ্ধাৰ হৈছিল বুলি জনা যায় ৷
মহাশিৱৰাত্ৰি অবিহনেও ঐতিহাসিক দ’ললৈ পৰ্যটকৰআগমন হ’ব কিদৰে ?