গোলাঘাট, 9 মে’ : গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত শাওতলী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । শাওতলী বাগিচাৰ মাটি দহ লাখ টকাত বিক্ৰী কৰাক লৈ পৰিচালকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজ তথা আটছাৰ । প্ৰতিবাদকাৰী ৰাইজে জানিবলৈ দিয়া অনুসৰি, বাগিচাখনৰ পৰিচালকগৰাকীয়ে এক বিঘাতকৈও অধিক মাটি গোপাল বৰা নামৰ এজন লোকক গোপনে বিক্ৰী কৰিছে । বাগিচাৰ সকলো নীতি-নিয়ম উলংঘা কৰি এনেদৰে বাগিচাৰ ভূমি বিক্ৰী কৰাক লৈ সৰৱ হৈ পৰিছে শাওতলী বাগিচাৰ শ্ৰমিক ৰাইজ ।
তাৰ পিচতে বৃহস্পতিবাৰে বাগিচাখনৰ ৰাইজে একত্ৰিত হৈ মাটি বিক্ৰীৰ বিৰুদ্ধে সৰৱ হৈ ওলাই আহে । শাওতলী বাগিচাৰ পৰিচালক হৃদয়ন বৰঠাকুৰৰ এই মইমতালিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিক ৰাইজ তথা আটছাৰ নেতাই ।
উল্লেখ্য যে, যোৱা শ শ বছৰ ধৰি বাগিচাত কাম কৰা শ্ৰমিকসকলে আজি পৰ্যন্ত নিজৰ নামত এটা ঘৰ নিৰ্মাণ কৰিবলৈ বাগিচা কৰ্তৃপক্ষৰ পৰা অনুমতি পাবলৈ সক্ষম হোৱা নাই তেনে ক্ষেত্ৰত কেনেদৰে এজন ব্যক্তিক বাগিচাৰ ভূমি বিক্ৰী কৰিবলৈ সক্ষম হৈছে সেয়া ৰহস্যজনক বুলি উল্লেখ কৰে আটছাই ।