অসম

assam

ETV Bharat / state

গ্ৰাহকৰ একাউণ্টৰ কোটি টকা সৰকালে প'ষ্টমাষ্টৰে - GOLAGHAT POSTMASTER FRAUD

মোবাইল বন্ধ কৰি পলাতক প'ষ্টমাষ্টৰ ৷ শাখা ডাকঘৰৰ সন্মুখত ক্ষুব্ধ গ্ৰাহকৰ ৰুদ্ৰৰূপ ।

GOLAGHAT POSTMASTER FRAUD
গ্ৰাহকৰ একাউণ্টৰ কোটি টকা সৰকালে প'ষ্টমাষ্টৰে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 7:57 PM IST

গোলাঘাট:গ্ৰাহকৰ ধনো ডাকঘৰত সুৰক্ষিত নহয় । কষ্টোপাৰ্জিত ধন ডাকঘৰত ৰাখিলেও সুৰক্ষিত নোহোৱাত হাহাকাৰ লাগিছে গ্ৰাহকৰ । দীৰ্ঘদিন ধৰি অলপ অলপকৈ ধন ডাকঘৰত সাচি ৰাখিলেও সময়ত এটকাও নাপালে শ শ গ্ৰাহকে । গ্ৰাহকে নিজৰ একাউন্টৰ জমা ধন উলিয়াবলৈ যোৱাৰ পিছত ওলাই পৰিল জোলোঙাৰ মেকুৰী ।

গোলাঘাটত এইবাৰ লুণ্ঠনকাৰীৰ ৰূপত প'ষ্টমাষ্টৰ । গ্ৰাহকৰ পৰা কোটি টকা লুন্ঠন কৰি পলাল ডাকঘৰৰ প'ষ্টমাষ্টৰ । অঞ্চলটোৰ বহুজনৰ একাউন্টৰ পৰা লাখে লাখে টকা লুটিলে প'ষ্টমাষ্টৰ ৰিদিপ শইকীয়াই । শুকুৰবাৰে এই ঘটনা পোহৰলৈ অহাত ভুক্তভোগীয়ে মলুৱাহাবি শাখা ডাকঘৰৰ সন্মুখত সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ ।

ধন আত্মস্য়াৎ কৰাক লৈ উত্তপ্ত গোলাঘাট (ETV Bharat Assam)

মোবাইল বন্ধ কৰি পলাতক প'ষ্টমাষ্টৰ

ডাকঘৰৰ শ শ গ্ৰাহকৰ একাউণ্টৰ পৰা কোটি টকা লুন্ঠনৰ অভিযোগ উত্থাপিত হৈছে প'ষ্টমাষ্টৰৰ বিৰুদ্ধে । সেয়েহে ডাক বিভাগৰ বিষয়াক ঘেৰাও কৰি প্ৰতিবাদ জনালে ভুক্তভোগীসকলে । এই ঘটনা পোহৰলৈ অহা পিছত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ । বৰ্তমান মোবাইল বন্ধ কৰি পলাতক অৱস্থাত আছে প'ষ্টমাষ্টৰ ৰিদিপ শইকীয়া ।

ভুক্তভোগীৰ অভিজ্ঞতা

বৃহত্তৰ অঞ্চলটোৰ ৯ খন গাঁৱৰ দৰিদ্ৰ ৰাইজৰ ধন লুটিলে প'ষ্টমাষ্টৰে । একাউন্ট পৰীক্ষা কৰাত পোহৰলৈ আহিল সমগ্ৰ তথ্য । খাটিখোৱা জনতাৰ কষ্টোপাৰ্জিত ধন হৰলুকিক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । এই সম্পৰ্কে এগৰাকী ভুক্তভোগী মহিলা গ্ৰাহকে কয়," আমাৰ কষ্টৰ ধন ১ লাখ ৮১ হাজাৰ টকা আছিল, কিন্তু আজি পৰীক্ষা কৰাত মাত্ৰ ৩ হাজাৰ টকা জমা আছে । আমি টকাখিনি ডাকঘৰত জমা থৈছিলো । আমি বিভিন্ন সময়ত ধন তুলিবলৈ আহোতে বা পাছবুক বিচাৰিলে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই ঘুৰাই পঠিয়াই প'ষ্টমাষ্টৰ ৰিদিপ শইকীয়াই । অকল মোৰে নহয় আৰু বহুতৰে জমা ধন আত্মস্য়াৎ কৰিছে ৰিদিপ শইকীয়াই । "

