গুৱাহাটী: নিজে নিজৰ প্ৰাণ ল'লে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কবিতা ডেকাই । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে কিছুদিন পূৰ্বে তেওঁৰ বাসগৃহত অভিযান চলাই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । এই ঘটনাৰ পিছত অৱসৰপ্ৰাপ্ত সঞ্চালকগৰাকীয়ে নিজৰ প্ৰাণ লোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।
জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কয়, "জালুকবাৰী পদুমবৰীত থকা বাসগৃহত আজি পুৱা ডেকাৰ মৃতদেহ ঘৰৰ ভেন্টিলেছনত চিপ লৈ ওলমি থকা অৱস্থাত পৰিয়ালৰ লোকে দেখিবলৈ পাই আৰক্ষীক খবৰ দিয়ে । লগে লগে পৰিয়ালৰ লোকে এপ'ল' এক্সেল কেয়াৰ হাস্পতালত তেওঁক ভৰ্তি কৰে যদিও হাস্পতালত চিকিৎসকে ডেকাক মৃত বুলি ঘোষণা কৰে ।"
জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনোৱা মতে, ঘটনাটো আৰক্ষীয়ে তদন্ত কৰি আছে । যোৱা ২২ জানুৱাৰীত পুনৰ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গুৱাহাটীৰ জালুকবাৰীৰ সুধাকণ্ঠ পথত থকা অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া কবিতা ডেকাৰ গৃহত তালাচী অভিযান চলাইছিল । নীতি বহির্ভূতভাৱে সাক্ষাৎকাৰ অনুষ্ঠিত কৰাকে ধৰি ধনৰ বিনিময়ত ছগৰাকী প্ৰাৰ্থীক ‘মাষ্টাৰ উইভাৰ’ পদত জালিয়াতিৰে নিযুক্তি দিয়াৰ তথ্য পোহৰলৈ অহাৰ পাছত অৱসৰপ্ৰাপ্ত সঞ্চালক কবিতা ডেকাৰ গৃহত তালাচী চলাইছিল তদাৰকী দলটোৱে ।
২০১৯-২০ চনৰ কাৰ্যকালত কবিতা ডেকাই নিযুক্তি কেলেংকাৰী কৰাৰ পাছত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ পৰৱৰ্তী সঞ্চালকে ২০২১ চনত নিযুক্তি কেলেংকাৰীৰ অভিযোগ দিছিল । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অভিযোগ দিয়াৰ পাছত আৰম্ভ হৈছিল তদন্ত প্ৰক্ৰিয়া । গোচৰ পঞ্জীয়নৰ পূৰ্বে পুংখানুপুংখভাৱে চলিছিল অভিযোগৰ তদন্ত । পৰৱৰ্তী পৰ্যায়ত কেলেংকাৰীৰ উপযুক্ত তথ্য লাভ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ।