অসম

assam

ETV Bharat / state

কান্ধত সামগ্ৰী তুলি বানাক্ৰান্তক সাহাৰ্য বিতৰণ বিধায়কৰ - Assam Flood 2024

লাহৰীঘাট সমষ্টিৰ চৰাঞ্চলৰ বানাক্ৰান্ত ৰাইজক সাহাৰ্য বিতৰণ বিধায়ক আচিফ মহম্মদ নাজাৰৰ ৷ লাহৰীঘাট সমষ্টিৰ অৰ্ধ শতাধিক ৰাজহ গাঁৱত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 10:46 PM IST

ASSAM FLOOD 2024
বানাক্ৰান্ত ৰাইজক সাহায্য বিতৰণ (ETV BHARAT ASSAM)

ধিং, 8 জুলাই : ৰাজ্যৰ চৌদিশে এতিয়া বানৰ বিভীষিকা ৷ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া বানে লৈছে সংহাৰী ৰূপ ৷ বানৰ কবলত পৰিছে ৰাজ্যৰ লক্ষাধিক লোক ৷ ইয়াৰ মাজতে নৱগঠিত লাহৰীঘাট সমষ্টিৰ চিতলমাৰী, উলুবাৰী, ৰংৰাচাপৰি, আৰিমাৰী, ভজাইখাইতি, মদাৰগুৰি আৰু চিতলমাৰী কলনি চৰাঞ্চলকে ধৰি অৰ্ধ শতাধিক ৰাজহ গাঁৱত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ যাৰ বাবে মথাউৰিৰ লগতে ব্ৰহ্মপুত্ৰৰ মাজৰ ওখ চৰ আৰু আশ্ৰয় শিবিৰত পশুধনৰ সৈতে ৰ'দে- বৰষুণে সহৱস্থান কৰিবলগীয়া হৈছে বন্যার্তই ৷

চৰাঞ্চলৰ বানাক্ৰান্ত ৰাইজক সাহায্য বিতৰণ বিধায়কৰ (ETV BHARAT ASSAM)

ইয়াৰ মাজতে সোমবাৰে লাহৰীঘাট সমষ্টিৰ চৰাঞ্চলৰ বানাক্ৰান্ত ৰাইজক সাহাৰ্য বিতৰণ কৰে বিধায়ক আচিফ মহম্মদ নাজাৰে ৷ যন্ত্ৰচালিত নাৱেৰে চৰাঞ্চলৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি সাহাৰ্য বিতৰণ কৰে বিধায়কজনে ৷ বন্যাৰ্তক আলু, দাইল, চিৰা, পানীৰ বটল, বিস্কুট, মিঠাতেল, চেনি, নিমখ আদি প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে বিধায়ক নাজাৰে ৷ লগতে লাহৰীঘাট ৰাজহ চক্ৰ এলেকাৰ আৰমাৰি, ধুমকুৰা, ৰংৰাচাপৰি আদি বানাক্ৰান্ত চৰাঞ্চল পৰিদৰ্শন কৰে বিধায়কজনে ৷ পৰিদৰ্শন কালত বিধায়কজনে বান সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনায় ৷

উল্লেখযোগ্য যে বিগত প্ৰায় 15 দিন ধৰি বানৰ কবলত পৰা এই অঞ্চলত চৰকাৰে খাদ্য সামগ্ৰী যোগান ধৰিছিল যদিও সেয়া পৰ্যাপ্ত নাছিল বুলি অভিযোগ কৰিছে বন্যাৰ্তই ৷ ইফালে বুধবাৰৰ পৰা পানী কমিবলৈ ধৰাত বান পৰিস্থিতি সামান্য উন্নত হৈছিল যদিও শনিবাৰৰ পুৱাৰ পৰা পুনৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বূদ্ধি হবলৈ ধৰে ৷ মানুহৰ ঘৰ-চোতালৰ পানী কমিছিল যদিও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে পুনৰ জলমগ্ন কৰে ৷ সমান্তৰালভাৱে এতিয়া বাঢ়নী পানীত কৃষি পথাৰো বুৰ গৈছে অঞ্চলটোত ৷

লগতে পঢ়ক :মৰহি যোৱা শইচলৈ চাই কৃষকে টুকিছে চকুলো - Assam flood 2024

ABOUT THE AUTHOR

...view details