ডিব্ৰুগড়: ক'ভিড ভয়াবহতাৰ পাছত দেশত পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে HMPV ভাইৰাছ । ক'ভিডৰ দৰে এই ভাইৰাছ ভয়ংকৰ নহয় বুলি চিকিৎসা বিশেষজ্ঞসকলে দাবী কৰিছে যদিও ক্ৰমাৎ এই HMPV ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । বেংগালুৰু, আহমেদাবাদৰ লগতে তামিলনাডুৰ বিভিন্ন প্ৰান্তৰৰ পাচত অসমত ধৰা পৰিছে প্ৰথমটো HMPV আক্ৰান্ত ৰোগী ।
লখিমপুৰৰ এটি ১০ মহীয়া শিশুৰ শৰীৰত ধৰা পৰিছে HMPV ভাইৰাছ । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে এই ১০ মহীয়া শিশুটি । অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই HMPV সম্পৰ্কত কয়, "ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এই বৰ্ষৰ প্ৰথমটো HMPV ভাইৰাছ শিশুৰ দেহত ধৰা পৰিছে ।"
AMCH ৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই আনুষ্ঠানিকভাৱে এই তথ্য সদৰী কৰি কয়, "যোৱা ৮ তাৰিখে এটা শিশু জ্বৰ আৰু পানী লগা হৈ অসম চিকিৎসা মহাবিদ্যালয়লৈ আহিছিল । নিয়মীয়া পৰীক্ষাত এই বৰ্ষত প্ৰথম শিশুটিৰ দেহত HMPV ধৰা পৰে যদিও বৰ্তমান শিশুটিৰ দেহত লক্ষণসমূহ হ্ৰাস পাইছে আৰু শিশুটি সুস্থ অৱস্থাত আছে ।"
তেওঁ লগতে কয়, "HMPV কোনো নতুন ভাইৰাছ নহয় । ২০১৪ চনৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ত ৰুটিন টেষ্টিং হৈয়ে আছে । সাধাৰণ জ্বৰত আক্ৰান্ত ৰোগীসকল এই ভাইৰাছৰ ফলতে আক্ৰান্ত হয় । ৫ বছৰ বয়সলৈকে শিশুসকলক প্ৰায়ে এই ভাইৰাছত আক্ৰান্ত হোৱা দেখা যায় । এইটো এটা সাধাৰণ ভাইৰাছ হিচাপেই গণ্য কৰা হয় । ইয়াক লৈ বিশেষ চিন্তা কৰিব লগা নাই ।"
অনাহকত আতংকিত নহৈ সাধাৰণ সাৱধানতাসমূহ অৱলম্বন কৰিবলৈ সকলোকে আহ্বান জনায় অধীক্ষকগৰাকীয়ে । লগতে AMCHৰ আছুতীয়া কক্ষত পিতৃ-মাতৃৰ সৈতে শিশুটিক চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে বুলিও জানিবলৈ দিয়ে ।