ETV Bharat / state

ভূপেন বৰাই মোক নোবেল বঁটা দিব লাগে : কিয় ক'লে মুখ্যমন্ত্ৰীয়ে ? - JORHAT WATER SUPPLY PROJECT

যোৰহাটত অভিলাষী পানী যোগান আঁচনিৰ ভূমিপূজন তথা শিলান্যাস কৰি মুখ্যমন্ত্ৰীৰ কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য ।

Jorhat water supply project
যোৰহাট পানী যোগান আঁচনিৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2024, 7:13 PM IST

যোৰহাট : শুকুৰবাৰে যোৰহাটত প্ৰায় ২২০ কোটি টকা ব্যয়সাপেক্ষে এখন অভিলাষী পানী যোগান আঁচনিৰ ভূমি পূজন তথা শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই পানী যোগান আঁচনিখনৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ পানী বোৱাই আনি ৰাইজক বিশুদ্ধ খোৱাপানী ২৪ ঘণ্টাই উপলব্ধ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

যোৰহাট নগৰৰ পৰা নিকটৱৰ্তী এলেংমৰা পহুমৰা গেজিঙত ২২০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পানী যোগান আঁচনিখন আগন্তুক এক-ডেৰ বছৰৰ ভিতৰত সম্পন্ন হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । লগতে এই আঁচনিখনৰ জৰিয়তে যোৰহাট নগৰবাসী উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰে ।

যোৰহাট পানী যোগান আঁচনিৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

পানী যোগান আঁচনিখনৰ ভূমি পূজনত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত মুখ্যমন্ত্ৰীয়ে কয়, "যোৰহাটত অনুষ্ঠিত কেবিনেটৰ সিদ্ধান্ত অনুসৰি এই পানী যোগান আঁচনিখন কৰা হৈছে । এই আঁচনিখনৰ বাবে ভাৰত চৰকাৰে ৫০ কোটি টকা আগবঢ়াইছে আৰু অসম চৰকাৰে ইয়াত ১৭০ কোটি টকা ব্যয় কৰিব ।"

আনহাতে, গুৱাহাটীৰ বৰাগাঁৱত সংঘটিত গণধৰ্ষণকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "গণধৰ্ষণত জড়িত বৰ্তমানলৈকে ৭ জনক আটক কৰা হৈছে আৰু দুজনক বিচাৰি অভিযান আৰম্ভ কৰা হৈছে । লগতে ভুক্তভোগী যুৱতীগৰাকীক চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে ।"

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নৱ-নিযুক্ত মন্ত্ৰীসকলক দবাখেলৰ মন্ত্ৰী বুলি উল্লেখ কৰা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "মুখ্যমন্ত্ৰী হিচাপে কাম ময়েই কৰিব লাগিব । বৰ্তমান অসমত দ্ৰুতগতিত জিলাই জিলাই অভিযান্ত্ৰিক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, মেডিকেল কলেজ স্থাপিত হৈছে । স্বচ্ছভাৱে ডেৰ লাখ নিবনুৱাক চাকৰি প্ৰদান কৰা হৈছে । সেয়েহে এনে কামৰ বাবে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মোক নোবেল বঁটা প্ৰদান কৰিব লাগে ।"

লগতে তেওঁ কয় যে যিগৰাকী জনপ্ৰতিনিধিয়ে ৰাইজলৈ পিঠি দিয়ে আৰু সমষ্টিৰ উন্নয়ন নকৰে তেনে জনপ্ৰতিনিধিক নিৰ্বাচনত হৰুৱাব লাগে । কাৰণ গণতন্ত্ৰত ৰাইজেই ৰজা । ইয়াৰ উপৰি যোৰহাটৰ আশ্ৰয়হীন আৰু অভিভাৱকবিহীন বা কোনো পৰিচয় নথকা ৰোগীৰ বাবে আশ্ৰয়গৃহ খোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে ।

লগতে পঢ়ক :১৫ ডিচেম্বৰত অসমৰ প্ৰায় ২০ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড - RATION CARD DISTRIBUTION
লগতে পঢ়ক :বিজেপিৰ নতুন চাৰি মন্ত্ৰী দবাখেলৰহে মন্ত্ৰী : ভূপেন বৰা - BHUPEN BORA SLAMS ASSAM CM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.