ETV Bharat / state

অপৰাধীৰ দৰে নগাৰ হাতত বন্দী হৈ কি চুক্তি কৰিলে অসম আৰক্ষীয়ে ? - NAGA MISCREANTS ATTACK ASSAM POLICE

চুক্তি কৰাৰ পিছত হে অসম আৰক্ষীৰ দলক মুকলি কৰি দিছিল নগাই । কি আছিল ঘটনাটো আৰু চুক্তিত কি কথা উল্লেখ কৰা হৈছে ?

Naga miscreants attack Assam Police
অপৰাধীৰ দৰে নগাৰ হাতত বন্দী হৈ কি চুক্তি কৰিলে অসম আৰক্ষীয়ে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 1:43 PM IST

যোৰহাট : শেহতীয়াকৈ নাগালেণ্ডত অসম আৰক্ষীৰ এটা দলক নগাই বন্দী কৰি ৰখাক লৈ ব্যাপক চৰ্চা চলি আছে । অভিযোগ অনুসৰি নাগালেণ্ডৰ বস্তিত কুখ্যাত গাড়ী চোৰক বিচাৰি অভিযান চলাবলৈ গৈ নিজেই নগাৰ হাতত বন্দী হৈছিল অসম আৰক্ষীৰ দলটো । লগতে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত অসম আৰক্ষীৰ দলটোক চোকা অস্ত্ৰৰে আক্ৰমণো কৰিছিল নগা দুৰ্বৃত্তৰ দলে ।

আনকি দুৰ্ধৰ্ষ অপৰাধীৰ দৰে অস্ত্ৰ-শস্ত্ৰ জমা দি নগাৰ ওচৰত আত্মসমৰ্পণো কৰিছিল অসম আৰক্ষীয়ে । তাৰ মাজতে এটা কথা পোহৰলৈ আহিছে । সেই সময়ত নগা আৰক্ষীৰ উপস্থিতিত অসম আৰক্ষীৰ দলটোৱে এক চুক্তি স্বাক্ষৰ কৰিছিল । সেই চুক্তিৰ পিছত অসম আৰক্ষীৰ দলটোক মুকলি কৰি দিছিল নগাই ।

অপৰাধীৰ দৰে নগাৰ হাতত বন্দী হৈ কি চুক্তি কৰিলে অসম আৰক্ষীয়ে (ETV Bharat)
  • নাগালেণ্ডত অসম আৰক্ষীৰ দলক বন্দী

জানিব পৰা মতে, সোমবাৰে সন্ধিয়া যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক কৌশিক কলিতা, টীয়ক থানাৰ আৰক্ষী বিষয়া গংগা ফুকন আৰু চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া যতীন বৰাসহ ১৬ জনীয়া আৰক্ষীৰ দল ৰাওনা হৈছিল নাগালেণ্ডৰ ইয়াচাং চি বস্তিলৈ । উদ্দেশ্য আছিল ইয়াচাং চি বস্তিত কুখ্যাত নগা গাড়ী চোৰ মাইনাক কৰায়ত্ত কৰা ।

Naga miscreants attack Assam Police
আবেদন (ETV Bharat)

কিন্তু ইয়াচাং চি বস্তিত গাড়ী চোৰক ধৰিবলৈ গৈ নগাৰ হাতত বন্দী হৈছিল যোৰহাট আৰক্ষীৰ দলটো । অৱশ্যে পিছত নগা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । কিন্তু সেই সময়ত অসম আৰক্ষীয়ে এখন চুক্তিত স্বাক্ষৰ কৰিছিল ।

Naga miscreants attack Assam Police
আবেদন (ETV Bharat)
  • নগা আৰক্ষীৰ উপস্থিতিত অসম আৰক্ষীৰ কিহৰ চুক্তি ?

জানিব পৰা মতে, নগাই নিশা বন্দী কৰাৰ পিছত নাগালেণ্ড আৰক্ষীৰ উপস্থিতিত এক চুক্তি স্বাক্ষৰ কৰিবলগীয়া হৈছিল অসম আৰক্ষীৰ দলটোৱে । যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক কৌশিক কলিতা আৰু নাগালেণ্ডৰ মাংকুলেম্বাৰ মহকুমা আৰক্ষী বিষয়া টি চুব্বা আওৱে স্বাক্ষৰ কৰা চুক্তিত অসম আৰক্ষীৰ দলটো ভুলক্ৰমেহে ইয়াচাং চি বস্তিত প্ৰৱেশ কৰা বুলি উল্লেখ আছে ।

Naga miscreants attack Assam Police
চুক্তি পত্ৰ (ETV Bharat)

যাৰ বাবে অসম আৰক্ষীৰ দলটোক গাঁওবাসীয়ে আৱদ্ধ কৰা বুলি উল্লেখ কৰি দুয়োপক্ষৰ মাজত হতাহতি হোৱা বুলিও কোৱা হৈছে চুক্তিত । এনে হতাহতিত অসম আৰক্ষীৰ এজন জোৱান আহত হোৱাৰ লগতে ২০ ৰাউণ্ড সজীৱ গুলীসহ এটা মেগজিন হেৰুওৱা বুলিও চুক্তিত উল্লেখ আছে । পিছত আঘাতপ্ৰাপ্ত জোৱানজনক প্ৰাথমিক চিকিৎসা কৰাই অসমলৈ পঠিয়াই দিয়া বুলিও উল্লেখ আছে চুক্তিত ।

অসম আৰক্ষীৰ দলটোৰ পৰিচয় লাভ কৰাৰ পিছতে আবদ্ধ অসম আৰক্ষীৰ দলটোক মুকলি কৰি দিয়া হয় বুলি কোৱা হৈছে চুক্তিখনত । উক্ত চুক্তিখনে অসম আৰক্ষীৰ অসহায় অৱস্থাটো প্ৰতিফলিত কৰিছে বুলি এতিয়া সকলোতে চৰ্চা হৈছে ।

লগতে পঢ়ক :এইবাৰ নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসম আৰক্ষী; আবদ্ধ আৰক্ষীৰ দলক উদ্ধাৰ - ASSAM POLICE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.