ETV Bharat / state

ইটাভাতাৰ প্ৰদূষণে কিমান ক্ষতি কৰিব পাৰে আপোনাৰ জানেনে ? - TB CASES IN ASSAM

ইটাভাতাৰ প্ৰদূষণৰ বাবে যক্ষ্মা ৰোগৰ সংখ্যা বৃদ্ধি । জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন ।

Increase of TB cases due to pollution of brick kilns in Sonitpur district
শোণিতপুৰত চলিত বৰ্ষত ৯২ শতাংশ যক্ষ্মা নিয়ন্ত্ৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 5 hours ago

তেজপুৰ: দিনকদিনে বৃদ্ধি পাইছে যক্ষ্মা ৰোগীৰ সংখ্যা । সমান্তৰালভাৱে যক্ষ্মা ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । ইয়াৰ মাজতে ইটাভাতাৰ পৰা হোৱা ভয়ংকৰ প্ৰদূষণৰ ফলত দুৰাৰোগ্য ৰোগ হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে শোণিতপুৰ জিলা যক্ষ্মা কেন্দ্ৰৰ বিষয়া তথা জ্যেষ্ঠ চিকিৎসক ডাঃ হিৰঞ্জন শইকীয়াই ।

এই সন্দৰ্ভত চিকিৎসকগৰাকীয়ে কয়, "এনেধৰণৰ প্ৰদূষণযুক্ত কাৰখানাৰ সমীপৰ লোকৰ যক্ষ্মা ৰোগ হোৱাটো স্বাভাৱিক । বৰ্তমান ভাৰত চৰকাৰৰ অধীনত শোণিতপুৰ জিলাক যক্ষ্মামুক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে জিলা যক্ষ্মা কেন্দ্ৰই । ২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগ নিৰাময় কৰাৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । তাৰ ভিতৰত শোণিতপুৰ জিলাকো অহা ২০২৫ ৰ ভিতৰত যক্ষ্মামুক্ত কৰিবলৈ বিভাগে ব্যৱস্থা গ্ৰহণ কৰি আহিছে ।"

শোণিতপুৰত চলিত বৰ্ষত ৯২ শতাংশ যক্ষ্মা নিয়ন্ত্ৰণ (ETV Bharat Assam)

লগতে ডাঃ শইকীয়াই কয়,"টিবি বা যক্ষ্মা হৈছে বায়ুজনিত সংক্ৰমণ, যি মাৰাত্মক হ’ব পাৰে । সক্ৰিয় যক্ষ্মা ৰোগত আক্ৰান্ত লোকে কাহ বা হাঁচি মাৰিলে বতাহৰ মাজেৰে এই বেক্টেৰিয়া বিয়পাই দিয়ে । এইচ আই ভিৰ দৰে ৰোগ প্ৰতিৰোধী ক্ষমতা দুৰ্বল লোকসকল টিবি ৰোগত আক্রান্ত হোৱাৰ আশংকা আছে । ইটাভাতাৰ পাৰ্শ্বৱৰ্তী এলেকাৰ লোকে এই ৰোগ প্ৰতিৰোধ কৰিবলৈ চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ লগত যোগাযোগ কৰিব লাগে ।"

তেওঁ কয়,"ইয়াৰ পৰা কৰ্কট ৰোগ হ'ব পাৰেনে নোৱাৰে সেই বিষয়ে বিশেষজ্ঞই ভালদৰে জানিব । ইটাভাতাৰ মালিকপক্ষক চিকিৎসা বিভাগৰ তৰফৰ পৰা সচেতন হ'বলৈ আহ্বান জনোৱা হৈছে যদিও তেওঁলোকৰ সহযোগিতা যথেষ্ট পৰিমাণে কম । শোণিতপুৰ আৰু বিশ্বনাথ জিলাত বৰ্তমান বহুসংখ্যক ইটাভাতা আছে আৰু বহু ইটাভাতাই উন্নত মানৰ প্ৰদূষণমুক্ত ধোঁৱা নিষ্কাষণ চিমনি অৰ্থাৎ জিগজাগ চিমনি ব্যৱহাৰ কৰা পৰিলক্ষিত হোৱা নাই । বিশ্বনাথ জিলাৰ বৰগাং, বিহালী, গহপুৰ অঞ্চলত প্ৰায় ৫০ টা ইটাভাতা আছে ৷ সমান্তৰালভাৱে শোণিতপুৰ জিলাত একমাত্ৰ খনামুখ অঞ্চলতে ২০ টা, কঁচুবিলত ২০ টা আৰু নপাম অঞ্চলত ১৫ টা ইটাভাতা আছে ।"

