অসম

assam

ETV Bharat / state

জৰীপ নোহোৱাকৈ থকা এন চি গাঁৱৰ বাসিন্দাই লাভ কৰিব ভূমিৰ পট্টা

অৰুণোদয় ৩.০ৰ যোগেদি জৰীপ নোহোৱা গাঁৱৰ বাসিন্দাক ভূমিৰ স্বত্ব দিয়াৰ ব্যৱস্থা । ‘স্বমিত্ৰ’ আঁচনিৰ অধীনত ড্রোনেৰে চলোৱা ছাৰ্ভেৰ পাছত দিয়া হ'ব মাটিৰ পট্টা ।

Residents of non-cadreal villages without survey will get land patta
জৰীপ নোহোৱাকৈ থকা এন চি গাঁৱৰ বাসিন্দাই লাভ কৰিব ভূমিৰ পট্টা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী:জৰীপ নোহোৱাকৈ থকা অনা-জৰীপ (নন কেড্ৰেষ্ট্রেল) গাঁৱত বাস কৰা লোকৰ বাবে ভাল খবৰ । দশক দশক ধৰি জৰীপ নোহোৱা বাবে ভূমিৰ স্বত্ব লাভ নকৰি বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ থকা লোকসকলে লাভ কৰিব মাটিৰ পট্টা । ৰাজ্য চৰকাৰৰ অভিলাষী মিছন বসুন্ধৰা ৩.০ আঁচনিয়ে জৰীপ নোহোৱাকৈ থকা গাঁওসমূহৰ ভূমি বন্দৱস্তিৰ ব্যৱস্থা কৰাৰ সুযোগ আনি দিছে ।

এইক্ষেত্রত ‘স্বমিত্ৰ’ আঁচনিৰ অধীনত ড্রোনেৰে চলোৱা ছাৰ্ভেৰ পাছত মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ কৰিব ৰাজহ বিভাগে । বসুন্ধৰা ৩.০ মুকলি কৰি দিয়া ভাষণত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি অসমত অনা জৰীপ (এন চি) গাঁৱৰ সংখ্যা আছিল ১১০০ খন । ইয়াৰে ৪০০ খন গাঁও নন কেড্ৰেষ্ট্ৰলৰ পৰা কেড্ৰেষ্ট্ৰেল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । আনহাতে লখিমপুৰ আৰু ধেমাজিৰ ৩০ খন গাঁৱক জৰীপ গাঁও হিচাপে ঘোষণা কৰা হৈছে ।

এই ৩০ খন গাঁৱত বাস কৰা লোকসকলৰ মাটিৰ আবণ্টন দিয়া হ'ব । ইয়াৰ বাবে প'ৰ্টেল মুকলি কৰা হৈছে । মুখ্যমন্ত্রীয়ে জিলা দুখনৰ জিলা আয়ুক্ত গাঁওসভা কৰি আবেদনসমূহ গ্ৰহণ কৰি ফাষ্ট ট্ৰেকৰ যোগেদি এন চি গাঁৱৰ মাটি কেড্ৰেষ্ট্ৰেল হিচাপে পট্টা দিয়াৰ কাম আৰম্ভ কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে । তদুপৰি ড্ৰোনৰ জৰিয়তে চাৰ্ভে হোৱা এন চি গাঁওসমূহক লাহে লাহে কেড্ৰেষ্ট্ৰেল হিচাপে পট্টা দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট জিলাৰ জিলা আয়ুক্তসকলক নিৰ্দেশ দিছে ।

