অসম

assam

ৰাহুল গান্ধীয়ে উন্নয়নৰ ছবি দেখি অনুশোচনাত ভুগিব : অতুল বৰা

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 5:01 PM IST

Ration card distribution: লখিমপুৰত ৰেচন কাৰ্ড বিতৰণী অনুষ্ঠান । মন্ত্ৰী অতুল বৰা, বিধায়ক মানৱ ডেকাৰ অংশগ্ৰহণ ।

ration card distribution in lakhimpur
ৰেৰ্চন কাৰ্ড বিতৰণি অনুষ্ঠান

ৰেৰ্চন কাৰ্ড বিতৰণি অনুষ্ঠান

লখিমপুৰ,২৩ জানুৱাৰী :ৰাহুল গান্ধীক অসমলৈ স্বাগতম জনালে মন্ত্ৰী অতুল বৰাই । লখিমপুৰত মঙলবাৰে ৰেৰ্চন কাৰ্ড বিতৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীক অসমলৈ স্বাগতম জনায় ।

ৰাহুল গান্ধীক অসমলৈ স্বাগতম জনাই মন্ত্ৰী অতুল বৰাই কয় যে ৰাহুল গান্ধীয়ে অসমৰ উন্নয়ন দেখি অনুতপ্ত হ’ব । কংগ্ৰেছে আগতে এনেধৰণে উন্নয়ন কৰা হ’লে দলটোৰ এনে দুৰ্দশা নহ’লহেতেন । অসমৰ উন্নয়ন দেখি ৰাহুল গান্ধীয়ে অসমত আৰু কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ নাহে বুলি নিশ্চিত হৈ যাব ৷ মঙলবাৰে লখিমপুৰৰ বগীনদীত ৰেচন কাৰ্ড বিতৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত এই মন্তব্য কৰে ।

উল্লেখ্য যে, মঙলবাৰে লখিমপুৰৰ বগীনদীত হিতাধিকাৰীসকলৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণি অনুষ্ঠান অনুষ্ঠিত হয় । বগীনদীৰ গজাই মনাই ক্ষেত্ৰত আয়োজিত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে অসম চৰকাৰৰ কৃষি তথা খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অতুল বৰাই ।

লখিমপুৰ জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই ভাষণ প্ৰসংগত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় তথা ৰাজ্যৰ বিজেপি দলৰ চৰকাৰক ভূয়সী প্ৰশংসা কৰাৰ লগতে বিৰোধী কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় । উত্তৰ লখিমপুৰ আৰু বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৬ খন পঞ্চায়তৰ ১০৫১৭ গৰাকী হিতাধিকাৰীক আজি এই ৰেচন কাৰ্ডসমূহ বিতৰণ কৰা হয় ।

লগতে পঢ়ক :মৰিয়নীৰ সাত হাজাৰ পাঁচশ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান ৰণোজ পেগুৰ

ABOUT THE AUTHOR

...view details