"মই মোৰ আত্মীয়ই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা প্ৰত্যক্ষ কৰিছোঁ । ভয়ানক প্ৰদূষণ আৰু ধোঁৱা সেৱন কৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে ।" এই মন্তব্য শোণিতপুৰৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ খনামুখৰ জিতুল কলিতাৰ । তেওঁ ই টিভি ভাৰতক কয়, "মোৰ মামা ৰাজগড়ৰ বাসিন্দা, মামাই বহুবছৰ ধৰি স্থানীয় ইটাভাতাত কৰ্মৰত আছিল ৷ বৰ্তমান দুৰাৰোগ্য কৰ্কট ৰোগৰ চিকিৎসা গ্রহণ কৰি আছে । একেই অৱস্থা অঞ্চলটোৰ ৰঙাজানত থকা লোকৰো ৷ কাৰণ অধিকাংশ ইটাভাতা এই অঞ্চলত আছে । অঞ্চলটোৰ অধিকাংশ লোক টিবি ৰোগত আক্ৰান্ত । ভাতাৰ পৰা ওলোৱা ভয়ানক ধোঁৱা-ধূলিৰ প্ৰদূষণৰ ফলত আক্ৰান্ত হয় ইয়াৰ সমাজ ।"

স্থানীয় আন এগৰাকী ব্যক্তি জোনটি নৰহে কয়,"খনামুখৰ পৰিস্থিতি দিনকদিনে ভয়ানক হৈ যাব ধৰিছে, বহুত হ'ল আৰু নালাগে ।" দৰাচলতে ৰাজহ চক্ৰটোৰ অন্তৰ্গত এই খনামুখত প্ৰায় ২০ টা ইটাভাতা আছে । ইয়াৰে প্ৰায় ৬ টা ভাতাই বৰ্তমান উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি জিগজাগ চিমনি ব্যৱহাৰ কৰিছে আৰু বাকী থকা সকলেও অহা মাৰ্চ মাহৰ ভিতৰত ব্যৱহাৰ কৰিব । এই ইটাভাতাসমূহৰ বাবে অসম চৰকাৰৰ জিলা ৰাজহ বিভাগে ভূমিৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰে ৷ যেনে- কোনসমূহ ভূমি ভাতাৰ ইটা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব ।

অর্থাৎ ইটা প্ৰস্তুত কৰিবলৈ মাটিৰ খনন কৰা অতি প্ৰয়োজনীয় । ৰাজহ বিভাগে খেতিৰ বাবে অনুপযোগী বুলি চিনাক্ত কৰি স্থানীয় ভূমি খননৰ বাবে অনুমতি প্ৰদান কৰাৰ পাছত ভাতাৰ ব্যৱসায়ীসকলে ইটা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে । ই এক চৰকাৰী নিয়ম, কিন্ত তাৰ মাজতে বহু অভাৱী লোকে সমীপৱৰ্তী খেতিৰ মাটি ইটাভাতাৰ বাবে বিক্ৰী কৰে বুলিও অভিযোগ উত্থাপিত হৈছে । সঘনাই মাটি খননৰ ফলত খনামুখৰ ভূমি এতিয়া যথেষ্ট পৰিমাণে দ হৈ পৰিছে ।"

ইফালে মোহন শৰ্মা নামৰ এজন স্থানীয় ব্যৱসায়ীয়ে কয়," খনামুখত বৰ্তমানলৈকে কোনোধৰণৰ প্ৰাকৃতিক দুৰ্যোগ হোৱা নাই । কিন্তু যি হাৰত মাটিৰ খনন হৈ আছে সেই হিচাপে আগন্তুক সময়ত ইয়াত ভয়ানক সংকট হ'ব পাৰে । খনামুখৰ পূবে কাষতে আছে জীয়া ভৰলী নদী আৰু পশ্চিমে জৰাসৰ আৰু দক্ষিণে মানচিৰি নদী । মাটি খননৰ ফলত পাৰ্শ্বৱৰ্তী অঞ্চল দ হৈ পৰিছে আৰু এতিয়া নদীসমূহ বাম হৈ পৰাত খহনীয়া হ'বলৈ ধৰিছে । অঞ্চলটোৰ ইটাভাতাৰ পৰা দৈনিক প্ৰায় ১২০ ট্ৰাক ইটা বিভিন্ন ঠাইলৈ পঠিওৱা হয় ।"

