অসম

assam

ETV Bharat / state

বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ দুখনকৈ হোটেলত আৰক্ষীৰ অভিযান - BYE ELECTION 2024

উপ-নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘন্টাহে বাকী । চলিল আৰক্ষীৰ এক বিশেষ অভিযান ৷

Police raid at business establishment of Congress candidate Jayanta Bora from Behali constituency
বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ দুখনকৈ হোটেলত আৰক্ষীৰ অভিযান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 10:57 PM IST

বিশ্বনাথ/তেজপুৰ: উপ-নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘন্টাহে বাকী । তেনে সময়তে চলিল আৰক্ষীৰ এক বিশেষ অভিযান ৷ বিহালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ মালিকানাধীন দুখনকৈ হোটেলত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে মঙলবাৰে নিশা চলালে দীৰ্ঘসময়জুৰি তালাচী অভিযান ৷

বিশ্বনাথ চাৰিআলিত অৱস্থিত হোটেল ৰয়েল পেলেচ আৰু হোটেল ৰয়েল আবাসত হঠাতে মঙলবাৰে নিশা দলে-বলে আহি উপস্থিত হয় বিশ্বনাথ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী ৷ বিশ্বনাথৰ জিলা অতিৰিক্ত আয়ুক্তৰ উপস্থিতিত কেবা ঘণ্টাজুৰি দুয়োখন হোটেলতে চলোৱা হয় এই অভিযান ।

বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ দুখনকৈ হোটেলত আৰক্ষীৰ অভিযান (ETV Bharat Assam)

আৰক্ষী সুত্ৰই প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ এক অভিযোগ লাভ কৰাৰ বাবেই এই অভিযান চলোৱা হৈছে ৷ নিজৰ মালিকানাধীন দুয়োখন হোটেলত কংগ্ৰেছৰ নেতা-কৰ্মীসকলক ৰাখি ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ ধনৰ লেন দেন কৰাৰ সন্দেহত এই অভিযান চলোৱা বুলি প্ৰকাশ কৰে আৰক্ষীয়ে ।

জয়ন্ত বৰাৰ হোটেলত আৰক্ষীৰ তন্ন তন্ন তালাচী (ETV Bharat Assam)

আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছে যদিও বাতৰি লেখা সময়লৈকে কোনো যোগাযোগ হোৱা নাই । ই টিভি ভাৰতে প্ৰাৰ্থী জয়ন্ত বৰাক ফোন যোগে সবিস্তাৰে এই বিষয়ে জানিবলৈ চেষ্টা কৰে যদিও তেওঁ ফোন গ্ৰহণ কৰাৰ পৰা বিৰত থাকে । মন কৰিবলগীয়া যে সোমবাৰেও বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ মালিকানাধীন চাহ বাগিচাৰ কাৰখানাতো আৰক্ষীয়ে অভিযান চলাইছিল ।

তাৎপৰ্যপূৰ্ণ যে সৌ সিদিনালৈকে বিজেপিত থাকি অৱশেষত টিকট বঞ্চিত হৈ নিশাটোৰ ভিতৰতে বিজেপি ত্যাগ কৰিছিল জয়ন্ত বৰাই ৷ আনকি কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগ নিদিয়াকৈয়ে কংগ্ৰেছ দলে তেওঁক আগবঢ়াইছিল বিহালীৰ প্ৰাৰ্থিত্ব ৷ যি ঘটনাত ক্ষুব্ধ হৈ অসম সন্মিলিত মঞ্চই কংগ্ৰেছক এঘৰীয়া কৰে আৰু বিৰোধী ঐক্যৰ সহায় অবিহনে কংগ্ৰেছে একক শক্তিৰেই নামিবলগীয়া হয় বিহালীৰ উপ-নিৰ্বাচনত ৷

লগতে পঢ়ক:সাহিত্য সভাৰ সভাপতি পদত নাথাকিলেও কাম কৰি যাব পাৰি: ডঃ ভীমকান্ত বৰুৱা

নিৰ্বাচন আয়োগৰ স্থিতি অত্যন্ত দুৰ্ভাগ্যজনক: ভূপেন বৰা

ABOUT THE AUTHOR

...view details