ধেমাজি: অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে সকলোৱে যা-যোগাৰ কৰাত ব্যস্ত হৈ থকাৰ সময়তে ভোগালীৰ প্ৰস্তুতি এৰি প্ৰতিবাদত বহিল শ শ খিলঞ্জীয়া পুৰুষ, মহিলা । ধেমাজি জিলাৰ সহস্ৰাধিক ৰাইজে শুকুৰবাৰে চৰকাৰৰ বিৰুদ্ধে ল'লে ভূমি অধিকাৰ নোপোৱা পৰ্যন্ত সকলো নিৰ্বাচনত ভোট বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত ।
উত্তৰ ধেমাজি ভূমি অধিকাৰ দাবী সমিতিৰ উদ্যেগত আৰু উত্তৰ ধেমাজিবাসীৰ সহযোগত ভূমি জৰীপ কৰি ভূমি অধিকাৰ প্ৰদান কৰা দাবীত উত্তৰ ধেমাজিৰ ১নং শান্তিপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত কৰা বিশাল গণ সমাৱেশৰ জৰিয়তে অঞ্চলটো ৰাইজে লয় এই চূড়ান্ত সিদ্ধান্ত ।
- কিয় লবলগীয়া হ’ল চৰকাৰৰ বিৰুদ্ধে ভোটবৰ্জনৰ দৰে সিদ্ধান্ত ?
ভাৰত চৰকাৰ ভূমি অধিকাৰ আইন ২০০৬ ৰ অধীনত উত্তৰ ধেমাজি খিলঞ্জীয়া পৰিয়ালক একোখনকৈ হালধীয়া কাগজ প্ৰদান কৰিছিল যদিও বৰ্তমান সেই কাগজখন বিভিন্ন কাম-কাজত প্ৰয়োজ্য নোহোৱা হৈ পৰিল । ফলস্বৰূপে ভূমি অধিকাৰৰ বাবে অঞ্চলবাসীয়ে বাৰাম্বাৰ চৰকাৰক আৰু জনপ্ৰতিনিধিক জনাই অহাৰ পিছতো যুগ যুগ বাস কৰি থকা খিলঞ্জীয়া পৰিয়ালক ভূমি অধিকাৰ প্ৰদান নকৰাৰ অভিযোগ তুলি ক্ষুদ্ধ ৰাইজে ৰাজহুৱা গণ সমাৱেশ অনুষ্ঠিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ।
এই সন্দৰ্ভত উত্তৰ ধেমাজি ভূমি অধিকাৰ দাবী সমিতিৰ সভাপতি যাদৱ নাথে কয়, “অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ক'ব বিচাৰিছো যে আমি আন্দোলনৰ পথ সলনি কৰিছো । আমি স্পষ্টভাৱে প্ৰস্তাৱ গ্ৰহণ কৰিছো যে অদূৰ ভৱিষ্যতলৈ যি পৰ্যন্ত ভূমি অধিকাৰ আমাক দিব নোৱাৰে সেই পৰ্যন্তলৈকে কোনো এটা নিৰ্বাচনত আমি অন্তভুৰ্ক্ত নহওঁ । ইমানেই নহয় যি সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে । যি সীমাৰ পৰা জৰীপ কৰা নাই । সেই জৰীপ নকৰা অঞ্চলৰ পৰা সকীয়নি দিব বিচাৰিছো যে নিৰ্বাচন আহিলেই নেতাসকলক সেই ঠাইত প্ৰৱেশ বন্ধ কৰি দিয়া হ’ব । কোনো ফুলজাৰি মাৰি ভাষণ দিব নোৱাৰিব ।"
একেদৰে ভূমি অধিকাৰ দাবী সমিতিৰ উপদেষ্টা নিত্য পাৱে কয়, "চৰকাৰে আমাৰ সমস্যা সমাধান কৰক । অন্যথা সকলো নিৰ্বাচনৰ দৰে বৃহৎ অনুষ্ঠানৰ কাৰ্যসূচীত আমি অসহযোগ কৰিম । কাৰণ আমাৰ ভূমি অধিকাৰেই নাই ।"
আনহাতে ভূমি অধিকাৰ দাবী সমিতিৰ সম্পাদক দিলীপ খদালে কয়, “উত্তৰ ধেমাজিৰ আধা অংশ ভূমিৰেই আজিলৈকে জৰীপ কৰা নাই । অনাগত দিনত ভূমি অধিকাৰ নিদিলে আহি থকা পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জন কৰিলে চৰকাৰে বুজি পাব । যদি চৰকাৰে নুশুনে তেন্তে বিধানসভা নিৰ্বাচন, লোক সভা নিৰ্বাচন বৰ্জন কৰিম । তাতো নুশুনিলে গণতান্ত্ৰিক আন্দোলন কৰি কোনো ৰাজনৈতিক দলক ভোট ভিক্ষা কৰিবলৈ দিয়া ন’হব ।" এনেদৰে নেতাগৰাকীয়ে উদাত্ত ভাষণৰে উত্তাল কৰি তোলে গণ সমাৱেশ স্থলী ।
মন কৰিবলগীয়া যে চৰকাৰে খিলঞ্জীয়াৰ ভূমি অধিকাৰ আৰু সুৰক্ষাৰ স্বাৰ্থত এতিয়ালৈকে মিছন বসুন্ধৰা ৩ লৈকে কাম কাজ সম্পাদন কৰি থকাৰ সময়ত খিলঞ্জীয়া ৰাইজৰ এই প্ৰৱল প্ৰতিবাদ আৰু চৰকাৰ বিৰোধী কঠোৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।