গোলাঘাট,২৬ মাৰ্চ:দুই সহস্ৰাধিক লোকৰ বিশাল সমদলেৰে গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে কাজিৰঙাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়িকা নন্দিতা দাসকে আদি বহু নেতাই অংশগ্ৰহণ কৰে মনোনয়ন পত্ৰ দাখিলত ৷
'২৬ ত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মন্তব্য ভূপেন বৰাৰ ৷ ৰাজ্যসভাৰ সাংসদ হৈ থকাৰ পিচতো কিয় কাজিৰঙা লোকসভা সমষ্টিত বিজেপি দলে কামাখ্যা প্ৰসাদ তাছাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বুলি প্ৰশ্ন কংগ্ৰেছৰ সভাপতিগৰাকীৰ ৷ কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী জয়ী হ'লে অসমে অধিক লাভান্বিত হ'ব বুলি কয় বৰাই ।
কাৰণ বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ৰাজ্যসভাৰ সাংসদ থাকিব আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কী লোকসভাত থাকিব । যাৰ দ্বাৰা অসম অধিক লাভান্বিত হ'ব বুলি উল্লেখ APCC ৰ সভাপতিগৰাকীয়ে কয় যে বিৰোধী দলে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিটো সমষ্টিতেই বিজয়ী কৰিবলৈ সকলো বদ্ধপৰিকৰ হৈছে ৷