নগাঁও, 25 এপ্ৰিল :কাইলৈ দেশৰ কেবাখনো ৰাজ্যৰ লগতে অসমৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্য়ায়ৰ নিৰ্বাচন ৷ এই পাঁচটা সমষ্টিৰ ভিতৰত অন্তৰ্ভূক্ত আছে নগাঁও লোকসভা সমষ্টিৰ নামো ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ এদিন পূৰ্বে নগাঁৱত সৃষ্টি হয় এক হৈ-চৈ পৰিৱেশৰ ৷
বাতৰি সন্দৰ্ভত লাভ কৰা তথ্য মতে, বুধবাৰে নিশা দলীয় কৰ্মী সমৰ্থকক লগত লৈ নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন । কাৰণ বুধবাৰে বিয়লি কংগ্ৰেছৰ ৰেলী চলি থকাৰ সময়তে মণ্ডল কংগ্ৰেছৰ এগৰাকী সভাপতিক আটক কৰে আৰক্ষীয়ে । নাম মজিবুৰ ৰহমান ৷
জানিব পৰা মতে, মণ্ডল কংগ্ৰেছৰ সভাপতি মজিবুৰ ৰহমানৰ আছে এটা ইটা ভাটা । এই ইটাৰ ভাটাটোত শিশু শ্ৰমিক থকাৰ অভিযোগতে আৰক্ষীয়ে আটক কৰে মজিবুৰ ৰহমানক । মণ্ডল কংগ্ৰেছৰ সভাপতি তথা ইটা ভাটাৰ স্বত্বাধিকাৰী মজিবুৰ ৰহমানক আৰক্ষীয়ে আটক কৰাৰ পাচতে নগাঁও সদৰ থানাত উপস্থিত হয় ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ ।
দুই কংগ্ৰেছ প্ৰাৰ্থী ক্ৰমে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ মতে মণ্ডল কংগ্ৰেছৰ সভাপতিগৰাকীক আৰক্ষীয়ে আটক কৰাত ৰহস্য গোন্ধ পাইছে । কিয়নো মজিবুৰ ৰহমানৰ বিৰুদ্ধে যি অভিযোগ উঠিছে সেয়া প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে একেমুখে নস্যাৎ কৰিছে ৷