অসম

assam

কোন হ'ব বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী ?

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:35 PM IST

Lok Sabha election-2024: বৰপেটা লোকসভা সমষ্টিত বিধায়ক ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদানৰ বাতৰি প্ৰকাশৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । বঙাইগাঁও জিলাৰ বৰপাৰাত বিধায়ক ফণী ভূষণ চৌধুৰীক বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ সন্দৰ্ভত অগপ দলৰ জিলা সভাপতি বিজয় সিংহৰ সংবাদমেল । বিধায়ক ফণীভূষণ চৌধুৰীক লোকসভাত প্ৰাৰ্থিত্ব নিদিবলৈ অনুৰোধ জনাই অগপৰ নেতৃত্বক ।

Reaction to AGP candidature in Barpeta Lok Sabha constituency
কোন হ'ব বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী ?

কোন হ'ব বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী ?

বঙাইগাঁও,১ মাৰ্চ:বাজি উঠিছে লোকসভা নিৰ্বাচনৰ ৰণডংকা । অনানুষ্ঠানিকভাৱে পোহৰলৈ আহিছে সাম্ভাব্য প্ৰাৰ্থীৰ নাম । শাসকীয় দল বিজেপিয়ে মিত্ৰজোঁটৰ মাজত ইতিমধ্যে কৰিছে আসনৰ ভাগ-বাটোৱাৰা । মিত্ৰদল অগপলৈ এৰিলে দুখনকৈ আসন । ধুবুৰী আৰু বৰপেটা সংসদীয় সমষ্টিত প্ৰদান কৰা হ'ব অগপ প্ৰাৰ্থী । ইয়াৰ মাজতে বৰপেটা সমষ্টিক লৈ জিলা অগপৰ মাজত সৃষ্টি হৈছে বিভেদৰ ।

বিধায়ক ফণীভূষণ চৌধুৰীক লোকসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনীয়তা অধিক প্ৰকট হোৱাত অসন্তুোষ প্ৰকাশ কৰিছে জিলা অগপই । শুকুৰবাৰে এখন সংবাদমেলযোগে বঙাইগাঁও চহৰস্থিত বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত জিলা অগপৰ সভাপতি বিজয় সিংহই বৰপেটা লোকসভা সমষ্টিৰ বাবে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত মন্তব্য আগবঢ়ায় ।

সংবাদমেলত বঙাইগাঁও বিধানসভা সমষ্টি সমিতিৰ তৰফৰ পৰা ফণীভূষণ চৌধুৰীক প্ৰাৰ্থী হিচাপে ঘোষণা নকৰিবলৈ দলীয় নেতৃত্বক আহ্বান জনায় জিলা অগপৰ সভাপতি বিজয় সিংহই । তেওঁ লগতে কয় যে যদি বিধায়ক ফণীভূষণ চৌধুৰীক আগন্তুক লোকসভা নিৰ্বাচন প্ৰাৰ্থিত্ব প্ৰদান কৰে অগপৰ নেতৃত্বতই তেনেহ'লে নামনি অসমত অগপৰ সাংগঠনিক ভেটি ক্ষতি হোৱাৰ আশংকা ঘণীভূত ।

ইফালে বিধায়ক ফণীভূষণ চৌধুৰীয়েও পাকে প্ৰকাৰে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ ইংগিত প্ৰদান কৰা পৰিলক্ষিত হৈছে । যাৰ ফলত আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিত অগগপৰ প্ৰাৰ্থী কোন হ'ব সেয়া ৰহস্যৰ মাজত সোমাই পৰিছে । এই সন্দৰ্ভত অগপ নেতৃত্বই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব সময়ত লক্ষ্যণীয় ।

লগতে পঢ়ক:বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পূৰ্বে ডিব্ৰুগড়ত উপস্থিত সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details