অসম

assam

ETV Bharat / state

বানৰ মাজতে অঘটন : বানপীড়িতক পশু খাদ্য বিতৰণ কৰিবলৈ গৈ নাওসহ সন্ধানহীন ৭ জন - Assam Flood 2024

Majuli Flood : বানপীড়িতক পশু খাদ্য বিতৰণ কৰিবলৈ গৈ সন্ধানহীন ৭ জনকৈ লোক ৷ দক্ষিণ মাজুলীৰ কাৰ্তিক চাপৰি আৰু ভেকেলি চাপৰিত দলটোৱে সাহায্য দিবলৈ গৈছিল বুলি জানিব পৰা গৈছে ।

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 10:51 PM IST

MAJULI FLOOD SITUATION
পশু খাদ্য বিতৰণ কৰিবলৈ গৈ সন্ধানহীন ৭ জন (ETV BHARAT ASSAM)

যোৰহাট, 5 জুলাই : বানৰ তাণ্ডৱৰ মাজতে মাজুলীত অঘটন ৷ বানপীড়িতক পশু খাদ্য বিতৰণ কৰিবলৈ গৈ সন্ধানহীন ৭ জনকৈ লোক ৷ দক্ষিণ মাজুলীৰ কাৰ্তিক চাপৰি আৰু ভেকেলি চাপৰিত দলটোৱে সাহায্য দিবলৈ গৈছিল বুলি জানিব পৰা গৈছে। এখন ফেৰীৰে বান সাহায্য দিবলৈ গৈছিল দলটো ৷ ভৰা লুইতত ফেৰীখনে দিশ হেৰুওৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে এছ ডি আৰ এফ ৷

এই ঘটনাত সন্ধানহীন হৈছে সঞ্জীত শইকীয়া, বিপুল হাজৰিকা আৰু অজয় দাস নামৰ পশু চিকিৎসা বিভাগৰ লোককেইজন ৷ দলটোত আন ৪ জনকৈ শ্ৰমিকো আছে বুলি জানিব পৰা গৈছে। সন্ধানহীন দুজন ক্ষেত্ৰ সহায়ক আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। সন্ধানহীন হৈ থকা কেইজন পশু পালন বিভাগ আৰু অন্য বিভাগৰ। এই ঘটনাই এতিয়া সৰ্বত্ৰে সৃষ্টি কৰিছে আতংকৰ লগতে লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক :দুৰ্যোগৰ আন এক নাম গুৱাহাটী : এতিয়াও উদ্ধাৰ হোৱা নাই নলাত পৰি উটি যোৱা শিশু - Flash Flood in Guwahati

ABOUT THE AUTHOR

...view details