চিৰাং,২৩ আগষ্ট:মেলেৰীয়া ৰোগ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বহু পদক্ষেপ । চিৰাং জিলাতো প্ৰশাসনে গ্ৰহণ কৰিছে বহু পদক্ষেপ । ইয়াৰ মাজতে শুকুৰবাৰে চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ত ভূটান চৰকাৰৰ স্বাস্থ্য সচিবৰ সৈতে ভাৰত-ভূটান সীমান্তত মেলেৰীয়া ৰোগ প্ৰতিৰোধ সন্দৰ্ভত অনুষ্ঠিত হয় এখন গুৰুত্বপুৰ্ণ সভা । উক্ত সভাত মেলেৰীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
এই বিশেষ সভাখনত উপস্থিত থাকে ভূটান চৰকাৰৰ স্বাস্থ্য সচিব দাচো পেমা ৱাংচুক, স্বাস্থ্য বিভাগৰ মুখ্য আয়োজক ডেকি য়াংজোম, প্ৰগ্ৰেম বিষয়া চোৰটেম নামগ, স্বেৰপাং জিলাৰ উপ-মুখ্য স্বাস্থ্য বিষয়া উগায়েন দৰ্জি, প্ৰগ্ৰাম বিষয়া উগায়েন জাংপো, গেলেফুৰ স্বাস্থ্য অধীক্ষক ডাঃ চোয়েদা গায়েল্টচেমসহ অসমৰ বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়া ভূপেন্দ্ৰ কৌৰ, চিৰাং জিলাৰ আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীসহ জিলা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকল ।