গুৱাহাটী, ২৫ মে':মহানগৰীৰ বেলতলা তিনিআলিত শুক্ৰবাৰে সংঘটিত মাৰপিটৰ ঘটনাৰ পিছত আজি এই সন্দৰ্ভত এইচ এন হেল্থ নিউট্ৰিচনৰ স্বত্বাধিকাৰী অজয় সিঙে ঘটনাৰ আঁৰত কি আছিল সেই বিষয়ে ব্য়াখ্য়া কৰে । শনিবাৰে বেলতলাত এক সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাৰ বিষয়ে উল্লেখ কৰিলে এইচ এন হেল্থ নিউট্ৰিচনৰ স্বত্বাধিকাৰীগৰাকীয়ে । অজয় সিঙে কয় যে তেওঁৰ দোকানৰ সন্মুখত পদপথত কুঁহিয়াৰ ৰসৰ এখন দোকান দিছিল অসীম খাউণ্ডে । অসীম খাউণ্ডৰ একেটা বজাৰগৃহৰ ভিতৰত এখন দোকান আছে অজয় সিঙৰ দোকানখন নেদেখা কৰি পথৰ সমীপত দিছিল কুঁহিয়াৰ বিক্ৰী কৰা দোকান । ইয়াকে কেন্দ্ৰ কৰি অজয় সিঙে কামৰূপ জিলা পৰিষদ তথা বশিষ্ঠ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল । তাতেই ক্ষুণ্ণ হৈ নিজৰ ব্যৱসায় চলাবলৈ অসীম খাউণ্ডে অনা অসমীয়াই অসমীয়া ল'ৰাক ব্যৱসায় কৰিব নিদিয়াৰ সকলোকে এক বার্তা দিছিল ।
অজয় সিঙে কয় যে সেই অনুসৰি কালিও কিছু তৰ্ক-বিতৰ্কৰ পিচতে বীৰ লাচিত সেনা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ একাংশ সদস্য়ক মাতি আনিছিল অসীম খাউণ্ডে । একে সময়তে বজাৰখনত ভাস্কৰ পাটোৱাৰীৰ নেন্সী চুইটছ এন্ড ফাষ্টফুডলৈ খাদ্য় খাবলৈ আহিছিল লাচিত সেনাৰ প্ৰাক্তন সদস্য কল্যাণ ভাগৱতী আৰু তেওঁৰ সহযোগী মুনিন্দ্ৰ ডেকা । তাতেই লাচিত সেনাৰ নাম শুনি আগুৱাই যোৱা কল্যাণ ভাগৱতী আৰু লাচিত সেনাৰ দলটোৰ মাজত প্ৰথমে তৰ্ক-বিতৰ্ক হয় আৰু পিচত চূড়ান্ত ৰূপ লয় । সেই সময়তে লাচিত সেনাৰ দলটোৱে ফাষ্টফুড দোকানখন লণ্ড-ভণ্ড কৰাৰ লগতে কল্যাণ ভাগৱতী আৰু মুনিন্দ্ৰ ডেকাক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে লাচিত সেনাৰ সদস্যৰ বিৰুদ্ধে ।
অজয় সিঙে পুনৰ কয় যে সকলো জানি-বুজি পূৰ্ব পৰিকল্পিতভাৱে অজয় খাউণ্ডে অসমীয়া-অনাঅসমীয়াৰ যুঁজখনৰ সৃষ্টি কৰিলে । জিলা পৰিষদৰ মুখ্য় কাৰ্যবাহী বিষয়াই অসীম খাউণ্ডক নিজৰ কোঠাত ব্যৱসায় চলাবলৈ নিৰ্দেশ দিছিল বুলি অজয় সিঙে কয় । ইফালে, এই ঘটনাৰ পিচতে অজয় সিঙৰ ব্যক্তিগত বাহন আৰু দোকানৰ গ্লোচাইনত নিশা দুই বজাত এজন যুৱকে ইটা দলিয়াই ক্ষতিসাধন কৰা দৃশ্য বন্দী হৈছে চি চি কেমেৰাত । এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা অসীম খাউণ্ড, লাচিত সেনাৰ তন্ময় চেতিয়া, তিলক দুৱৰা, বিক্ৰম কোচ, বিশাল চৌধুৰীক আদালতত আজি হাজিৰ কৰোৱা হয় । ইয়াৰ বিপৰীতে কল্যাণ ভাগৱতী আৰু মুনিন্দ্ৰ ডেকাক আৰক্ষীয়ে এৰি দিয়ে ।