অসম

assam

ETV Bharat / state

এডভাণ্টেজ আছাম সফল নে বিফল ? - SUSHMITA DEV ON ADVANTAGE ASSAM

এডভাণ্টেজ আছাম সন্দৰ্ভত অসম চৰকাৰক তীব্ৰ সমালোচনা তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেবৰ ।

Advantage Assam
এডভাণ্টেজ আছাম সফল নে বিফল (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 26, 2025, 2:50 PM IST

শিলচৰ:ৰাজ্যত অনুষ্ঠিত হৈছে এডভাণ্টেজ আছাম ২.o । দেশী-বিদেশী প্ৰতিষ্ঠান, উদ্যোগপতিয়ে অসমত বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰিছে । ইতিমধ্যে কেইবা হাজাৰ কোটি টকাৰ বুজাবুজি চুক্তিও স্বাক্ষৰ হৈছে । অৱশ্যে এডভাণ্টেজ আছাম কিমান সফল হ'ব তাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে । বিৰোধীয়েও চৰকাৰক সমালোচনা কৰা দেখা গৈছে । তাৰ মাজতে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেবে অভিযোগ কৰা মতে এডভাণ্টেজ আছাম ১.oৰ ৫০ শতাংশই অসমত বিনিয়োগ হোৱা নাই ।

সফল হৈছেনে এডভাণ্টেজ আছাম ?

এডভাণ্টেজ আছাম সফল নে বিফল (ETV Bharat)

তেওঁ কয়, "এডভাণ্টেজ আছাম ১.O ত কোৱা হৈছিল যে অসমত ১ লাখ কোটি টকাৰ বিনিয়োগ হ'ব ৷ কিন্তু ইয়াৰ ৫০ শতাংশ অসমত বিনিয়োগ হোৱা নাই । চৰকাৰী বিনিয়োগৰ বাহিৰে এতিয়ালৈকে প্ৰাইভেট বিনিয়োগকাৰীয়ে অসমত বিনিয়োগ কৰা নাই । আম্বানীয়ে কৈছিল যে অসমত ৮০ হাজাৰ যুৱক-যুৱতীক চাকৰি দিব । ক'ত হৈছে চাকৰি ?" তেওঁৰ মতে এডভাণ্টেজ আছামৰ নামত ইমান টকা খৰচ হৈছে কিন্তু অসমত যিমান পথ নিৰ্মাণৰ কাম চলি আছে ঠিকাদাৰবোৰে টকা পোৱা নাই । তেওঁ বিভিন্ন কামত নিয়োজিত ঠিকাদাৰসকলৰ প্ৰাপ্য মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় ।

চৰকাৰে বৃদ্ধি কৰা নাই চাহ শ্ৰমিকৰ মজুৰি

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতত আয়োজিত 'ঝুমইৰ বিনন্দিনী' কাৰ্যসূচীক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সুস্মিতা দেবে । তেওঁ কয়, "প্ৰধানমন্ত্ৰীৰ সন্মুখত হাজাৰ হাজৰ যুৱক-যুৱতীয়ে ঝুমুৰ নৃত্য কৰিছে । বহুত ভাল লাগিছে । কিন্তু দুখৰ কথাটো হ'ল যে আজিলৈ চাহ শ্ৰমিকৰ দিন মজুৰি বৃদ্ধি হোৱা নাই । প্ৰধানমন্ত্ৰীয়ে কৈছিল যে অসমৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব । কিন্তু ১০ বছৰ ধৰি বিজেপিয়ে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰিলে ।"

কেৱল প্ৰতিশ্ৰুতিহে দিয়ে বিজেপিয়ে

বিজেপিক আক্ৰমণ কৰি তেওঁ কয়, "নিৰ্বাচন আহিলে বিজেপিয়ে এটা প্ৰতিশ্ৰুতি দিয়ে কিন্তু সেয়া পূৰণ নকৰে । পৰৱৰ্তী নিৰ্বাচনৰ সময়ত পুনৰ আন এটা প্ৰতিশ্ৰুতি দিয়ে । তাৰ পিছত সেইটো বাদ দি আৰু এটা প্ৰতিশ্ৰুতি দিয়ে । তেওঁলোকে ভাবে মানুহে পাহৰি যায় ।"

সুস্মিতা দেবৰ মতে বৰাকত এটা বৃহৎ উদ্যোগৰ প্ৰয়োজন । তেওঁ কয়, "ইয়াত এটাই উদ্যোগ আছিল কাছাৰ কাগজ মিল । প্ৰধানমন্ত্ৰীয়ে কৈ গৈছিল যে ইয়াক পুনৰ আৰম্ভ কৰা হ'ব কিন্তু সেয়াও বন্ধ হৈ থাকিল । মানে বৰাকত বিজেপিয়ে যি কৈছিল তাৰ ওলোটা হৈ গৈছে ।"

লগতে পঢ়ক :বংগোপসাগৰৰ পৰা ব্ৰহ্মপুত্ৰলৈ অপটিকেল ফাইবাৰ ! সম্ভাৱনীয়তা অধ্যয়নৰ আহ্বান মুখ্যমন্ত্ৰীৰ - ADVANTAGE ASSAM 2

ABOUT THE AUTHOR

...view details