অসম

assam

ETV Bharat / state

অসমৰ দুই-তিনি দিনলৈ ঠায়ে ঠায়ে হ'ব বৃষ্টিপাত

শীতক আদৰিবলৈ সাজু হওঁক আপুনি । বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এক বিশেষ তথ্য । হ'ব পাৰে বৰষুণ ।

Heavy rains in Assam for two-three days
অসমৰ দুই-তিনি দিনলৈ ঠায়ে ঠায়ে হ'ব বৃষ্টিপাত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 2:23 PM IST

গুৱাহাটী:উজনিৰ পৰা নামনিলৈকে ৰাসৰ ধামখুমীয়াৰ মাজতেই ৰাজ্যত হোৱা বৰষুণে দিলেহি শীতৰ আগমনৰ বতৰা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰে হঠাৎ এজাক বৰষুণে নিম্নগামী কৰিছে পাৰাস্তম্ভ । গুৱাহাটীৰ বৰঝাৰত থকা বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, অহা দুই-তিনি দিনলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বৰষুণৰ গতিবিধি অব্যাহত থাকিব । যোৱা ২৪ ঘন্টাত অসমৰ কোনো কোনো অঞ্চলত ধুমুহা-গাজনিৰে বৰষুণ অহা পৰিলক্ষিত হয় ।

গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, সমুদ্রপৃষ্ঠৰ গড় ১.৫ কিলোমিটাৰ আৰু ৩.১ কিলোমিটাৰ ওপৰত পূব বাংলদেশ আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলত ঘূর্ণী বতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বৃষ্টিপাত আৰম্ভ হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য অনুসৰি, বৰষুণৰ প্রভাৱত স্বাভাৱিকতে পাৰাস্তম্ভ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ।

অসমৰ দুই-তিনি দিনলৈ ঠায়ে ঠায়ে হ'ব বৃষ্টিপাত (ETV Bharat Assam)

বতৰৰ আগলি বতৰা অনুসৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কোনো কোনো অঞ্চলত অহা দুই-তিনি দিনলৈ পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । শুকুৰবাৰে গুৱাহাটীৰো বিভিন্ন অঞ্চলত নিশা আঠ বজামানত এজাক বৰষুণে শীতৰ পৰশ নমাই আনে ।

অসমৰ দুই-তিনি দিনলৈ ঠায়ে ঠায়ে হ'ব বৃষ্টিপাত (ETV Bharat Assam)
অসমৰ দুই-তিনি দিনলৈ ঠায়ে ঠায়ে হ'ব বৃষ্টিপাত (Meteorological Center)

ৰাজ্যৰ ঠায়ে ঠায়ে আগন্তুক দুই-তিনি দিনলৈ বৰষুণ হ'ব যদিও সর্বনিম্ন উষ্ণতাৰ ব্যাপক তাৰতম্য নহয় বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে । বৰষুণৰ প্ৰভাৱত ধূলিৰ প্ৰকোপ আৰু বায়ু প্ৰদূষণৰ মাত্ৰা কিছু পৰিমাণে হ্ৰাস পাব বুলি আশা কৰা হৈছে । গুৱাহাটীত অহা ২৬ নৱেম্বৰৰ পৰা সৰ্বনিম্ন তাপমাত্ৰা হ্ৰাস হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰে । অহা ২৬ নৱেম্বৰৰ পৰা গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা ১৫ ডিগ্ৰীলৈ‌ হ্ৰাস পাব ।

লগতে পঢ়ক:৪০২ সংখ্যক কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

...view details