ETV Bharat / lifestyle

শীতকালত আমি কেইবাৰ আৰু কি শ্বেম্পুৰে মূৰ ধোৱা উচিত ? বিশেষজ্ঞৰ পৰা জানো আহক - WINTER HAIR CARE TIPS

শীতকালত চুলিৰ প্ৰতি অধিক সাৱধানতা অৱলম্বন কৰিব লাগে । কিন্তু এই সময়ছোৱাত আমি কিমানবাৰ চুলি ধোৱাটো উচিত এই বিষয়ে জনাটো প্ৰয়োজনীয়-

Winter Hair Wash
শীতকালত আমি কেইবাৰ আৰু কি শ্বেম্পুৰে ধোৱা উচিত ? বিশেষজ্ঞৰ পৰা জানো আহক (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Dec 6, 2024, 7:45 PM IST

চুলি যিমানেই যত্ন ল’ব সিমানেই শক্তিশালী হৈ থাকিব আৰু উজ্জ্বল হৈ থাকিব ৷ আমি যেনেকৈ আমাৰ স্বাস্থ্যৰ যত্ন লওঁ, তেনেকৈয়ে চুলিৰ যত্ন লোৱাটোও গুৰুত্বপূৰ্ণ ৷ আজিকালি বেছিভাগ মানুহেই অনিয়মিত জীৱনশৈলীৰ বাবে চুলি সৰা আৰু উফিৰ দৰে সমস্যাৰ সন্মুখীন হোৱা দেখা যায় ৷ চুলি সৰা বন্ধ কৰাটো সহজ নহয় ৷

চিকিৎসকে কয় যে, বহু কাৰণত চুলি সৰে, যেনে শৰীৰত ভিটামিনৰ মাত্ৰা কম হোৱা, জেনেটিক্স বা যিকোনো চিকিৎসাজনিত অৱস্থা ৷ শীতকালত চুলিক অধিক যত্নৰ প্ৰয়োজন হয় ৷ চুলিৰ বিশেষ যত্ন অতি গুৰুত্বপূৰ্ণ কাৰণ ঠাণ্ডা আৰু শুকান বতাহে চুলি শুকান বা দুৰ্বল কৰি তুলিব পাৰে ৷ গোটেই দিনটো বাহিৰত ঘূৰি ফুৰাৰ বাবে চুলি আৰু মূৰৰ ছালত ধূলি আৰু মলি জমা হয় ৷ যাৰ বাবে আমি লেতেৰা অনুভৱ কৰি চুলি ধুই দিও ৷ কিন্তু সপ্তাহত কিমানবাৰ ধুব জানো আহক ৷

কিমানবাৰ চুলি ধুব লাগে ?

চুলি ধোৱাৰ লগতে মূৰৰ ছালৰ যত্ন লোৱাটোও গুৰুত্বপূৰ্ণ ৷ শীতকালত চুলিৰ উন্নত স্বাস্থ্যৰ বাবে চুলি ধোৱাৰ পদ্ধতি অলপ বেলেগ ৷ ঠাণ্ডা বতৰত চুলিত প্ৰাকৃতিক তেল আৰু আৰ্দ্ৰতা থাকে, যাৰ বাবে চুলি কম শুকান হৈ পৰে ৷ বিশেষজ্ঞসকলে কয় যে, এই বতৰত চুলি বেছিকৈ ধোৱাৰ প্ৰয়োজন নাই ৷ শীতকালত সপ্তাহত ২-৩ বাৰ চুলি ধুলে ভাল ৷ বেছি ধুলে চুলি দুৰ্বল হয় ৷ অৱশ্যে আপোনাৰ চুলিৰ ধৰণৰ ওপৰতো নিৰ্ভৰ কৰে ৷

কুহুমীয়া তেল লগাব লাগে

শীতকালত চুলি ধোৱাৰ আগতে কুহুমীয়া তেলেৰে মালিচ কৰিব লাগে ৷ যদি আপোনাৰ চুলি তেলতেলীয়া হয় তেন্তে সপ্তাহত তিনিবাৰলৈকে চুলি ধুব পাৰে ৷ যদি আপোনাৰ চুলি শুকান তেন্তে সপ্তাহত দুবাৰকৈ চুলি ধুলে ভাল ৷ ইয়াৰ চুলি বেছি চিঙি নাযায় আৰু বেছি সময় ভালে থাকে ৷

কেনেধৰণৰ চেম্পুৰে চুলি ধুব ?

শীতকালত চুলি ধুবলৈ কোমল আৰু মইশ্ব’ৰাইজিং শ্বেম্পু ব্যৱহাৰ কৰিব লাগে ৷ শ্বেম্পুত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ যেনে, ছালফেট আদি থাকিব নালাগে কাৰণ এইবোৰে চুলিৰ প্ৰাকৃতিক আৰ্দ্ৰতাৰ ক্ষতি কৰে ৷ মৌ, নাৰিকল তেল বা আমলখি-মেথি আদি প্ৰাকৃতিক উপাদান থকা শ্বেম্পু চুলিৰ বাবে ভাল ৷ এইবোৰৰ পৰা চুলিত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে ৷

কণ্ডিচনাৰ লগাব লাগে

ইয়াৰ উপৰিও শ্বেম্পুৰ পিছত কণ্ডিচনাৰ ব্যৱহাৰ কৰাটোও অতি প্ৰয়োজনীয় ৷ ইয়াৰ ফলত চুলি কোমল আৰু মসৃণ হৈ থাকে ৷ চুলি ধোৱাৰ পিছত টাৱেল বা গামোচাৰে শুকুৱাই ল’ব নালাগে ৷ চুলিত হেয়াৰ ড্ৰায়াৰ কম ব্যৱহাৰ কৰক কাৰণ ইয়াৰ ফলত চুলি আৰু শুকান হ’ব পাৰে ৷ এইদৰে সৰু সৰু বস্তুবোৰৰ যত্ন ল’লে শীতকালত আপোনাৰ চুলি সুস্থ আৰু সুন্দৰ হৈ থাকিব ৷

লগতে পঢ়ক: চুলি খুব ফাটে নেকি ? তেন্তে অৱলম্বন কৰক এইসমূহ উপায় - Hair Care

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.