এই সম্পৰ্কে আন এগৰাকী ভুক্তভোগী মহিলাই চকুলো টুকি কয়," মোৰ এই ডাকঘৰৰ একাউণ্টত ১ লাখ ৪৫ হাজাৰ টকা আছিল ৷ কিন্তু প'ষ্টমাষ্টৰ ৰিদিপ শইকীয়াই প্ৰথমতে কৌশলেৰে পাছবুক ল'লে আৰু চাৰি মাহৰ পাছত পাছবুক ঘূৰাই দি মোক ডেৰলাখ টকা সম্পূৰ্ণ কৰিবলৈ কৈ অহা চাৰি-পাঁচ মাহ লেনদেন কৰিবলৈ মানা কৰে । কিন্তু বৰ্তমান মোৰ একাউণ্টত মাত্ৰ ২৪০০ টকা আছে । মোৰ একাউণ্টত থকা টকা আত্মসাৎ কৰিলে । অকল মোৰে নহয়, আমাৰ পৰিয়ালৰ কেইবাজনো সদস্যৰ টকা আত্মসাৎ কৰিছে ৰিদিপ শইকীয়াই ।"

আনহাতে, এই সমগ্ৰ ঘটনা সম্পৰ্কে স্থানীয় এজন লোকে কয়," এই ডাকঘৰৰ প'ষ্টমাষ্টৰ ৰিদিপ শইকীয়া সকলোৰে শ্ৰদ্ধাৰ । এইজনে অঞ্চলটোৰ খাটি খোৱা জনতাৰ সাচতীয়া ধন আত্মসাৎ কৰিছে, তাৰ আমাৰ বিচাৰ লাগে । গাঁৱলীয়া মানুহে ডাকঘৰৰ ওপৰত পূৰ্বৰে পৰা আস্থা আৰু বিশ্বাস ৰাখি নিজৰ সাচতীয়া ধন জমা ৰাখে, কিন্তু আজি আমাৰ এই বিশ্বাস হেৰুৱাই পেলাইছে । কাৰণ এক কোটি টকাৰ অধিক ধন আত্মসাৎ কৰিছে প'ষ্টমাষ্টৰ ৰিদিপ শইকীয়াই । অঞ্চলটোৰ প্ৰায়সংখ্যক লোকে বেংকৰ পৰা টকা আনি সুৰক্ষিত কৰি ৰখাৰ বাবে ডাকঘৰত জমা থৈছিল ৷ কিন্তু তেওঁ এই লোকসকলক ঠগ-প্ৰৱঞ্চনাৰে লুট কৰি নিলে । এই সমগ্ৰ ঘটনাৰ এক উচিত তদন্ত কৰি ভুক্তভোগীক ন্যায় প্ৰদান কৰিবলৈ আমি দাবী জনাইছো ।"

লগতে পঢ়ক:ডাকঘৰত সঞ্চয়ৰে সুৰক্ষিত কৰিবলৈ আহ্বান

জানক কেনেকৈ প্ৰতিদিনে ৩৩৩ টকা বিনিয়োগ কৰি লাভ কৰিব ১৭ লাখ টকা - Post Office RD scheme

দৈনিক মাত্ৰ 250 টকা বিনিয়োগ কৰিয়েই হ’ব পাৰে কোটিপতি ! জানক ধনী হোৱাৰ এই সূত্ৰটো - POST OFFICE SAVING SCHEME

ABOUT THE AUTHOR

...view details