নগাঁও,৯ আগষ্ট:নগাঁও চহৰৰ মাজেৰে পাৰ হৈ যোৱা কলং নৈৰ সৈতে জড়িত হৈ আছে নগাঁওবাসীৰ আৱেগ-অনুভূতি । ব্ৰহ্মপুত্ৰ নদীৰ উপ নৈ ২৫০ কিলোমিটাৰ দৈৰ্ঘৰ এই কলং নদীক লৈ সৃষ্টি হৈছে বহু সাহিত্য, কবিতাৰ । কবি দেৱকান্ত বৰুৱা, মহিম বৰাৰ দৰে বহু বিশিষ্ট সাহিত্যিকৰ কলমেৰে সৃষ্টি হৈছে বহু কবিতা, বহু সাহিত্যৰ । এসময়ৰ প্ৰৱাহমান কলঙেই নগাঁৱৰ অন্যতম চিনাকি হিচাপেও পৰিচিত ।
কিন্তু এসময়ৰ বোৱতী কলং ক্ৰমাৎ স্তব্ধ হৈ পৰাত বিভিন্নজনৰ দাবীত কলং পুনৰ বোৱতী কৰাৰ প্ৰচেষ্টা হাতত লৈছিল বিগত বিজেপি চৰকাৰে । সেইমতে কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আগবঢ়াৰ সময়তেই কলঙক লৈ চিন্তিত হৈ পৰিছে বহু পৰিয়াল । এই কলঙে এতিয়া আনন্দ কাঢ়ি নিছে নগাঁৱৰ আনন্দনগৰৰ আনন্দ । কলঙৰ বাবেই এতিয়া আনন্দনগৰবাসীৰ চকুত চকুলো ।
কলঙে কেনেকৈ কাঢ়ি নিলে আনন্দনগৰবাসীৰ আনন্দ ?
হয়, কলং নদীয়েই যেন সকলো আনন্দ কাঢ়ি নিলে নগাঁৱৰ আনন্দনগৰবাসীৰ । আনন্দনগৰত এতিয়া নাই বিদ্যুৎ যোগান, বহুকেইটা পৰিয়াল আৱদ্ধ ঘৰৰ ভিতৰত । ওলাবলৈ নাই কোনো বাট-পথ । কাৰণ কলঙৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নগাঁও চহৰৰ সীমামূৰীয়া পলী ৰোড আনন্দনগৰত । ইতিমধ্যেই আনন্দনগৰৰ পথৰ এটা বৃহৎ অংশ পৰিছে কলঙৰ গৰাখহনীয়াৰ কৱলত ।
ঘৰৰ ভিতৰত পানী, বাহিৰত অব্যাহত খহনীয়া । বিদ্যুৎ খুঁটাও খহনীয়াত যাওঁ যাওঁ অৱস্থা । যাৰ ফলত এ পি ডি চি এল কৰ্তৃপক্ষই কৰ্তন কৰি ৰাখিছে বিদ্যুৎ সেৱা । তাৰ মাজতেই দিন অতিবাহিত কৰিছে কলংপাৰৰ আনন্দনগৰবাসীয়ে ।
কলঙক লৈ কিয় শংকিত বহু পৰিয়াল ?