অসম

assam

ETV Bharat / state

গৱেষণাৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কছাৰী ৰজাদিনীয়া এক ভগ্নাৱশেষ - HISTORICAL MONUMENT OF KACHARI KING

গোলাঘাটৰ এটা অঞ্চল য'ত পোত খাই আছে বহুতো ঐতিহাসিক কীৰ্তিচিহ্ন ।

Historical monument of Kachari king
দৈয়াং-ধনশিৰিত ঐতিহাসিক কীৰ্তিচিহ্ন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 14, 2025, 6:13 PM IST

গোলাঘাট:ঐতিহাসিক সমলেৰে সমৃদ্ধ গোলাঘাট জিলাৰ দৈয়াং-ধনশিৰি অঞ্চলত আজিও পোত খাই আছে বহতো ঐতিহাসিক কীৰ্তিচিহ্ন ৷ স্থানীয় ৰাইজে ইয়াৰে কিছু উদ্ধাৰৰ বাবে চৰকাৰৰ সহযোগত প্ৰচেষ্টা অব্য়াহত ৰাখিছে । এই সমলৰ ভিতৰত অন্য়তম হৈছে কছাৰী ৰজাদিনীয়া বহু পুৰণি ভগ্নাৱশেষ । ইয়াতেই আছে ঐতিহাসিক শিলালিপি, মঠ-মন্দিৰ, পুখুৰী আদি।

ইতিহাস প্ৰসিদ্ধ স্থান ধনশিৰিৰ আছে বহু ঐতিহ্য তথা গৰিমা । ধনশিৰিৰ ইতিহাস প্ৰসিদ্ধ স্থানসমূহ গৱেষকসকলৰ বাবে এক প্ৰচুৰ সম্ভাৱনাৰ ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে ৷ সম্প্ৰতি এই স্থানসমূহত ক্ষেত্ৰ অধ্যয়নৰ বাবে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী,গৱেষকসকলৰ সোঁত বৈছে ।

দৈয়াং-ধনশিৰিত ঐতিহাসিক কীৰ্তিচিহ্ন (ETV Bharat Assam)

কছাৰী ৰজাদিনীয়া ভগ্নাৱশেষ :

২০১৬-২০১৮ চনতেই উদ্ধাৰ হৈছিল পূৰ্বৰ ধনশিৰি বৰ্তমানৰ সৰুপথাৰ সমজিলাৰ দুৱৰণি অঞ্চলৰ ১নং টেঙানি আলিছিঙাত এই ভগ্নাৱশেষ । উদ্ধাৰ হোৱা সম্পদসমূহৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা খৰ্গেশ্বৰ শ্যাম তুৰুং নামৰ লোকজনে এই সন্দৰ্ভত কয়, "হাফলু খান্দি উদ্ধাৰ কৰা হৈছে ইটাৰে নিৰ্মিত ভগ্নাৱশেষ । কছাৰী ৰজাদিনীয়া এই স্থানত হাফলু খান্দি উদ্ধাৰ কৰা এই ইটাৰে নিৰ্মিত ভগ্নাৱশেষে বহু ঠাই আৱৰি আছে । এই ইটা ভিন্ন প্ৰকাৰৰ । মুঠ চাৰি প্ৰকাৰৰ ইটাৰে নিৰ্মিত এই কছাৰী ৰজাদিনীয়া স্তুপবোৰ ।"

