তিনিচুকীয়া: ৰাজ্য চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ, গৃহ (কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা) বিভাগৰ নৱ-নিযুক্ত মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই মন্ত্ৰিত্ব লাভ কৰাৰ পাছতে শুকুৰবাৰে প্ৰথমবাৰৰ বাবে উপস্থিত হয় গৃহজিলাত । গৃহজিলাত উপস্থিত হোৱাৰ পাছতে বৰগুৰিস্থিত ভাৰতীয় জনতা পাৰ্টিৰ জিলা কাৰ্যালয়ত নৱ-নিযুক্ত মন্ত্ৰীগৰাকীক ঢোলে-দগৰে উষ্ম আদৰণি জনাই ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলা সমিতিয়ে ।
তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বড়াই সভাপতিত্ব কৰা অনুষ্ঠানটোত আঁত ধৰে জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক চেতিয়াই । পৰৱৰ্তী সময়ত জিলা বিজেপিৰ হৈ সভাপতি কুশকান্ত বড়াৰ লগতে দলীয় কৰ্মকৰ্তাসকলে ফুলাম গামোচা, চেলেং, শৰাই, জাপি আৰু সম্বৰ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায় । তাৰ পাছতে জিলাখনৰ বিজেপি দলৰ ভাতৃ-ভগ্নী সংগঠনসমূহেও নৱনিযুক্ত মন্ত্ৰী ৰূপেশ গোৱালাক আদৰণি জনায় ।
আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি নৱ-নিযুক্ত মন্ত্ৰীগৰাকীয়ে "দলীয় কৰ্মকৰ্তাসকল অবিহনে মই আধৰুৱা" বুলি উল্লেখ কৰি দলীয় কৰ্ম-কৰ্তাসকলৰ সহযোগিতা আগন্তুক দিনসমূহতো এনেদৰেই পাব বুলি আশাপ্ৰকাশ কৰে । লগতে আগন্তুক দিনসমূহত শ্ৰমিকসকলৰ যাতে নিৰাপত্তা প্ৰদান কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে । যেনেদৰে কৃষক আগবাঢ়ি গ’লে দেশ আগবাঢ়ি যাব তেনেদৰেই শ্ৰমিক আগবাঢ়ি গ’লেহে দেশ আগবাঢ়ি যাব ।
ইফালে, তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণক মন্ত্ৰিত্ব কৰ্তন কৰি ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাক মন্ত্ৰিত্ব দিয়া কাৰ্যক তিনিচুকীয়াত আটছাই চাহ জনগোষ্ঠীয় বিধায়কসকলক ডলাৰ বগৰীৰ দৰে ব্যৱহাৰ কৰি এগৰাকীক মন্ত্ৰী কাটি আন এগৰাকীক মন্ত্ৰিত্ব দিয়া বুলি কৰা মন্তব্য সন্দৰ্ভত কৰা প্ৰশ্নত ফালৰি কাটি উত্তৰ প্ৰদান কৰে নৱনিযুক্ত মন্ত্ৰীগৰাকীয়ে ।
কিন্তু লক্ষণীয়ভাৱে আজিৰ অনুষ্ঠানটোত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনকে আদি কৰি জিলাখনৰ প্ৰায়সংখ্যক জ্যেষ্ঠ দলীয় কৰ্মকৰ্তা উপস্থিত থাকে যদিও তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ অনুপস্থিত থাকে ।