মেষ- দিনটোৰ আৰম্ভণিতে কোনো নতুন কামক লৈ মন উৎসাহী হৈ থাকিব ৷ শাৰীৰিক আৰু মানসিক স্থিতিয়ে উৎসাহ দুগুণ বৃদ্ধি কৰিব ৷ বন্ধু-বান্ধৱৰ সৈতে সময় কটাব পাৰে ৷ প্ৰেমত শুভ ৷ দুপৰীয়াৰ পাছত স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে ৷ বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক ৷ আৰ্থিক লেন-দেন কৰোঁতে সতৰ্ক হওক ৷
বৃষ- কোনো কথাক লৈ দোমোজাত পৰিব পাৰে ৷ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে মনত অসন্তুষ্টি থাকিব ৷ কাহ-চৰ্দিৰ সমস্যাত ভুগিব পাৰে ৷ কৰ্মক্ষেত্ৰত কামৰ বোজা বাঢ়িব ৷ ধাৰ্মিক কাৰ্যত অৰ্থ ব্যয় হ’ব পাৰে ৷ দুপৰীয়াৰ পাছত পৰিস্থিতি অনুকূল হ’ব ৷ কামত উৎসাহ বাঢ়িব ৷ আৰ্থিক লাভ হ’ব ৷ আজি বিনিয়োগৰ পৰা বিৰত থকাই মংগল ৷
মিথুন- আজি বন্ধুৰ পৰা সহায় লাভ কৰিব ৷ নতুন বন্ধু লাভ ৷ ভবাতকৈ অধিক আৰ্থিক লাভৰ সম্ভাৱনা ৷ চৰকাৰী কাম সহজতে সম্পন্ন হ’ব ৷ দুপৰীয়াৰ পাছত কিছু সাৱধানতা অৱলম্বন কৰক ৷ ধৰ্ম-কৰ্মৰ পৰা মন আঁতৰিব পাৰে ৷ আনৰ কাজিয়াৰ মাজত নোসোমাব ৷ আজি বিত্তীয় লেন-দেন নকৰিব ৷ পৰিয়ালৰ প্ৰতি চিন্তা হ’ব পাৰে ৷
কৰ্কট- আজি নতুন কাম কৰিবলৈ প্ৰেৰণা পাব ৷ কোনো কামত প্ৰয়োজন হ’লে জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ স্বাস্থ্য কিছু দুৰ্বল হ’ব ৷ আজি বেছি ঘূৰা-ফুৰা নকৰিব ৷ খং বৃদ্ধি পাব পাৰে ৷ দুপৰীয়াৰ পাছত শৰীৰ আৰু মন দুয়োটা সুস্থিৰ হ’ব ৷ ব্যৱসায়ী আৰু চাকৰিয়ালে কোনো গুৰুত্বপূৰ্ণ বৈঠকত ভাগ ল’ব পাৰে ৷
সিংহ- আজি দিনটোৰ আৰম্ভণিতে শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ কোনো কথাত খং উঠিব পাৰে ৷ দুপৰীয়াৰ পাছত পৰিস্থিতি সলনি হ’ব ৷ পৰিয়ালত শান্তি বৰ্তী থাকিব ৷ চাকৰীয়ালসকলৰ উচ্চ পদস্থ বিষয়াৰ সৈতে আলোচনা হ’ব পাৰে৷ কাৰ্যালয়ত কাৰো সৈতে বিবাদত লিপ্ত নহ’ব ৷ পৰিয়ালৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰিব পাৰে ৷ সাংসাৰিক জীৱন সুখৰ হ’ব ৷
কন্যা- আজি নতুন কামৰ আৰম্ভণি নকৰিব ৷ আধ্যাত্মিক ক্ষেত্ৰত আজি সিদ্ধি লাভৰ যোগ ৷ ধৰ্মীয় কাৰ্যত উপস্থিত থাকিব ৷ স্বাস্থ্যৰ অৱস্থা উন্নত হ’ব ৷ খং বৃদ্ধি পাব পাৰে ৷ যাৰ বাবে সময়মতে কাম সম্পূৰ্ণ কৰাত বাধা আহিব ৷ ধ্যান আৰু যোগৰ দ্বাৰা নিজৰ খং দমন কৰক ৷ ব্যৱসায়িক সহযোগীৰ সৈতে বিবাদত লিপ্ত নহ’ব ৷ প্ৰেমত সফলতা লাভৰ বাবে সংগীৰ কথাত গুৰুত্ব দিয়ক ৷ বিদ্যাৰ্থীৰ বাবে সময় মধ্যমীয়া ৷
