তেজপুৰ, ১৬ জুলাই :তেজপুৰ চহৰত অনুষ্ঠিত এখন বিয়া এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ জোৰোন আৰু বিয়া একেদিনাই অনুষ্ঠিত কৰি বেদৰ মন্ত্ৰৰে, সম্পূৰ্ণ হিন্দু ধর্মৰ নিয়মৰ মাজেৰে দৰাই আদৰিলে এগৰাকী বিদেশী কইনাক ৷
বিয়াখনৰ কইনাক চাবলৈ উদগ্ৰীৱ হ’ল সকলো ৷ কাৰণ কইনাৰ ঘৰ প’লেণ্ডত ৷ সেয়েহে নিশালৈকে বিয়াখন চাবলৈ অপেক্ষা কৰিলে সকলোৱে । সুদূৰ প’লেণ্ডৰ এগৰাকী যুৱতীৰ লগত অনলাইনযোগে অৰ্থাৎ ফেচবুকৰ জৰিয়তে চিনাকি হৈ অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল তেজপুৰৰ এজন যুৱক ।
সোমবাৰে তেজপুৰ কেতেকীবাৰীৰ জিষ্ণু প্ৰতীম নামৰ যুৱকজনৰ লগত বিবাহপাশত আৱদ্ধ হ ’ল প’লেণ্ডৰ মেন্দোলিনা নামৰ যুৱতীগৰাকী ৷ ধুম-ধামেৰে বিবাহখন অনুষ্ঠিত হয় দৰাৰ তেজপুৰ কেতেকীবাৰীস্থিত নিজা বাসভৱনত ৷ প’লেণ্ডৰ শাহুৱে হিন্দু ধৰ্মৰ পৰম্পৰা মতে আদৰিলে জোঁৱাইক ৷
উল্লেখ্য যে মেন্দোলিনা নামৰ যুৱতীগৰাকীৰ লগত ২০১২ চনত ফেচবুকৰ জৰিয়তে চিনাকি হয় জিষ্ণু প্ৰতীম । তাৰ পিচত এবাৰ জিষ্ণু প্ৰতীমৰ ঘৰলৈ আহে প’লেণ্ডৰ যুৱতীগৰাকী ৷ পৰৱৰ্তী সময়ত জিষ্ণু প্ৰতীমলৈ বিয়া হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে মেন্দোলিনাই ৷