জৰীপ নোহোৱা তথা মাটিৰ কোনো মানচিত্র নথকা গাঁৱৰ ভিতৰত শীঘ্ৰেই লখিমপুৰ আৰু ধেমাজি জিলাৰ ৩০খন গাঁৱত বাস কৰা পৰিয়ালে মাটিৰ পট্টা লাভ কৰিব । পৰ্যায়ক্ৰমে বাকী গাঁৱৰ পৰিয়ালসমূহে মাটিৰ পট্টা লাভ কৰিব । উল্লেখ্য যে জৰীপ নোহোৱাকৈ থকা এন চি গাঁওসমূহৰ মাটিৰগৰাকী নোহোৱাত জধে-মধে দখল হৈছিল । এনেদৰে জৰীপ নোহোৱাকৈ থকা গৰাকীহীন অর্থাৎ চৰকাৰী মাটিৰ যাতে ভৱিষ্যতে কোনো ধৰণৰ অপব্যৱহাৰ নহয় তাৰ বাবে মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট পক্ষক সতৰ্ক হোৱাৰ বাবে নিৰ্দেশ দিছে ।

লক্ষণীয় বিষয় যে এন চি গাঁৱত বাস কৰা লোকসকলে চৰকাৰী আঁচনি বা হিতাধিকাৰী হ'ব পৰা নাছিল । কাৰণ চৰকাৰী আঁচনিৰ লাভৰ বাবে আৱশ্যকীয় প্ৰথম চৰ্তটোৱেই হ'ল ম্যাদী মাটিৰ প্ৰয়োজনীয়তা । জৰীপহোৱা ৰাজহ গাঁৱত বাস কৰা লোকৰ মাটিৰ দাগ নম্বৰ থাকে, কিন্তু জৰীপ নোহোৱা গাঁৱৰ লোকৰ মাটিৰ হিচাপ-নিকাচ বা মানচিত্ৰই নাছিল ।

মাটি-বাৰীৰ হিচাপ, প্ৰকৃত গৰাকী কোন সেই বিষয়ে স্বাধীনতাৰ পাছৰে পৰা সমগ্ৰ ব্যৱস্থাটো বিশৃংখলিত ৰূপত আছিল । মিছন বসুন্ধৰা ৩.০ আৰম্ভ হোৱাৰ পাছত ভূমি সম্পৰ্কীয় নিষ্পত্তিহীন হৈ পৰি থকা বিষয়বোৰ ক্ৰমান্বয়ে সমাধানৰ বাট মুকলি হৈ পৰিব । বিশেষকৈ জনজাতীয় লোকৰ বসতিপ্রধান বৃহৎসংখ্যক গাঁও জৰীপ নোহোৱাকৈ থকাত এই গাঁওসমূহত বাস কৰা লোকসকল বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছিল ।

উল্লেখ্য যে ৰাজ্যত জনবসতি থকা মুঠ গাঁৱৰ সংখ্যা হৈছে ২৫,৩৭২খন । আনহাতে জৰীপ নোহোৱা গাঁৱৰ ভিতৰত ধেমাজি জিলাত সৰ্বাধিক ১০৬ খন গাঁও আছে । ইয়াৰ পাছতে লখিমপুৰ জিলাত ৯৯ খন জৰীপ নোহোৱাকৈ আছে । ৰাজহ বিভাগৰ তথ্য মতে জৰীপ নোহোৱাকৈ থকা গাঁও বৰপেটা আৰু কাছাৰত ৪৯ খনকৈ, বঙাইগাঁও, গোলাঘাট আৰু কৰিমগঞ্জত ৫ খনকৈ, হাইলাকান্দিত ১৪ খন, মাজুলী আৰু কামৰূপত ৩৯ খনকৈ, কামৰূপ মহানগৰত ৩৮খন, তিনিচুকীয়া জিলাত ৩২খন, নলবাৰী, নগাঁও আৰু গোৱালপাৰাত এখনকৈ আছে । অৱশেষত সুদীৰ্ঘ সময়ৰ পাছত জৰীপ নোহোৱা গাঁওসমূহৰ ৰাইজে ভূমিৰ স্বত্ব লাভৰ কৰাৰ পথ প্ৰশস্ত হৈছে ।

লগতে পঢ়ক:চাহ বাগিচাৰ মাটিত ঘৰ নিৰ্মাণ কৰিলে হ’ব গ্ৰেপ্তাৰ; মিছন বসুন্ধৰা ৩.০ ৰ নিয়মসমূহ জানি লওক

শীঘ্ৰেই বৃদ্ধি পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ: হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details