গুৱাহাটী: ১৭ ফেব্ৰুৱাৰীৰ পৰা হ’বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে বুধবাৰে দিছপুৰত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক । তিনিদিনীয়া চৰকাৰী দিল্লী ভ্ৰমণ সামৰি বিয়লি কেবিনেটত ভাগ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কেবিনেটত গ্ৰহণ পৰা সিদ্ধান্ত প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ জনসাধাৰণৰ সর্বাংগীণ কল্যাণ সাধনক অগ্রাধিকাৰ প্রদান কৰি বুধবাৰৰ আবেলিৰ কেবিনেট বৈঠকখনত বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয় ।
অসমীয়া ভাষাৰ শিক্ষক সেৱা ব্যৱহাৰত অনুমোদনৰ আৰা আৰম্ভ কৰি মূল্য সংযোজিত কৰ (VAT) ৰ সুৰুঙা প্ৰতিহতকৰণ, ৪ ছেপ্টেম্বৰ ২০১৩ তাৰিখে বা তাৰ আগতে নিযুক্ত ৭১খন পৌৰ পৰিষদৰ ১,০৪৪গৰাকী পৌৰ নিগমৰ কৰ্মচাৰীৰ সেৱা প্ৰাদেশিকীকৰণৰ বাবে অসম পৌৰ কৰ্মচাৰী (প্ৰাদেশিকীকৰণ) বিধেয়ক ২০২৫ অনুমোদনলৈ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় ৰাজ্যিক কেবিনেটে । কেবিনেটৰ বৈঠকৰ পিছতেই সংবাদমেল সম্বোধন কৰে শৰ্মা কেবিনেটৰ জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।
কেবিনেটৰ প্ৰধান সিদ্ধান্তসমূহ:
- মূল্য সংযোজিত কৰ (VAT) ৰ সুৰুঙা প্রতিহতকৰণত অনুমোদন:
মূল্য সংযোজিত কৰ (VAT) ৰ সুৰুঙা প্রতিহতকৰণৰ বাবে অসম মূল্য সংযোজিত কৰ (সংশোধনী) বিধি, ২০২৫ৰ খচৰাত বুধবাৰে অনুমোদন কেবিনেটৰ । বুধবাৰে পথ, ৰে'ল, নদী, বায়ু বা ডাকযোগে ৰাজ্যখনলৈ সামগ্রী আমদানিৰ ক্ষেত্ৰত চৰ্তাৱলী অৱগত কৰি ৰাজ্যৰ বাহিৰৰ পৰা কৰযোগ্য সামগ্ৰীৰ চলাচল নিৰীক্ষণ নিশ্চিত কৰাৰ বাবে অসম মূল্য সংযোজিত কৰ (সংশোধনী) বিধি, ২০২৫ৰ খচৰাত অনুমোদন জনায় কেবিনেটে ।
এই সংশোধনী বিধিৰ দ্বাৰা নিৰ্ধাৰিত নথিপত্র, বৈধ নথিপত্র অবিহনে অসমলৈ অহা ২৫০ লিটাৰতকৈ অধিক কোনো প্ৰকাৰৰ সামগ্রী বিতৰণ নিষেধত নির্দেশনা প্রদানৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও যিকোনো ব্যক্তিক অবিলম্বে পেট্র'ল আৰু ডিজেলৰ অবৈধ সঞ্চয়, বিক্ৰী আৰু পুনৰ বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হ’ব এই বিধিৰ জড়িয়তে । এই বিধিয়ে ৰাজহ সংগ্ৰহৰ বৃদ্ধিত অৰিহণা যোগাব বুলি আশা কৰা হৈছে ।
- একাধিক বিধিৰ অনুমোদন:
ৰাজহুৱা জলাশয়সমূহৰ জিলা পৰ্যায়ৰ সূচী প্রস্তুত কৰাৰ বাবে অসম নগৰীয়া জলাশয় (সুৰক্ষা আৰু সংৰক্ষণ) বিধি, ২০২৫ খচৰাত কেবিনেটে বুধবাৰে অনুমোদন জনায় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদৰি কৰে । ইয়াৰ উপৰিও, ৪ ছেপ্টেম্বৰ ২০১৩ তাৰিখে বা তাৰ আগতে নিযুক্ত ৭১খন পৌৰ পৰিষদৰ ১.০৪৪গৰাকী পৌৰ নিগমৰ কৰ্মচাৰীৰ সেৱা প্রাদেশিকীকৰণৰ বাবে অসম পৌৰ কৰ্মচাৰী (প্রাদেশিকীকৰণ) বিধেয়ক ২০২৫তো অনুমোদন জনায় কেবিনেটে । আন এখন বিধেয়ক অসম মাধ্যমিক শিক্ষা (প্রাদেশীকৃত বিদ্যালয়) সেৱা (পঞ্চম সংশোধনী) বিধি, ২০২৪ তো কেবিনেটে অনুমোদন জনায় ।