অসম

assam

ETV Bharat / state

চামগুৰিত ৰকিবুল হুছেইনক কিয় সকীয়নি দিলে সংখ্যালঘু বিজেপি নেতাই ?

গো-মাংস আৰু মিঞাৰ প্ৰসংগ উত্থাপন কৰা সাংসদ ৰকিবুল হুছেইনক সকীয়নি বিজেপিৰ সংখ্যালঘু নেতাৰ । মিঞা সম্প্ৰদায়ক অপমান কৰাৰ অভিযোগ ।

BJP leader warns Rakibul Hussain
চামগুৰিত ৰকিবুল হুছেইনক কিয় সকীয়নি দিলে সংখ্যালঘু বিজেপি নেতাই (ETV Bharat)

By ETV Bharat Assamese Team

Published : 21 hours ago

নগাঁও : চামগুৰি সমষ্টিৰ উপ-নিৰ্বচনত বিজেপিৰ বিজয়ৰ পিছতে নতুন বিতৰ্ক আৰম্ভ হৈছে । শেহতীয়াকৈ চামগুৰিৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে অভিযোগ কৰিছে যে গো-মাংসৰ ভোজ-ভাত পাতি বিজেপিয়ে মিঞাৰ ভোট লৈছে । চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছৰ পৰাজিত প্ৰাৰ্থী তানজিল হুছেইনৰ পিতৃ ৰকিবুল হুছেইনে সংবাদমেলত এই দাবী কৰাৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে ।

এনে বিতৰ্কৰ মাজতে ৰকিবুল হুছেইনক এইবাৰ উভতি ধৰিলে বিজেপিৰ এগৰাকী সংখ্যালঘু নেতাই । চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত জড়িত থকা ৰূপহীহাট বিধানসভা সমষ্টিৰ বিজেপি নেতা তথা প্ৰাক্তন আমছু নেতা কমৰুজ জামান সৰকাৰে মঙলবাৰে নিজ বাসগৃহত এক সংবাদ মেলৰ আয়োজন কৰি ৰকিবুল হুছেইনৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ।

চামগুৰিত ৰকিবুল হুছেইনক কিয় সকীয়নি দিলে সংখ্যালঘু বিজেপি নেতাই (ETV Bharat)

গো-মাংসক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি

গো-মাংসৰে ভোজ পাতি সংখ্যালঘুৰ ভোট আদায় কৰা বুলি বিজেপিৰ বিৰুদ্ধে ৰকিবুল হুছেইনে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত বিজেপি নেতা কমৰুজ জামান সৰকাৰে কয়, "সংখ্যালঘু লোকে কি খাব, কি নাখাব তাক লৈ সমালোচনা কৰা ৰকিবুল হুছেইন সংখ্যালঘুৰ নেতাই নহয় ।" পৰৱৰ্তী সময়ত গো-মাংসকলৈ কোনো ৰাজনীতি নকৰিবলৈ ৰকিবুল হুছেইনক সকীয়নি প্ৰদান কৰে বিজেপি নেতা কমৰুজ জামান সৰকাৰে ।

আনহাতে মিঞাৰ কাষ চাপি অগপৰ পতন হোৱাৰ দৰে এতিয়া বিজেপিৰো পতন নিশ্চিত বুলি ৰকিবুল হুছেইনে মন্তব্য কৰা বুলি উল্লেখ কৰি কংগ্ৰেছ নেতাজনক মিঞা অধ্যুষিত এলেকাত প্ৰৱেশ নকৰিবলৈয়ো আহ্বান জনায় বিজেপি নেতা কমৰুজ জামান সৰকাৰে । অন্যথা মিঞা অধ্যুষিত এলেকাত ৰকিবুল হুছেইনৰ প্ৰৱেশ নিষিদ্ধ কৰাৰো হুংকাৰ প্ৰদান কৰে বিজেপি নেতাগৰাকীয়ে । ৰকিবুল হুছেইনৰ বিৰুদ্ধে মিঞা সম্প্ৰদায়ক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰকিবুল হুছেইনক বৰ্জন কৰিবলৈ সংখ্যালঘু জনসাধাৰণক আহ্বান জনায় বিজেপি নেতা কমৰুজ জামান সৰকাৰে ।

নুৰুল হুদাই এৰিলে ৰকিবুলৰ সংগ

কেৱল এয়াই নহয় সম্প্ৰতি ৰকিবুল হুছেইনৰ সোঁহাত স্বৰূপ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাও ৰকিবুল হুছেইনৰ সংগ এৰা বুলি আন এক বিস্ফোৰক মন্তব্য কৰে বিজেপি নেতা কমৰুজ জামান সৰকাৰে । তেওঁ কয়, "উপ-নিৰ্বাচনত পুত্ৰৰ পৰাজয়ক লৈ ৰকিবুল হুছেইন চিন্তিত হৈ থকাৰ সময়তে বিধায়ক নুৰুল হুদাই ৰূপহীহাটত কৰ্মী সভাৰ নামত ভোজ-ভাত খাই বিজয় উল্লাস কৰিছে ।"

ইফালে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চামগুৰি, ৰূপহীহাট, লাহৰীঘাট আদি সমষ্টি আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে দখল কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই কংগ্ৰেছ নেতৃত্ব অধিক চিন্তিত হৈ পৰা বুলিও কটাক্ষ কৰে কমৰুজ জামান সৰকাৰে । উল্লেখ্য যে, বিজেপি নেতা কমৰুজ জামান সৰকাৰে সংবাদ মেলত কৰা মন্তব্যক লৈ ৰকিবুল হুছেইন আৰু বিধায়ক নুৰুল হুদাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :মঙহৰ ৰাজনীতি ! সাংসদ ৰকিবুলক তুলাধুনা বিজেপিৰ দুই ইছলামধৰ্মী নেতাৰ

ABOUT THE AUTHOR

...view details