এই সন্দৰ্ভত দুৱৰণি শিৱ মন্দিৰৰ সভাপতি তথা স্থানীয় ব্যক্তি দৌলত কুমাৰে কয়, "১নং আলিছিগাত স্থানীয় ৰাইজে ডাঙৰীয়া পূজা কৰিছিল । পূজা-পাতল কৰোতে সেই স্থানতেই হাফলু দেখা পাইছিল । হাফলু খান্দোতেই উদ্ধাৰ হৈছিল ইটাৰে নিৰ্মিত সম্পদসমূহ । উদ্ধাৰ হোৱা সম্পদমূহ ১৬ শ শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে । পূৰ্বতে কছাৰী ৰজাদিনীয়া যাগ-যজ্ঞ কৰা স্থান বুলি স্থানীয় লোকে অনুমান কৰিছে । ২০১৬-২০১৮ চনতেই এই স্থানত উদ্ধাৰ হোৱা সম্পদসমূহ বৰ্তমান খননকাৰ্য বন্ধ ৰাখিছে । স্থানীয় ৰাইজে অনুমান কৰা অনুসৰি যদিহে খননকাৰ্য চলোৱা হয় তেন্তে ৰজাদিনীয়া বহু সম্পদ উদ্ধাৰ হ'ব ।"

প্ৰাণ পাব ঐতিহাসিক সূৰ্য মন্দিৰে :

এই দুৱৰণি অঞ্চলতে আছে এক পুৰণি সূৰ্য মন্দিৰ ৷ তেওঁ পুনৰ কয়, "ইতিমধ্যে উদ্ধাৰ হোৱা সম্পদসমূহ সম্প্ৰতি চৰকাৰৰ পুৰাতাত্ত্বিক আৰু প্ৰত্নতাত্ত্বিক বিভাগে পদক্ষেপ গ্ৰহণ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে । দুৱৰণি অঞ্চলৰ ১নং টেঙানি আলিছিঙাৰ পৰা কিছু দুৰৈত অৱস্থিত ঐতিহাসিক সূৰ্য মন্দিৰ । এই সূৰ্য মন্দিৰটো অহা ২১ ফেব্ৰুৱাৰীত সৰুপথাৰৰ বিধায়কৰ প্ৰচেষ্টাত নতুনকৈ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব । দুৱৰণি অঞ্চলতেই আছে ঐতিহাসিক কছাৰী ৰজাদিনীয়া শতায়ু গৰকা শ্ৰীশ্ৰী শিৱ মন্দিৰ ।"

১৯০৭ চনত স্থাপিত এটি শিৱ মন্দিৰ :

ধনশিৰিৰ দুৱৰণি গাঁৱৰ শিৱ মন্দিৰৰ সম্পৰ্কে মন্দিৰৰ প্ৰাক্তন সভাপতি দৌলত কুমাৰে কয় "এই মন্দিৰৰ আছে অলৌকিক মাহাত্ম্য । ১৯০৭ চনত স্থাপন হৈছিল এই মন্দিৰভাগ । জনশ্ৰুতি অনুসৰি ধনশিৰি মহকুমাৰ দুৱৰণি অঞ্চলত ঘন অৰণ্য কাটি বসতি স্থাপন কৰিছিল মানুহে । সেই অৰণ্যৰ মাজতেই উদ্ধাৰ হৈছিল এটি শিৱলিংগ । সম্ভৱতঃ তেতিয়াই প্ৰাণ পাইছিল শিৱ মন্দিৰভাগে । তেতিয়াৰে পৰাই মহাদেৱৰ বন্দনাৰে মুখৰিত হৈছিল ঐতিহ্যমণ্ডিত শিৱ মন্দিৰটি । কেৱল ইমানেই নহয়, তাৰ পিছতেই বিহাৰৰ পৰা ৰামলীলাৰ উদ্দেশ্যে আহিছিল বাবা পাৰশ নাথ দূৱে । জনশ্ৰুতি অনুসৰি বাবা পাৰশ নাথ দূৱেৰ হাততে ১৯০৭ চনত প্ৰাণ প্ৰতিষ্ঠা হৈছিল দুৱৰণি গাঁৱৰ শ্ৰীশ্ৰী শিৱ মন্দিৰ ।"

লগতে পঢ়ক:দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত জিলিকিব ঐতিহাসিক চৰাইদেউ মৈদাম - CHARAIDEO MAIDAM

আপোনাৰো মনত পৰি যাব এটি কলি-দুটি পাতৰ মাজৰ সেই চামেলীজনীলৈ... - ASSAM TEA TOURISM

ABOUT THE AUTHOR

...view details