তুলা- আজি সামাজিক কাৰ্যত প্ৰশংসা লাভ কৰিব পাৰে ৷ প্ৰিয় কাৰোবাক লগ পোৱাৰ বাবে মন উৎফুল্লিত হৈ থাকিব ৷ দাম্পত্য জীৱনত সুখ আৰু সন্তুষ্টি বৰ্তী থাকিব ৷ দুপৰীয়া আৰু বিয়লিৰ ভাগত নিজৰ কথাৰ ওপৰত সংযম ৰাখিব ৷ কৰ্মক্ষেত্ৰত বিবাদ হ’ব পাৰে ৷ ব্যৱসায়ীৰ বাবে সাধাৰণ দিন ৷ কৰ’বালৈ যোৱাৰ কথা যদি ভাবিছে তেন্তে সিদ্ধান্ত বাতিল কৰাই মংগল ৷ আধ্যাত্মিক সিদ্ধি লাভৰ যোগ ৷ ধৰ্মীয় কাৰ্যত ৰুচি বাঢ়িব ৷ বিদ্যাৰ্থীয়ে সফলতাৰ বাবে অধিক কষ্ট কৰিব লাগিব ৷
বৃশ্চিক- আজি আপোনাৰ দিনটো আনন্দৰে পাৰ হ’ব ৷ ব্যৱসায়ত অধিক ব্যস্ত থাকিব ৷ আৰ্থিক লাভ ৷ ৰাজনৈতিক বা সামাজিক বিষয়ৰ আলোচনাত আনৰ কথাত গুৰুত্ব দিব ৷ দাম্পত্য জীৱন সুখৰ হ’ব ৷ সামাজিক ক্ষেত্ৰত প্ৰশংসা লাভ ৷ প্ৰিয়জনৰ সৈতে সময় কটাব ৷ নতুন বাহন ক্ৰয় কৰিব পাৰে ৷
ধনু- আজি দিনটোৰ আৰম্ভণিতে শাৰীৰিক আৰু মানসিকভাৱে কিছু দুৰ্বল অনুভৱ কৰিব পাৰে ৷ কামৰ বাবে দৌৰ-ঢপৰা হ’ব পাৰে ৷ পৰিশ্ৰমৰ উচিত ফল নাপাবও পাৰে ৷ ব্যৱসায়ত অধিক লোভ নকৰিব ৷ চাকৰিয়ালে ভাল খবৰ লাভ কৰিব পাৰে ৷ দুপৰীয়াৰ পাছত শাৰীৰিক আৰু মানসিক স্থিতি অনুকূল হ’ব ৷ আজি ধৰ্মীয় কামত অংশ ল’ব পাৰে ৷ বিনিয়োগ কৰিব পাৰে ৷ বন্ধুত্ব কৰোতে সাৱধান হওক ৷
মকৰ- আজি অধিক সংবেদনশীল হ’ব পাৰে ৷ আপোনাৰ ভাৱনাক কোনোৱে আঘাত কৰিব পাৰে ৷ বাহন চলাওঁতে সাৱধান হওক ৷ কোনো নিৰাশাজনক চিন্তাৰ পৰা দূৰৈত থাকক ৷ কোনো কথাত নভবাকৈ সিদ্ধান্ত নল’ব ৷ পৰিয়ালৰ সৈতে মনোমালিন্য হ’ব পাৰে ৷ এই সময়ত নিজৰ কথাত সংযম ৰাখক ৷ কামৰ সফলতাৰ বাবে আজি অধিক প্ৰয়াস কৰিব লাগিব ৷
কুম্ভ- গুৰুত্বপূৰ্ণ কামৰ সিদ্ধান্ত আজি নল’ব ৷ নতুন কামৰ আৰম্ভণিৰ বাবে কিছু অপেক্ষা কৰক ৷ দুপৰীয়াৰ পিছত কোনো কথাক লৈ চিন্তা হ’ব ৷ চাকৰিয়ালে ওপৰৱালাৰ পৰা কথা শুনিবলগীয়া হ’ব পাৰে ৷ স্থায়ী সম্পত্তিৰ বাবে কৰা প্ৰয়াসত সফলতা নাপাবও পাৰে ৷ মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে ৷
মীন- আজি বেছিকৈ নিজৰ স্বাৰ্থৰ কথা নাভাবি আনক সহায় কৰক ৷ আত্মীয় আৰু ব্যৱসায়িক ক্ষেত্ৰত নিজৰ ব্যৱহাৰ ভাল কৰক ৷ জীৱন সংগীৰ বিবেচনাক সন্মান দিয়ক, আত্মীয়তা বৃদ্ধি পাব ৷ নতুন কামৰ বাবে উৎসাহী হ’ব ৷ আৰ্থিক বিষয়ত দোমোজাত পৰিব পাৰে ৷ কোনো বিনিয়োগৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লওক ৷