অসম

assam

ETV Bharat / state

পঞ্চায়ত নিৰ্বাচন: ২৬ ৰ ছেমিফাইনেল হিচাপে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী - ASSAM PANCHAYAT ELECTION

পঞ্চায়তৰ নিৰ্বাচনী যুঁজত পৃথকে পৃথকে অৱতীৰ্ণ হোৱাৰ বাবে সাজু ৰাজনৈতিক দলসমূহ । জিলা পৰ্যায়ত প্রয়োজন অনুসৰি মিত্ৰদলৰ লগত বুজাবুজিৰ বাবে প্ৰস্তুত বিজেপিৰ দৰে কংগ্ৰেছো ।

Assam Panchayat Election
২৬ৰ ছেমিফাইনেল হিচাপে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 4:10 PM IST

গুৱাহাটী :উপ-নির্বাচনৰ পাছত এইবাৰ ৰাজ্যত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা । শেহতীয়াকৈ হোৱা কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নির্বাচন ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা সদৰি কৰে । ডিচেম্বৰৰ আগতে ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব । ভোটাৰ তালিকা প্ৰকাশ পালে ১০ ফেব্ৰুৱাৰীৰ আগতে পঞ্চায়ত নিৰ্বাচন সমাপ্ত কৰা হ'ব ।

জানুৱাৰীৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব আৰু দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । পঞ্চায়ত নিৰ্বাচন হৈছে গণতান্ত্রিক ব্যৱস্থাৰ একেবাৰে তৃণমূল পৰ্যায়ৰ লগত সম্পর্কিত । গতিকে ইয়াকে লৈ সাধাৰণ ৰাইজৰ মাজত নির্বাচনকেন্দ্রিক তৎপৰতা বৃদ্ধি হয় ।

লক্ষণীয় বিষয় যে অসমত বিগত বর্ষতে পঞ্চায়তৰ কাৰ্যকাল উকলি যায় । এনে ক্ষেত্ৰত চৰকাৰে নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰিব তাকে লৈ ৰাইজৰ মাজত উৎসুকতা বৃদ্ধি পোৱাৰ সময়তে অৱশেষত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ তৎপৰতা আৰম্ভ কৰাত ৰাজনৈতিক দলসমূহৰ সক্ৰিয়তা বৃদ্ধি পাইছে । সাধাৰণতে পঞ্চায়তৰ দৰে স্থানীয় নিৰ্বাচনত শাসকীয় দলৰেই প্ৰভাৱ অধিক হয় । কিন্তু অসমত এইবাৰৰ পঞ্চায়ত নিৰ্বাচনক বিৰোধী দলবোৰে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ছেমিফাইনেল ৰূপে গ্ৰহণ কৰিছে ।

উল্লেখ্য যে মাত্ৰ ডেৰ বছৰ পাছত ৰাজ্যত বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব । বিধানসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উপ-নির্বাচনত বিৰোধী দলসমূহে শাসক পক্ষৰ বিৰুদ্ধে পূর্ণ শক্তিৰে অৱতীৰ্ণ হৈছিল । উপ-নির্বাচনৰ দৰে পঞ্চায়ত নিৰ্বাচনটো বিৰোধীয়ে পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি চলাইছে । যিহেতু পঞ্চায়ত নির্বাচন একেবাৰে তৃণমূল পৰ্যায়ৰ নিৰ্বাচন সেয়েহে তৃণমূলত ভেটি শক্তিশালী কৰাৰ বাবেই বিৰোধীয়ে পঞ্চায়ত নিৰ্বাচনত ৰাইজক চৰকাৰ বিৰোধী স্থিতিত উপনীত কৰোৱাৰ লক্ষ্য স্থিৰ কৰিছে ।

সমান্তৰালভাৱে শাসক পক্ষয়ো নিৰ্বাচনক লৈ ইতিমধ্যে কঁকালত টঙালি বান্ধিছে । অৱশ্যে পঞ্চায়ত নির্বাচনত বিৰোধী দলবোৰে ঐক্যবদ্ধ হৈ অৱতীৰ্ণ হ'ব নে নাই সেয়া এই পর্যন্ত নিশ্চিত হোৱা নাই । তথাপি অধিকাংশ দলেই যে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়াও ইতিমধ্যে স্পষ্ট হৈছে ।

