মাজুলী, ২৭ ছেপ্টেম্বৰ:আজি বিশ্ব পৰ্যটন দিৱস । সমগ্ৰ বিশ্বৰ লগতে অসমতো এই দিৱস পালন কৰিছে পৰ্যটন বিভাগ তথা পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠানে । বিশ্বৰ বিভিন্ন প্ৰান্তৰ সামাজিক, সাংস্কৃতিক তথা সমাজৰ বিভিন্ন উপাদান সামৰি একগোট কৰাৰ উদ্দেশ্যৰে তথা নিজা নিজা সংস্কৃতি অন্য ঠাইৰ সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে পালন কৰা হয় এই দিৱস ।
এই বিশ্ব পৰ্যটন দিৱসৰ দিনাই মাজুলীত দেখা গৈছে এখন দুখলগা ছবি । ২০১৮/১৯ বৰ্ষত মাজুলীৰ পৰ্যটনৰ উন্নয়নৰ বাবে অনুমোদিত ৬০ কোটি টকীয়া অভিলাষী আঁচনিৰ বিধ্বস্ত ৰূপ । ভূতবাংলাত পৰিণত মাজুলী শালমৰাৰ মৃৎশিল্প গাঁও, জেংৰাইমুখৰ জনজাতি থিম ভিলেজ, নতুন চামগুৰি সত্ৰৰ ৱুডহাট পৰ্যটন প্ৰকল্প । কোটি কোটি টকা ৰাজকোষৰ পৰা ব্যয় কৰি নিৰ্মাণ কৰা পৰ্যটন ক্ষেত্ৰৰ বিধ্বস্ত ৰূপ দেখি সকলো আচৰিত ।
মাজুলীলৈ পৰ্যটক আহি থাকিবলৈ ভাল ব্যৱস্থা নাপাই উভতি যায়, কিন্তু চৰকাৰী পৰ্যটন গৃহৰ আজি এই অৱস্থা । এনেদৰে এটা চৰকাৰী পৰ্যটন গৃহ জহি খহি যোৱাটো মাজুলীবাসীৰ বাবে দুৰ্ভাগ্যজনক কথা । কিয়নো বিশ্বৰ পৰ্যটন ক্ষেত্ৰৰ ভিতৰত অন্যতম এক আৰ্কষণীয় স্থান হৈছে সত্ৰপীঠ মাজুলী । মাজুলীৰ কলা-সংস্কৃতি, মাজুলীৰ পৰিৱেশে বিভিন্নজনক আকৰ্ষণ কৰে ।