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি শোণিতপুৰ জিলাত বিগত ২০২০ চনৰ পৰা যক্ষ্মা ৰোগীৰ সংখ্যা আছিল ২৪৯৪ গৰাকী আৰু লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৪২৭০ গৰাকী, ২০২১ বৰ্ষত ৰোগীৰ সংখ্যা ২৬৮৫ গৰাকী আৰু লক্ষ্য আছিল ৪৪৬০, ২০২২ বৰ্ষত ৰোগীৰ সংখ্যা আছিল ৩৪৩৩ গৰাকী আৰু লক্ষ্য ৰাখিছিল ৪৩৮০, ২০২৩ বৰ্ষত ৰোগীৰ সংখ্যা ৩২৬৪ গৰাকী আৰু লক্ষ্য আছিল ২৯৫০গৰাকী ৷ অৱশ্যে ১১১ শতাংশ লোকে আৰোগ্য লাভ কৰিছিল । বৰ্তমান ২০২৪ বৰ্ষৰ নৱেম্বৰ মাহলৈ ৰোগীৰ সংখ্যা ২২৯৪ গৰাকী আৰু স্বাস্থ্য বিভাগে লক্ষ্য ৰাখিছিল ২৫২১ গৰাকীৰ ।

সেই অনুপাতে যক্ষ্মা বিভাগৰ কৃতকাৰ্যতা ৯২% বুলি জানিব পৰা গৈছে । অসমৰ স্বাস্থ্য বিভাগে মিত্ৰৰ জৰিয়তে জিলাসমূহত এই ৰোগৰ বিষয়ে সজাগতা বৃদ্ধি আৰু নিৰাময় কৰিবলৈ চহৰ-গাঁও সকলোতে অভিযান অব্যাহত ৰাখিছে বুলি ডাঃ হিৰঞ্জন শইকীয়াই উল্লেখ কৰে । এক তথ্য অনুসৰি প্ৰতি বছৰে জ্বলি যোৱা মাটিৰ পৰা তৈয়াৰ কৰা ইটাৰ পৰা অসমত প্ৰায় ২০ লাখ মেট্ৰিক টন কাৰ্বন নিৰ্গমন হয় । ৰাজ্যখনত প্ৰায় ১২৪২ টা কাৰ্যক্ষম পৰম্পৰাগত ইটাভাতা আছে, যিয়ে বছৰি প্ৰায় ৩৭,২৬০ লাখ ইটা উৎপাদন কৰে ।

বিশিষ্ট পৰিৱেশবিদ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ড৹ সঞ্জীৱ উপাধ্যায়ে ই টিভি ভাৰতক কয়,"ইটা নিৰ্মাণ কৰিবলৈ জ্বলোৱা ধোঁৱাৰ পৰা নিৰ্গত হোৱা কেদবীয়াম নামৰ পদাৰ্থৰ দ্বাৰা দুৰাৰোগ্য কৰ্কট ৰোগ হ'ব পাৰে । সচৰাচৰ ভাতাৰ চিমনিসমূহ ৯০ ফুটৰ ভিতৰত হ'ব লাগে ৷ কিন্ত বেছিভাগ চিমনি ৬০-৬৫ ফুটতে সমাপ্ত কৰে । ফলস্বৰূপে তাত জ্বলোৱা কয়লাৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু ইটা জ্বলোৱা ধোঁৱাৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক পদাৰ্থৰ সৰু সৰু কণিকাই মানুহৰ দেহত প্ৰৱেশ কৰে, যিসমূহ মানৱ দেহৰ বাবে সহনীয় নহয় ।"

তেওঁ পুনৰ কয়,"ইয়াৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক পদাৰ্থৰ পৰা নিৰ্গত হোৱা ছালফাৰডায় অক্সাইড আৰু নাইট্ৰেট বিশেষকৈ কেডমিয়াম পদাৰ্থই দেহৰ হাওঁফাওঁৰ ক্ষতি কৰে ।"

উল্লেখযোগ্য যে অসমৰ ইটাভাতাৰ উদ্যোগসমূহ প্ৰধানকৈ কয়লাচালিত ফিক্সড চিমনিৰ ওপৰত নিৰ্ভৰশীল । যাৰ ফলত যথেষ্ট পৰিমাণৰ কয়লা আৰু উৰ্বৰ মাটি নিঃশেষ হয় । এই পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত বছৰি ৬৬ৰ পৰা ৮৪ মেট্ৰিক টন CO2 নিৰ্গত কৰে আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে এই ধৰণৰ ভাতা পৰ্যায়ক্ৰমে বন্ধ কৰাৰ পৰামৰ্শ দিয়ে ।

লগতে পঢ়ক: ভূপেন বৰাই মোক নোবেল বঁটা দিব লাগে : কিয় ক'লে মুখ্যমন্ত্ৰীয়ে ? - JORHAT WATER SUPPLY PROJECT

গজৰাজক কোনে আঘাত কৰিলে ? মূৰত এতিয়াও সোমাই আছে এডাল ৰড - INJURED ELEPHANT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.