ETV Bharat / state

আকাশ চুবলৈ হেঁপাহ মাজুলীৰ বিৰিঞ্চিৰ; কিন্তু সমুখত বাধাৰ প্ৰাচীৰ - 9YEARS OLD BOY FROM MAJULI

মাজুলীৰ ৯ বছৰীয়া এটি কিশোৰ ৷ ৰাজ্যৰ বাহিৰৰ ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণৰ বাবে দেখা দিছে আৰ্থিক সংকটে ৷

9 years old child from Majuli is busy practicing dance for a reality show
আকাশ চোৱাৰ হেঁপাহ মাজুলীৰ বিৰিঞ্চিৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 23, 2024, 4:57 PM IST

মাজুলী : আকাশ চোৱাৰ মন ৯ বছৰীয়া বিৰিঞ্চি কুমাৰ শৰ্মাৰ । মাজুলীৰ এই ৯ বছৰীয়া কিশোৰটিয়ে নৃত্যৰ জৰিয়তে মন মোহিছে দৰ্শকৰ ৷ মাজুলী ৰতনপুৰ গাঁৱৰ নিবাসী কৃষ্ণ শৰ্মা আৰু চুমী দেৱীৰ সন্তান বিৰিঞ্চিয়ে নৃত্যৰ জৰিয়তে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান ৷

শেহতীয়াকৈ ডাঞ্চ ইণ্ডিয়া ডাঞ্চ আৰু ডুবাইৰ এক ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণৰ বাবে বিৰিঞ্চিয়ে নৃত্যৰ অনুশীলন কৰি আছে ৷ কিন্তু মাজুলীৰ কিশোৰগৰাকীয়ে ডুবাইৰ এক ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণত এতিয়া আহি পৰিছে কিছু বাধা ৷ কিয়নো ডুবাইলৈ যাবলৈ কিশোৰগৰাকীক প্ৰয়োজন ধনৰ ৷ আৰ্থিক দিশটোৰ বাবে এতিয়া চিন্তাত পৰিছে বিৰিঞ্চি কুমাৰ শৰ্মাৰ পৰিয়ালটো ৷

আকাশ চোৱাৰ হেঁপাহ মাজুলীৰ বিৰিঞ্চিৰ (ETV Bharat)

বিৰিঞ্চি কুমাৰ শৰ্মাৰ পিতৃ কৃষ্ণ শৰ্মাই কয়, ‘‘মই এটা সাধাৰণ চাকৰি কৰি আছো ৷ এই চাকৰিটো কৰিয়েই যিমান পাৰো মই তাক আগুৱাই নি আছো ৷ কিন্তু টকা-পইচাৰ ক্ষেত্ৰত কেতিয়াবা বাধা আহি পৰে ৷ মই যিমান দূৰলৈ পাৰো নি আছো ৷ কিন্তু ডুবাইলৈ যাবলৈ মই অসমৰ্থ ৷ সেয়ে ৰাইজৰ সহায় সহযোগ কামনা কৰিছো ৷’’

জানিব পৰা মতে, ১৯ নং বাঘৰ গাঁও প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত বিৰিঞ্চিয়ে ৩ বছৰ বয়সৰ পৰা নিজে ঘৰতে নৃত্য চৰ্চা আৰম্ভ কৰিছিল । কিশোৰজনৰ নৃত্যৰ প্ৰতি হাবিয়াস থকা দেখি ঘৰৰ মানুহে যোৱা ২বছৰৰ আগতে এজন নৃত্য শিক্ষকৰ কাষ চাপে ৷ তেতিয়াৰ পৰা তেওঁ নৃত্যৰ শিক্ষা গ্ৰহণ কৰে ।

ইতিমধ্যে এইগৰাকী কিশোৰজনে মাজুলীৰ লগতে গুৱাহাটী, ধেমাজি, লখিমপুৰ, শিৱসাগৰ আদিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত নৃত্য পৰিৱেশন কৰিছে ।

লগতে পঢ়ক : অংগনৱাড়ীত নাম পঞ্জীয়ন কৰি ছানী লিয়নীয়ে লৈছে চৰকাৰী আঁচনিৰ সুবিধা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.