অসম

assam

ETV Bharat / state

সংবিধানত ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিৰ ৭৫ বছৰ উপলক্ষে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত সোনম ৱাংচুক - SEMINAR ON SIXTH SCHEDULE

Sixth Schedule: ষষ্ঠ অনুসূচীৰ অধীনত গঠন হৈছিল কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ । অধিক ক্ষমতা প্ৰদানৰ দাবী লাডাখৰ নেতাগৰাকীৰ ।

sonam-wangchuk at national level seminar
লাডাখী নেতা সোনম ৱাংচুক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 1:11 PM IST

ডিফু: ডিফুৰ আৰবৰেটামত অনুষ্ঠিত হৈছে ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিৰ ৭৫ বছৰ হোৱা উপলক্ষে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ ৷ ১৯৫২ চনত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠন হৈছিল কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ ৷ বৰ্তমান অসমত ষষ্ঠ অনুসূচীৰ অন্তৰ্গত তিনিখন পৰিষদ আছে ৷

অসমত ষষ্ঠ অনুসূচীৰ অন্তৰ্গতপৰিষদ কাৰ্বি আংলং, ডিমা হাছাও আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলে দীৰ্ঘদিনৰ পৰা ষষ্ঠ অনুসূচীৰ ক্ষমতা পৰ্যাপ্ত নহয় বুলি উল্লেখ কৰি পৃথক ৰাজ্যৰ দাবী জনায় আহিছে ৷ কিন্তু ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত এলেকাৰ মৰ্যদা প্ৰদান কৰা লাডাখৰ লাডাখী নেতা সোনম ৱাংচুকে লাডাখক ষষ্ঠ অনুসূচীৰ পৰিষদ দিবলৈ দাবী কৰি আহিছে ৷

লাডাখী নেতা সোনম ৱাংচুক (ETV Bharat Assam)

অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ প্ৰতি উপাচাৰ্য শিৱাশীষ বিশ্বাস আৰু শিলঙৰ নেহু বিশ্ববিদ্যালয়ৰ অধ্যাপক ভোলি ধনৰাজুৱে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অৰ্থ সাহাৰ্যত কালিৰ পৰা ডিফুৰ আৰবৰেটামত আয়োজন কৰিছে দুদিনীয়া আলোচনা চক্ৰ ৷

ষষ্ঠ অনুসূচীৰ সবিশেষ শিকিবলৈ আহিছো

এই আলোচনা চক্ৰৰ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট পৰিৱেশবিদ তথা ৰমন মেগাছেছ বঁটা প্ৰাপক লাডাখী নেতা সোনম ৱাংচুক, চিকিম বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা চিকিম চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা মহেন্দ্ৰ পি লামা আৰু কলকতা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক সমীৰ কুমাৰ দাসে ৷ পৰিষদৰ কলা-সংস্কৃতি বিভাগৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰৰ অধ্যাক্ষতাত হোৱা প্ৰথম পৰ্যায়ৰ আলোচনা চক্ৰৰ পিচত সোনম ৱাংচুকে সংবাদ মাধ্যমৰ আগত কয়," মই ষষ্ঠ অনুসূচীৰ সবিশেষ শিকিবলৈ আহিছোঁ ৷ ষষ্ঠ অনুসূচীৰ অধিকাৰ থকাৰ বাবে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ প্ৰকৃতি, জনজাতীয় জীৱন, পৌৰাণিক ৰীতি-নীতি বৰ্তি আছে ৷ সেয়ে কেন্দ্ৰীয় চৰকাৰক আমি ষষ্ঠ অনুসূচীৰ ক্ষমতা দাবী কৰি আছো ৷ ষষ্ঠ অনুসূচীৰ সকলো বিষয় আলোচনা হ’ব ৷"

য’ত কিছু কম আছে সেয়া ভাৰতীয় সংবিধানৰ ১২৫ তম সংশোধনীত সম্পূৰ্ণ হ’ব বুলি আশা কৰি তেওঁ কয়, "উত্তৰ-পূৰ্বাঞ্চলত থকা এই পৰিষদৰ ক্ষমতা লাডাখক দিব বুলি বিজেপি চৰকাৰে ২০১৯-২০ প্ৰতিশ্ৰুতি দিছিল ৷" ৱংচুকে কয় যে ২১ শতিকাতো ষষ্ঠ অনুসূচীৰ গ্ৰহণযোগ্যতা অধিক ৷ এই ক্ষমতাই জনজাতীয় লোকক অধিক সুৰক্ষিত কৰিব ৷ লাডাখত ৯৯% লোক জনজাতি ৷ কোম্পানীয়ে নিজৰ লাভৰ বাবে কাম কৰিব, কিন্তু ষষ্ঠ অনুসূচীয়ে হাজাৰ হাজাৰ বছৰৰ জনজাতীয় লোকৰ সংস্কৃতি আৰু পৰিবেশ সুৰক্ষিত কৰিব বুলি তেওঁ আশা কৰে ৷

ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যপদ্ধতি অধ্যয়ন

লাডাখী নেতা সোনম ৱাংচুকে সোমবাৰে হাফলঙত উপস্থিত হৈ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যপদ্ধতি অধ্যয়ন কৰে ৷ লাডাখৰ নেতাগৰাকীৰ আশা ষষ্ঠ অনুসূচীৰ অধীনত ডালাখ, লেহ আৰু কাৰ্গিল স্বায়ত্তশাসিত পৰিষদ দিলেই প্ৰকৃতি, মানুহ, সংস্কৃতি সকলো হাজাৰ হাজাৰ বছৰলৈকে সৰক্ষিত হ’ব ৷ যিটোৱে গোলকীয় উষ্ণতাৰ সমতা ৰক্ষা কৰিব ৷

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কলা-সংস্কৃতি বিভাগৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰৰ অধ্যক্ষতাত হোৱা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট লেখক তথা কলকতা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক সমীৰ কুমাৰ দাসেও ভাষণ আগবঢ়ায় ।

লগতে পঢ়ক:হাফলঙত লাডাখৰ ষষ্ঠ অনুসূচী আন্দোলনৰ অন্যতম নেতা চোনম ৱাংচুক

পাহাৰীয়া জিলাক স্বায়ত্তশাসিত ৰাজ্য ঘোষণা ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ - Autonomous State demand

ABOUT THE AUTHOR

...view details