অসম

assam

ETV Bharat / state

বহিঃৰাজ্যৰ চাহপাতৰ বাবে বিশ্বত বদনাম হৈছে অসমৰ ! - TEA GROWERS IN TROUBLE

Tea farmer: বহিঃৰাজ্যৰ অতি নিম্নমানৰ চাহপাত অসমৰ বটলিফ ফেক্টৰীয়ে কম মূল্যত ক্ৰয় কৰিছে । সমস্যাত পৰিছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল ।

Tea farmer
বহিঃৰাজ্যৰ চাহপাতৰ বাবে বিশ্বত বদনাম হৈছে অসমৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 14, 2024, 9:09 AM IST

যোৰহাট :অসম এখন কৃষি প্ৰধান ৰাজ্য । কৃষিৰ জৰিয়তে অৰ্থনৈতিক ভেটি সবল কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে । এই সম্ভাৱনাৰ মূল অংশ হিচাপে পৰিচিত চাহ খেতি । কিন্তু কৃষি ভিত্তিত গ্ৰাম্য অৰ্থনীতি সবল কৰাত নিজস্বভাৱে দৃঢ় পদক্ষেপ লোৱা ক্ষুদ্র চাহ খেতিয়কসকল সম্প্ৰতি সংকটৰ সন্মুখীন হৈছে । বিশেষকৈ পোনপটীয়াভাৱে জড়িত থকা দুই লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰভাৱিত হৈছে । নিৱনুৱা সমস্যা সমাধান আৰু স্বাৱলম্বনৰ পথ দেখুওৱা এইসকল ক্ষুদ্র চাহ খেতিয়কক উদ্বিগ্ন কৰি তুলিছে । যাৰ বাবে সমাধান বিচাৰি হাহাকাৰ কৰিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল । কিন্তু এই সমস্যাৰ কাৰণ কি ?

ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা

ইয়াৰ মূলতে আছে বটলিফ ফেক্টৰীৰ মুনাফা আৰু চৰকাৰৰ ব্যৰ্থতা । চাহৰ উৎপাদনত ৫২ শতাংশ অৱদান আগৱঢ়োৱা ক্ষুদ্ৰ চাহ খেতিকৰ বাবে বৰ্তমান হেঙাৰ হৈ পৰিছে বহিঃৰাজ্যৰ চাহপাত । বিশেষকৈ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডত কোনো চাহ ব'ৰ্ডৰ কাৰ্যালয় নথকা আৰু কোনো সজাগতা ব্যৱস্থা নথকাৰ বাবে তাত উৎপাদিত চাহত অত্যধিক পৰিমাণৰ কীটনাশক ব্যৱহাৰ কৰা হৈছে । যাৰ ফলত সেই দুখন ৰাজ্যত উৎপাদিত কেঁচা চাহপাতেৰে অসম ভৰি পৰিছে আৰু অতি কম দামত অসমৰ বটলিফ ফেক্টৰীসমূহে এই চাহপাত ক্ৰয় কৰিছে । ফলত অসমত উৎপাদিত অধিক গুণাগুণযুক্ত চাহপাতৰ দাম কমিবলৈ আৰম্ভ কৰিছে ।

বহিঃৰাজ্যৰ চাহপাতৰ বাবে বিশ্বত বদনাম হৈছে অসমৰ (ETV Bharat)

এনে পৰিস্থিতিত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা উদ্বিগ্ন হৈ পৰিছে । এই ক্ষেত্ৰত সন্থাৰ ৰাজ্যিক সভাপতি ৰাজেন বৰাই কয় যে অৰুণাচল আৰু নাগালেণ্ডত উৎপাদিত কেঁচা চাহপাতে তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, চৰাইদেউ, গোলাঘাট, শিৱসাগৰ আদি জিলাৰ ক্ষুদ্র চাহ খেতিয়কসকলক যথেষ্ট ক্ষতি কৰিছে । দুয়োখন পাহৰীয়া ৰাজ্যৰ কেঁচা চাহপাত অসমৰ বটলিফ ফেক্টৰীসমূহে কম মূল্যত ক্ৰয় কৰাৰ ফলত অসমৰ ক্ষুদ্র চাহ খেতিয়কসকলেও কম দামতে কেঁচা চাহপাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে ।

আন্দোলনত নামিব ক্ষুদ্ৰ চাহ খেতিয়ক

সভাপতিগৰাকীয়ে কয়, "চাহ ব'ৰ্ডৰ সকলো নীতি নিয়ম উলংঘা কৰি দুয়োখন ৰাজ্যৰ খেতিয়কে কেঁচা চাহপাত অসমত বিক্ৰী কৰিছে আৰু অধিক মুনাফাৰ আশাত বটলিফ ফেক্টৰীসমূহেও এই চাহপাতকে ক্ৰয় কৰিছে । ইয়াৰ বাবে বিশ্বত সুনাম থকা অসমৰ চাহৰ মান হ্ৰাস পাইছে ।" সেয়েহে অসমৰ চাহৰ গুণগত মানক লৈ হেতালি খেলা বটলিফ ফেক্টৰীসমূহক শীঘ্ৰে নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই । যদি তেনে কৰা নহয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই শীঘ্ৰে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সন্থাৰ ৰাজ্যিক সভাপতি ৰাজেন বৰাই জনাইছে ।

লগতে পঢ়ক :অমৃতকালত এম্বুলেন্স নাই: মৃতদেহ ঘৰলৈ নিবলগা হ'ল টেম্প'ৰে

ABOUT THE AUTHOR

...view details