পঞ্চায়তত মিত্রতাৰ পক্ষপাতি নহয় বিজেপি :

লক্ষণীয় বিষয় যে ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ মিত্ৰজোঁটে পঞ্চায়ত নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ সম্ভাৱনা প্রকাৰান্তৰে নাকচ কৰে । মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে সদৰী কৰিছে যে ৰাজ্যিক পৰ্যায়ত কোনো মিত্ৰতা নহয় । জিলা পৰ্যায়ত ক'ৰবাত প্রয়োজন হ'লে হ'ব পাৰে । মুখ্যমন্ত্রীৰ বক্তব্য অনুসৰি ৰাজ্যিক পৰ্যায়ত এটাই সিদ্ধান্ত লোৱা হয় । সেইটো হ'ল মিত্ৰতাত থকা দলবোৰে যাতে পঞ্চায়তত প্ৰচাৰৰ সময়ত বন্ধুত্বপূর্ণভাৱে প্রতিদ্বন্দ্বিতা কৰে । কাৰো বিৰুদ্ধে যাতে কোনেও একো নকয় । মুখ্যমন্ত্রীৰ এনে বক্তব্যৰ পৰা এইটো স্পষ্ট যে পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু অগপই পৃথকে পৃথকে অৱতীৰ্ণ হ'ব ।

বিজেপিৰ ৰাজ্যিক সভাপতিৰ প্ৰতিক্ৰিয়া :

আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নির্বাচনী প্ৰস্তুতিৰ সন্দৰ্ভত কয়, "ডিচেম্বৰৰ প্ৰথমতেই নিৰ্বাচন সমিতিবোৰ গঠন কৰা হ'ব । ১০ ডিচেম্বৰৰ ভিতৰত কর্মীসভাও অনুষ্ঠিত কৰা হ'ব । তদুপৰি দলৰ সাংগঠনিক যিবোৰ কাম-কাজ নিয়মমাফিক চলি আহিছে, সেইবোৰ অধিক ত্বৰান্বিত কৰা হ'ব ।" লক্ষণীয় বিষয় যে বিজপিৰ প্ৰাৰ্থী বাছনিৰ প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ হৈছে ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া :

ইফালে বিৰোধী শিবিৰতো প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া আৰম্ভ হৈছে । কংগ্ৰেছতো আৰম্ভ হৈছে প্রার্থী বাছনি প্রক্রিয়া । দলৰ সকলো বিধায়ক, বিধায়ক নথকা সমষ্টিবোৰত নির্দিষ্ট দায়িত্ববাহীসকলক উপযুক্ত প্ৰাৰ্থীৰ সন্ধান চলোৱাৰ দায়িত্ব অর্পণ কৰা হৈছে ।

এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই কয়, "উপযুক্ত প্ৰাৰ্থীৰ সন্ধান ইতিমধ্যে আৰম্ভ হৈছে । অৱশ্যে বহু পঞ্চায়তৰ সীমা অদ্যাপি চূড়ান্ত হোৱা নাই । তথাপি প্ৰাৰ্থীৰ সন্ধান চলোৱা হৈছে । উপযুক্ত প্রার্থী তালিকাও প্রস্তুতৰ কাম চলি আছে । ইয়াৰ লগতে সাংগঠনিক সভাবোৰো অনুষ্ঠিত কৰা হৈছে । ৰাইজৰ মাজত বিজেপি চৰকাৰ বিৰোধী বতাহ কেতিয়াবাই সৃষ্টি হৈছে । গতিকে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত যাতে তাৰ প্ৰতিফলন ঘটে, সেই লক্ষ্যৰে আমাৰ কাম চলিছে । মুঠতে পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি সাজু হৈছো ।"

জিলা পৰ্যায়ত মিত্রতাৰ পোষকতা ভূপেন বৰাৰ :

