যোৰহাট : দিনজোৰা কাৰ্যসূচীৰে শুকুৰবাৰে যোৰহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীয়ে যোৰহাটত অনুষ্ঠিত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ উপৰি কেইবাখনো আঁচনি উদ্বোধন তথা শুভাৰম্ভণি কৰে ।
শুকুৰবাৰে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত বিকাশৰ এক যাত্ৰা কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰীয়ে এক বিশাল ৰাজহুৱা সভা সম্বোধন কৰে । উক্ত অনুষ্ঠানতে মাইক্ৰ'-ফাইনেন্সৰ ঋণ মাফৰ প্ৰমাণ-পত্ৰ প্ৰদান, প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত লোকক পুনৰ সংস্থাপনৰ বাবে এককালীন সাহাৰ্য, প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ বাবে এককালীন সাহাৰ্যৰ চেক প্ৰদান আদি আঁচনিৰ মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰে ।
এই অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, জয়ন্ত মল্লবৰুৱা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ভবেন্দ্ৰ নাথ ভৰালী, ৰূপজ্যোতি কুৰ্মীসহ বিজেপিৰ বহু নেতা-কৰ্মী উপস্থিত থাকে ।
আনহাতে, বাংলাদেশৰ পৰিস্থিত সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰক লৈ মই চিন্তিত । এই পৰিস্থিতি প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ কাৰ্যপন্থাৰে নিয়ন্ত্ৰণ কৰিব । বাংলাদেশত উদ্ভৱ হোৱা পৰিস্থিতিৰ কোনো প্ৰভাৱ এই মুহূৰ্তলৈকে অসমত পৰা নাই । অসম-বাংলাদেশ সীমান্তত কেন্দ্ৰীয় সুৰক্ষা বাহিনীক অসম আৰক্ষীয়ে সহায় কৰি আহিছে । সীমান্তৰে এতিয়াও বাংলাদেশী লোকৰ অনুপ্ৰৱেশ চলি আছে আৰু অনুপ্ৰৱেশৰ চেষ্টা চলোৱা বাংলাদেশীক সীমান্তত আটক কৰা হৈয়ে আছে ।"
আধাৰ কাৰ্ডৰ আবেদনৰ নতুন নিয়ম সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "২০১৪ৰ পাছত অসমত প্ৰৱেশ কৰা কোনো লোকে আধাৰ কাৰ্ড নাপাব ।"
ইফালে যোৰহাট-মাজুলী দলং নিৰ্মাণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, "যোৰহাট আৰু মাজুলী সংযোগী দলঙৰ নিৰ্মাণৰ কামৰ নিবিদা প্ৰক্ৰিয়া জানুৱাৰী মাহত আৰম্ভ হ'ব । ইতিমধ্যে উত্তৰ প্ৰদেশৰ কোম্পানীটোৱে কামৰ পৰা অব্যাহতি লৈছে । ফেব্ৰুৱাৰীৰ শেষত বা মাৰ্চত দলংখনৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ হ'ব ।"
তেওঁ লগতে উল্লেখ কৰে যে উজনি অসমৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম পূৰ্ণগতিত চলি আছে আৰু ২০২৫ চনৰ ফেব্ৰুৱাৰীত এই কাম সম্পূৰ্ণ হ'ব ।
ইয়াৰ উপৰি যোৰহাট মেডিকেল কলেজৰ আন্তঃগাঁথনি আটাইকেখন মেডিকেল কলেজতকৈ ভাল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় অভিভাৱকহীন ৰোগীৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা কৰা হৈছে ।
উল্লেখ্য যে আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় । তেওঁ কয় যে এতিয়া যদি কংগ্ৰেছ চৰকাৰত থাকিলহেঁতেন তেন্তে প্ৰত্যেক মাহে ৰাকেশ পালৰ জন্ম হ'লহেঁতেন । মুখ্যমন্ত্ৰীয়ে আজি যোৰহাটৰ লাচিত মৈদামো পৰিভ্ৰমণ কৰে ।