চিৰাং, ২১ জানুৱাৰী :দেওবাৰে শালঝোৰা শান্তি কমিটী পথাৰত আয়োজন কৰা হয় ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান ৷ এই অনুষ্ঠানত চিৰাঙৰ চিদলী সমষ্টীৰ ৪৮৬৫৭ জন লোকক সাঙুৰি ৯৫৭৪ টা পৰিয়ালৰ লোকক বিতৰণ কৰা হয় ৰেচন কাৰ্ড । অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই আনুষ্ঠানিকভাৱে ৰাইজৰ মাজত এইসমূহ ৰেচন কাৰ্ড বিতৰণ কৰে ।
মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে দৰিদ্ৰ লোকক বিনামূলীয়াকৈ চাউল বিতৰণৰ উদ্দেশ্যে এই ৰেচন কাৰ্ডসমূহ দিয়াৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে । যদি কোনো লোকে ৰেচন কাৰ্ডৰ নামত টকা বিচাৰে তেন্তে স্থানীয় বিধায়ক, জিলা আযুক্তক অভিযোগ দিব পাৰিব ৷ তাৰ পাচতে চৰকাৰ তথা বিভাগীয় বিষয়াসকলে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে মন্ত্ৰী গাৰ্লোচাই ।
এই অনুষ্ঠানত ৰাজ্য সভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীসহ প্ৰায় দুহেজাৰ লোকৰ সমাগম হয় । এই অনুষ্ঠানতে মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পৰা ৰেচন কাৰ্ড গ্ৰহণ কৰি ভিক্ষা কৰি খোৱা এগৰাকী বৃদ্ধাই চৰকাৰ তথা প্ৰশাসনক ধন্যবাদ জনায় ৷