মৰাণ, ৩১ মে':ডিব্ৰুগড়ৰ কেইবা স্থানতো ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এইবাৰ লৈছে ভয়ংকৰ ৰূপ । ডিব্ৰুগড় চহৰৰ মূল ৰিং বান্ধ পালেহি ডিব্ৰুগড়ৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া । বিগত কেইবাদিনো ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে বৰলুইতৰ জলস্তৰ । ইয়াৰ মাজতেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । ডিব্ৰুগড়ৰ আমোলাপট্টি টিংখাং মাটিকতাত ভয়াৱহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ।
জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ'বেগ আৰু পাৰ্কুপাইন স্থাপন কৰিছে যদিও বাধা দিব পৰা নাই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া । খহনীয়াস্থলীৰ পৰা ৰিং বান্ধলৈ মাত্ৰ সাত মিটাৰ দূৰত্ব বাকী থকাৰ ফলত আতংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ । যিকোনো মুহূৰ্ততে অঞ্চলটোৰ একমাত্ৰ সুৰক্ষা কৱচ ৰিংবান্ধটো উটুৱাই নিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । খহনীয়াই ভয়ংকৰ ৰূপ লোৱাত উজাগৰে দিন পাৰ কৰিছে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া ৰাইজে ।
তাতে আকৌ নেৰানেপেৰা বৰষুণৰ পাছতেই ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত বান হোৱাৰ সম্ভাৱনা অধিক হৈ পৰিছে । তেনেস্থলত বগীবিল আৰু ডিব্ৰুগড় চহৰ সংযোগী এই ৰিং বান্ধটো উটুৱাই নিলেই প্ৰায় ২৫ খন গাঁৱৰ উপৰিও ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰলৈও ভাবুকি কঢ়িয়াই আনিব বুলি উল্লেখ কৰে স্থানীয় ৰাইজে । অঞ্চলটোৰ বৃহত্তৰ ৰাইজৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত জিঅ' বেগ বা পাৰ্কুপাইনৰ পৰিৱৰ্তে ব'ল্ডাৰেৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ নৈপৰীয়াই দাবী জনাইছে ।