ইফালে উপ-নিৰ্বাচনৰ দৰে পঞ্চায়ত নিৰ্বাচনো কংগ্ৰেছ দলে অকলে খেলাৰেই ইংগিত দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । তেওঁৰ মতে পঞ্চায়ত নিৰ্বাচনত মিত্রতাৰ ক্ষেত্রত যথেষ্ট জটিলতা আছে । তেওঁ কয়, "অসমভিত্তিত পঞ্চায়তৰ আসন বুজাবুজি কৰাটো সম্ভৱ নহয় । সমষ্টি ভিত্তিত আমি বুজাপৰা কৰিবলৈ চেষ্টা কৰিম । পঞ্চায়ত নিৰ্বাচনত মিত্রতা কৰাত সমস্যা আছে । জিলা পৰ্যায়ত কৰিব পৰা যাব । বিজেপি বিৰোধী সমভাৱ সম্পন্ন দলৰ সৈতে জিলাসমূহে ক'ৰবাত বুজাপৰা কৰে কৰিব পাৰিব । ৩০ নৱেম্বৰৰ ভিতৰত ধেমাজিত আমাৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠক হ'ব । সেই বৈঠকত পঞ্চায়ত নিৰ্বাচনৰ ৰূপৰেখা প্ৰস্তুত কৰা হ'ব ।"

বিশেষভাৱে তৎপৰ অগপ :

বিজেপিৰ মিত্রদল অগপই জিলা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে । দলটোৰ জিলা সমিতিবোৰে আঞ্চলিক সমিতিৰ সহযোগত পঞ্চায়ত পৰ্যায়ত সাংগঠনিক সভা আৰম্ভ কৰিছে । ইয়াৰ সমান্তৰালকৈ উপযুক্ত প্রার্থী তালিকা প্রস্তুতৰ কামো দলটোৱে আগবঢ়াইছে ।

বিজেপিক ৰুধিবলৈ ঐক্যবদ্ধ বিৰোধী শক্তিৰ পোষকতা লুৰীণজ্যোতি গগৈৰ :

আনহাতে বিৰোধী দলবোৰৰ ভিতৰত অসম জাতীয় পৰিষদে জিলা সমিতিবোৰৰ লগত ইতিমধ্যে কেইবাখনো সভা অনুষ্ঠিত কৰিছে । দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "পঞ্চায়ত নিৰ্বাচনত আমি শক্তিশালী ৰূপত প্রতিদ্বন্দ্বিতা কৰিম । সেই কাৰণে জিলা পৰ্যায়ত আমাৰ আলোচনাবোৰ অনুষ্ঠিত হৈছে । উপযুক্ত প্রার্থী বাছনি কৰিবলৈ জিলাবোৰক দায়িত্ব দিয়া হৈছে । বিজেপিক পৰাভূত কৰিবলৈ আমি সৰ্বশক্তিৰে পঞ্চায়ত নির্বাচনত অৱতীৰ্ণ হ'ম ।" বিজেপিক প্ৰত্যাহ্বান জনাবলৈকে লুৰীণজ্যোতি গগৈয়ে ঐক্যবদ্ধ বিৰোধী শক্তিৰো পোষকতা কৰিছে ।

প্ৰস্তুতি চলাইছে ৰাইজৰ দল আৰু এ আই ইউ ডি এফ দলে :

ৰাইজৰ দলেও নিৰ্দিষ্ট একাংশ বিধানসভা সমষ্টিত পঞ্চায়ত নির্বাচনকেন্দ্রিক সাংগঠনিক সভা অনুষ্ঠিত কৰাটো অব্যাহত ৰাখিছে । একেদৰে এ আই ইউ ডি এফয়ে বহুদিন আগৰ পৰাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰা বুলি সদৰি কৰে বিধায়ক তথা দলৰ সাংগঠনিক সাধাৰণ সম্পাদক আমিনুল ইছলামে । তেওঁ কয়, "গাঁও পঞ্চায়ত আৰু বুথ পৰ্যায়ত একাংশ সমষ্টিত আমাৰ নিয়মীয়াকৈ সাংগঠনিক সভা আৰু অন্যান্য কাম-কাজ চলি আছে । আভ্যন্তৰীণভাৱে প্রার্থী বাছনিৰ কামো আমাৰ চলিছে । আমি শক্তিশালীভাৱে নির্দিষ্ট একাংশ সমষ্টিত পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ম ।"

লগতে পঢ়ক :বিফলতা অহা দিনৰ সফলতাৰ বুনিয়াদ : কি প্ৰসংগত ক'লে মুখ্যমন্ত্রীয়ে

ABOUT THE AUTHOR

...view details