তিনিচুকীয়া: যীশুৰ প্ৰাৰ্থনাৰে ৰাজ্যৰ জিলাই জিলাই হিন্দু সনাতনী লোক ধৰ্মান্তৰিত হৈছে খ্ৰীষ্টিয়ানলৈ । তিনিচুকীয়া জিলাৰ ভিতৰুৱা অঞ্চলৰ ৰুগীয়া আৰু দৰিদ্ৰ পৰিয়াল হৈছে ধৰ্মান্তৰিত ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ বুঢ়ীদিহিং মৌজাৰ বালিজান, বোকাপথাৰ, দীঘলীপথাৰ, ন-কঁঠালগুৰি, চিকৰাজান, তৰাণি আৰু ৰতনিপথাৰ গাঁৱৰ ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ ১২ টাকৈ পৰিয়াল হৈছে খ্ৰীষ্টিয়ানলৈ ধৰ্মান্তৰিত ।
সমান্তৰালভাৱে তিনিচুকীয়া জিলাখনৰ মাকুমৰ লগতে কাষৰীয়া একাংশ গাঁৱৰ লোকো ধৰ্মান্তৰিত হোৱাৰ তথ্য আহিছে । সকলো তথ্য খুচৰি চালে নিশ্চিত হ’ব পাৰি যে একাংশ দৰিদ্ৰ, ৰুগীয়া আৰু বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত পৰিয়ালক লক্ষ্য কৰি লোৱা হৈছে ধৰ্মান্তৰিত কৰিবলৈ । মৰাণ জনগোষ্ঠীৰ পৰিয়াল খ্ৰীষ্টিয়ানলৈ ধৰ্মান্তৰিত হোৱা সন্দৰ্ভত কেইগৰাকীমান লোকে কৰা মন্তব্য অনুসৰি বিভিন্ন সমস্যা তথা ৰোগত ভুগি থকাৰ পাছত সমস্যাৰ সমাধান হিচাপে সকলোফালে দৌৰি দৌৰি কোনো সমাধান নাপাই অৱশেষত যীশুৰ নামত প্ৰাৰ্থনা কৰি লাভ কৰিছে সমাধান ।
এগৰাকী মহিলাই কয়,"ঘৰখনত অজস্ৰ সমস্যা তথা ৰোগে দেখা দিয়াৰ বাবে চিকিৎসা কৰিও কোনো লাভ হোৱা নাছিল । এটা সময়ত বেজ-বেজালি কৰি আৰু গোঁসাইৰ পৰা বিভিন্ন মাংগলিক কাম কৰিও সমস্যাৰ সমাধান নহ'ল । পৰৱৰ্তী সময়ত এগৰাকী লোকে যীশুৰ নামত প্ৰাৰ্থনা কৰিবলৈ দিহা-পৰামৰ্শ প্ৰদান কৰাত সমাধান লাভ কৰোঁ । বিগত দুটা বৰ্ষৰ পৰা ওচৰতে এটা ঘৰত যীশুৰ নামত প্ৰাৰ্থনা কৰাৰ পিছত বৰ্তমান ঘৰখনত সমস্যা আঁতৰিছে । আমি কোনোদিনে গীৰ্জাঘৰলৈ যোৱা নাই ।"