স্প’ৰ্টছ ডেস্ক: এডিলেইড অ’ভেলত অনুষ্ঠিত গুলপীয়া বলৰ দ্বিতীয়খন টেষ্টত হতাশাজনক প্ৰদৰ্শনৰ পিছত ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই শনিবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন টেষ্টত অংশগ্ৰহণ কৰিব ৷
গাব্বাত অনুষ্ঠিত হ’বলগীয়া এইখন টেষ্টত টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ী হ’বলৈ চেষ্টা চলাব ৷ কিয়নো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) 2025 ৰ ফাইনেলত স্থান লাভ কৰিবলৈ এইখন খেলত জয়লাভ কৰাতো দলটোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ৷
Adelaide ✅
— BCCI (@BCCI) December 11, 2024
Hello Brisbane 👋#TeamIndia | #AUSvIND pic.twitter.com/V3QJc3fgfL
যদিহে ভাৰতে এইখন টেষ্টতো অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়বৰণ কৰে, তেন্তে ডব্লিউ টি চি 2025 ৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জনৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পাব ৷ ইতিমধ্যে এই দৌৰত নামি পৰিছে অষ্ট্ৰেলিয়া, শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকাৰ দৰে তিনিটা শক্তিশালী দল ৷
অৱশ্যে আন এক উদ্বেগ বৃদ্ধিৰ কাৰণ হৈছে ভাৰতে একেৰাহে 4 খন টেষ্ট অৰ্থাৎ ঘৰুৱা শৃংখলাত নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন আৰু তাৰপিছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এডিলেইড টেষ্টত পৰাজিত হৈছে ৷
It is time to look ahead.
— BCCI (@BCCI) December 10, 2024
Preparations for the Brisbane Test starts right here in Adelaide.#TeamIndia #AUSvIND pic.twitter.com/VfWphBK6pe
অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে শুকুৰবাৰে তৃতীয় টেষ্টৰ পূৰ্বে দলটোৰ প্লেয়িং 11 ৰ নাম ঘোষণা কৰে ৷ দলটোত মাত্ৰ এটা সালসলনি ঘটোৱা পৰিলক্ষিত হৈছে ৷ দ্বিতীয় টেষ্টৰ পৰা বাদ পৰা জছ হেজলউডে তৃতীয় টেষ্টৰ প্ৰাকক্ষণত প্ৰত্যাৱৰ্তন কৰিছে দললৈ ৷
TIMINGS FOR AUS vs IND 3rd TEST MATCH :-
— 𝐈 𝐒how 𝐂ricket 🏏🇮🇳 (@ImGajananJoshi) December 12, 2024
1st Session - 5.50am To 7.50am
2nd Session - 8.30am To 10.30am
3rd Session - 10.50am To 1.20pm#AUSvIND #AUSvINDIA #AUSvsIND #INDvsAUS #INDvAUS #Gabba #BorderGavaskarTrophy pic.twitter.com/7Z1veJUKNq
ইফালে, ভাৰতে তেওঁলোকৰ বলিং লাইনআপত সামান্য পৰিৱৰ্তন ঘটোৱাৰ সম্ভাৱনা আছে ৷ এইখন টেষ্টত অনুৰাগীৰ দৃষ্টি অধিনায়ক ৰোহিত শৰ্মাৰ বেটিঙৰ ওপৰত থকাৰ আশা প্ৰকাশ কৰা হৈছে ৷ অৱশ্যে এতিয়ালৈকে অষ্ট্ৰেলিয়াত কোনো মেচ নেখেলা ফাষ্ট বলাৰ আকাশদীপে হৰ্ষিত ৰাণাৰ স্থান লোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে, ৰবীন্দ্ৰ জাদেজা বা ৱাশ্বিংটন সুন্দৰক ৰবিচন্দ্ৰন অশ্বিনৰ ঠাইত দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনাও নথকা নহয় ।
ভাৰত বনাম অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট মেচৰ সৈতে জড়িত সকলো গুৰুত্বপূৰ্ণ তথ্য:
- অষ্ট্ৰেলিয়া বনাম ভাৰতৰ তৃতীয় টেষ্ট মেচ কেতিয়া আৰু ক'ত অনুষ্ঠিত হ’ব ?
অষ্ট্ৰেলিয়া বনাম ভাৰতৰ তৃতীয়খন টেষ্ট মেচ 14-18 ডিচেম্বৰলৈ ব্রীছবেনৰ গাব্বা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ - ভাৰত বনাম অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট মেচৰ সময় কিমান ?
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন টেষ্ট ভাৰতীয় সময় অনুসৰি পুৱা 5.50 বজাৰ পৰা আৰম্ভ হ’ব । মেচখনৰ টচ পুৱা 5.20 বজাত অনুষ্ঠিত হ’ব । - এইখন মেচ টিভি আৰু অনলাইনৰ জৰিয়তে কেতিয়া আৰু ক’ত উপভোগ কৰিব পাৰিব ?
ভাৰতৰ 2024-25 বৰ্ষৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ আটাইকেইখন খেল ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্ক আৰু ডি ডি স্প’ৰ্টছ (বিনামূলীয়া) ত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অষ্ট্ৰেলিয়া বনাম ভাৰতৰ খেলসমূহ ডিজনী+হটষ্টাৰ এপ আৰু ৱেবছাইটত লাইভ ষ্ট্ৰীম কৰা হ’ব ।
লগতে পঢ়ক: বিস্ফোৰক বেটছমেনৰ প্ৰত্যাৱৰ্তনৰে গাব্বা টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ দল ঘোষণা