শিৱসাগৰ :ৰাজ্যৰ ভিতৰত ইতিহাস সমৃদ্ধ জিলা হৈছে শিৱসাগৰ । আহোম ৰাজত্বৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক জিলাখনৰ ৰংপুৰ । আহোম ৰাজত্বৰ ৰাজধানী আছিল ৰংপুৰ । এই ৰংপুৰকে কেন্দ্ৰ কৰি ইয়াণ্ডাবু সন্ধিৰ পাছত গঠন হৈছিল শিৱসাগৰ জিলা । এই জিলাৰ সদৰ আছিল শিৱসাগৰ নগৰ । কিন্তু ক্ৰমান্বয়ে যেন অৱহেলিত হ'ব ধৰিছে শিৱসাগৰ জিলাৰ লগতে সদৰ শিৱসাগৰ । বিভিন্ন সময়ত ৰাইজে অভিযোগ কৰি আহিছে যে স্বাধীনতাৰ পাছৰে পৰা ঐতিহাসিক শিৱসাগৰ জিলাখনৰ বিশেষ কোনো উন্নয়ন হোৱা নাই ।
জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় স্থানান্তৰৰ সিদ্ধান্ত
শিৱসাগৰ সদৰত নাই লেখতলবলগীয়া কোনো শিক্ষা প্ৰতিষ্ঠান, চিকিৎসালয় বা আন কোনো ঔদ্যোগিক প্ৰতিষ্ঠান । ইমানৰ পাছতো কিন্তু ঐতিহাসিক ৰংপুৰৰ মৰ্যদা হানি কৰি ৰাজনৈতিক পৃষ্ঠপোষকতাত জিলাখনৰ এক চৰকাৰী কাৰ্যালয় শিৱসাগৰ সদৰৰ পৰা ডিমৌলৈ স্থানান্তৰিত কৰাৰ আদেশ দিছে চৰকাৰে । অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ প্ৰতিষ্ঠা কালৰে পৰা শিৱসাগৰ জিলাৰ সদৰত আছিল জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় । এই বিভাগৰ উদ্যোগত জিলখনৰ ক্ৰীড়া মহলৰ উন্নয়ন আৰু সম্প্ৰসাৰণ সম্ভৱ হৈছিল । কিন্তু ক্ৰীড়া সঞ্চালকৰ দ্বাৰা জাৰি কৰা এক আদেশৰ জৰিয়তে শিৱসাগৰ নগৰত থকা কাৰ্যালয়টো এতিয়া উঠাই নিয়াৰ আদেশ দিছে ডিমৌলৈ ।
"চৰকাৰৰ যদি ঠাই নাই মই দিম";অৰ্জুন ভোগেশ্বৰ বৰুৱাই কিয় ক'লে এই কথা ? (ETV Bharat) অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ সমালোচনা
এনে আদেশৰ উমান পাই ক্ষোভিত হৈ পৰিছে শিৱসাগৰৰ ক্ৰীড়া মহল । অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাই চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দিছে । তেওঁ চৰকাৰৰ সিদ্ধান্তক চৰম সমালোচনা কৰি কয় ,"যদি ক্ৰীড়া বিষয়াৰ কাৰ্যালয় শিৱসাগৰ সদৰত ৰাখিবলৈ চৰকাৰৰ ঠাই নাই তেন্তে ঠাই মই দিম । মোৰ ইয়ালৈ আনক ।"
স্থানীয় দল-সংগঠনৰ প্ৰতিক্ৰিয়া
ইফালে এই সন্দৰ্ভত শিৱসাগৰ ক্ৰীড়া সন্থাইও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই স্থানান্তৰকৰণ স্থগিত ৰাখিবলৈ ইতিমধ্যে শিৱসাগৰ সমষ্টিৰ বিধায়ক আৰু জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে জিলা ক্ৰীড়া সন্থাই । স্থানীয় দল-সংগঠনেও এই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সদৌ তাই আহোম ছাত্র সন্থাই এই স্থানান্তৰকৰণক লৈ তীব্ৰ বিৰোধ প্ৰদৰ্শন কৰি এই আদেশ বাতিল নকৰিলে আন্দোলনৰ হুংকাৰ দিছে । কেৱল এয়াই নহয় শিৱসাগৰ সদৰক লৈ কৰা এনে কাৰ্যক মুকলি ভাষাৰে সমালোচনা কৰিছে বিভিন্ন সংগঠনে । কোনো কাৰণতে শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় শিৱসাগৰৰ পৰা স্থানান্তৰিত কৰিব দিয়া নহ'ব বুলিও হুংকাৰ প্ৰদান কৰিছে ।
লগতে পঢ়ক :তিনিদিনৰ বাবে ডিব্ৰুগড়ৰ সচিবালয়ত থাকিব মুখ্যমন্ত্ৰী - DIBRUGARH SECRETARIAT